spot_img
32 C
Guwahati
Monday, September 27, 2021
spot_img
Homeআন্তঃৰাষ্ট্ৰীয়সংক্ৰমণ অব্যাহত : ক’ভিডৰ বিৰুদ্ধে আন এক পদক্ষেপ আমেৰিকাৰ

সংক্ৰমণ অব্যাহত : ক’ভিডৰ বিৰুদ্ধে আন এক পদক্ষেপ আমেৰিকাৰ

ৱাশ্বিংটন : আমেৰিকাতো অব্যাহত আছে ক’ভিড সংক্ৰমণ। এনে পৰিপ্ৰেক্ষিতত ইয়াৰো মোকাবিলা কৰিবলৈ দেশখনে নতুন পদক্ষেপ গ্ৰহণ কৰিছে। এই মহামাৰীৰ বিৰুদ্ধে যুঁজ কৰাৰ বাবে প্ৰতিষেধক গ্ৰহণেই একমাত্ৰ অস্ত্ৰ হিচাপে চিহ্নিত হৈছে। দুপালি ক’ভিড প্ৰতিষেধক গ্ৰহণ কৰিলেই এজন লোকৰ সম্পূৰ্ণ টিকাকৰণ কৰা বুলি ধৰা হয় যদিও শেহতীয়াকৈ একাধিক দেশে প্ৰতিষেধকৰ তৃতীয় পালি বুষ্টাৰ হিচাপে দিয়াৰ পদক্ষেপো গ্ৰহণ কৰিছে।

প্ৰথমে ইজৰাইল আৰু এতিয়া আমেৰিকাই এই পদক্ষেপ গ্ৰহণ কৰিছে। কালি আমেৰিকাই অতিৰিক্ত এপালি ক’ভিড প্ৰতিষেধক প্ৰদানত অনুমোদন জনায়। প্ৰতিৰোধ ক্ষমতা কম থকা লোকক এই অতিৰিক্ত পালি ক’ভিড প্ৰতিষেধক প্ৰদান কৰিব দেশখনে। দেশখনত ক’ভিডৰ ডেল্টা সংক্ৰমণৰ সৈতে যুঁজ চলি থকাৰ মাজতে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।

আমেৰিকাৰ ‘ফুড এণ্ড ড্ৰাগছ এডমিনিষ্ট্ৰেচন’ (এফডিএ)-এ ফাইজাৰ বায়’টেক আৰু মডেৰ্না ভেকচিনৰ তৃতীয় পালি প্ৰদান কৰাৰ বাবে জৰুৰী অনুমোদন প্ৰদান কৰিছে। এফ ডি এৰ আয়ুক্ত জেনেট উডককে এক বিজ্ঞপ্তিৰ জৰিয়তে এইকথা সদৰি কৰে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
haze
32 ° C
32.4 °
32 °
66 %
2.1kmh
40 %
Mon
34 °
Tue
32 °
Wed
27 °
Thu
31 °
Fri
31 °

Watch latest Movies & TV Series on Prag Play

Most Popular