spot_img
28 C
Guwahati
28 C
Guwahati
বৃহস্পতিবাৰ, ডিচেম্বৰ 9, 2021
Homeব্ৰেকিং নিউজ‘যোগী’ময় উত্তৰ-প্ৰদেশ,পাঠ্যক্ৰমৰ পৰা প্ৰত্যাহাৰ ৰবীন্দ্ৰনাথ, ৰাধাকৃষ্ণণৰ লেখা

‘যোগী’ময় উত্তৰ-প্ৰদেশ,পাঠ্যক্ৰমৰ পৰা প্ৰত্যাহাৰ ৰবীন্দ্ৰনাথ, ৰাধাকৃষ্ণণৰ লেখা

উত্তৰ প্ৰদেশঃ উত্তৰ প্ৰদেশত দ্বাদশ শ্ৰেণীৰ পাঠ্যপুথিৰ পৰা প্ৰত্যাহাৰ কৰা হৈছে কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ গল্প। উল্লেখ্য যে, চলিত বৰ্ষৰ পৰা দশম আৰু দ্বাদশ শ্ৰেণীৰ ইংৰাজী বিষয়ত এনচিআৰটি পাঠ্যক্ৰম ৰূপায়ন কৰিছে আদিত্যনাথ চৰকাৰে। পাঠ্যসূচী ৰূপায়নৰ মাজতে যোগী চৰকাৰে কেতবোৰ সূচী সালসলনি কৰা দেখবিলৈ পোৱা গৈছে। চৰকাৰে প্ৰণয়ন কৰা নতুন পাঠ্যক্ৰমৰ পৰা প্ৰত্যাহাৰ কৰা হৈছে ৰবীন্দ্ৰনাথ ঠাকুৰৰ ছুটি গল্পৰ ইংৰাজী অনুবাদ ‘দ্য হোম কামিং।’ তদুপৰি ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি সৰ্বপল্লী ৰাধাকৃষ্ণণৰ ‘দ্য ওমেন এডুকেছন’ শীৰ্ষক প্ৰৱন্ধটিও প্ৰত্যাহাৰ কৰা হৈছে পাঠ্যপুথিৰ পৰা।


আনহাতে, কিছুদিন পূৰ্বে উত্তৰ প্ৰদেশ চৰকাৰৰ সিদ্ধান্তমৰ্মে চৌধুৰী চৰণ সিংহ বিশ্ববিদ্যালয়ৰ দৰ্শন বিভাগৰ পাঠ্যক্ৰমত ৰামদেৱ ৰচিত ‘যোগ চিকিত্সাও ৰহস্য’ আৰু যোগী আদিত্যনাথৰ ‘হস্তযোগ স্বৰূপ আৰু সাধনা’ নামৰ কিতাপ দুখন নতুনকৈ অন্তৰ্ভুক্ত কৰা হৈছে।ৰবীন্দ্ৰনাথ ঠাকুৰ আৰু সৰ্বপল্লী ৰাধাকৃষ্ণণৰ মননশীল লেখা পাঠ্যপুথিৰ পৰা প্ৰত্যাহাৰ কৰাৰ বাবে বিতৰ্কৰ সৃষ্টি হৈছে উত্তৰ প্ৰদেশত। যোগী চৰকাৰৰ এনে পদক্ষেপক সমালোচনা কৰিছে বৌদ্ধিক আৰু বিদ্যায়তনিক মহলে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular