Google search engine
25.7 C
Guwahati
Thursday, August 5, 2021
Google search engine
Homeব্ৰেকিং নিউজদুটা সন্তান কিয়? বেছি ৰেচন লাগিলে ২০টা জন্ম দিয়ক...

দুটা সন্তান কিয়? বেছি ৰেচন লাগিলে ২০টা জন্ম দিয়ক…

ৰামনগৰ : উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ইটোৰ পাছত সিটো উদ্ভট মন্তব্য কৰা আৰম্ভ কৰিছে তীৰথ সিং ৰাৱটে। দেওবাৰে ৰাৱটে কৰা এটা মন্তব্যই সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। বিজেপি চৰকাৰৰ মুৰব্বী ৰাৱটে দুখীয়া পৰিয়ালক অধিক ৰেচন লাভ কৰাৰ বাবে ২০টা সন্তান জন্ম দিয়াৰ পৰামৰ্শ দিছে। প্ৰতিজনক চৰকাৰী আঁচনি অনুসৰি যিহেতু ৫ কিলোগ্ৰামকৈ ৰেচন দিয়া হয়, সেয়েহে পৰিয়ালৰ সদস্যৰ সংখ্যা ২০জন হ’লে পৰিয়ালটোৱে ১০০ কিলোগ্ৰাম ৰেচন লাভ কৰিবলৈ সক্ষম হ’ ব।

আৰু পঢ়িব পাৰিব : অসমত কেন্দ্ৰীয় নেতাৰ ভিৰ, আজি শ্বাহ, নাড্ডাৰ প্ৰচাৰ

তেওঁৰ এই উদ্ভট যুক্তিৰ বিষয়ে সংবাদ প্ৰতিষ্ঠান এএনআয়ে প্ৰকাশ কৰিছে। তেওঁ কয়, ‘পৰিয়ালৰ প্ৰতিজন সদস্যকে ৫ কিলোগ্ৰামকৈ ৰেচন দিয়া হয়। যদি এখন ঘৰত ১০জন সদস্য থাকে তেন্তে তেওঁলোকে ৫০ কিলোগ্ৰাম ৰেচন লাভ কৰিব। কিছুমান মানুহে ঈৰ্ষা কৰে যে তেওঁলোকে পৰিয়ালৰ সদস্য কম কাৰণে ১০ কিলোগ্ৰাম ৰেচন পায়, কিন্তু কিছুমানে এক কুইণ্টল ৰেচন লাভ কৰে। কিয়? সময় থাকোঁতে আপোনালোকে কিয় দুটা সন্তান জন্ম দিলে, ২০টা কিয় নিদিলে?’

আৰু পঢ়িব পাৰিব : ভাল খবৰঃ কম মূল্যত বজাৰত উপলব্ধ হ’ব পেট্ৰল-ডিজেল

কেৱল চৰকাৰী ৰেচনৰ আশাতে দৰিদ্ৰ পৰিয়ালক অধিক সন্তান জন্ম দিবলৈ পৰামৰ্শ দিয়া ৰাৱটৰ এই পৰামৰ্শক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। উল্লেখ্য যে, ১০মাৰ্চত তেওঁ উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰীৰূপে শপত লৈছিল।

RELATED ARTICLES

Today's Weather

Guwahati
overcast clouds
25.7 ° C
25.7 °
25.7 °
93 %
1kmh
91 %
Fri
35 °
Sat
32 °
Sun
33 °
Mon
32 °
Tue
31 °

Watch latest Movies & TV Series on Prag Play

Most Popular