Google search engine
25.8 C
Guwahati
Wednesday, July 28, 2021
Google search engine
Homeৰাষ্ট্ৰীয়উত্তৰাখণ্ডত ভয়ংকৰ হিমস্খলন: পানীৰ ঢলত ভাঙিল ঋষিগংগা প্ৰকল্প

উত্তৰাখণ্ডত ভয়ংকৰ হিমস্খলন: পানীৰ ঢলত ভাঙিল ঋষিগংগা প্ৰকল্প

চামলী: উত্তৰাখণ্ডৰ চামলী অঞ্চলত আজি প্ৰবল বানপানীৰ ফলত ঋষিগংগা বিদ্যুৎ প্ৰকল্প ক্ষতিগ্ৰস্ত হৈ ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হয়৷ ধাউলি গংগাৰ পাৰত বাস কৰা লোকসকলৰ জীৱন বিপন্ন কৰা বানপানীৰ পাছত প্ৰায় ১৫০ জন লোক সন্ধানহীন হৈ আছে। এতিয়ালৈকে ৩ টা মৃতদেহ উদ্ধাৰ হোৱা বুলি জানিব পৰা গৈছে৷

আৰু পঢ়িব পাৰিব : মাতৃ ভাষাত হ’ব চিকিৎসা-প্ৰযুক্তিৰ প্ৰতিষ্ঠান -গুৰুত্বপূৰ্ণ ঘোষণা মোদীৰ

বানপানীৰ ফলত যোশীমঠ-মালৰী দলং ভাঙি পৰাত যোগাযোগ বিচ্ছিন্ন হৈ পৰে৷ বহু ঘৰ উটি যোৱাত নদীৰ কাষৰ বহুতো গাঁৱৰ আৱাসীক সুৰক্ষিত অঞ্চললৈ স্থানান্তৰ কৰা হৈছে। গংগা নদীৰ কাষৰ অঞ্চল বাবে চুবুৰীয়া উত্তৰ-প্ৰদেশতো এক সতৰ্কতা জাৰি কৰা হৈছে।

আৰু পঢ়িব পাৰিব : নৰেন্দ্ৰ মোদীৰ সপোনৰ ভাৰতৰ গোলকীয় ভাবমূৰ্তি সংকটত নেকি?

ইফালে উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী ত্ৰিবন্দ্ৰ সিং ৰাৱতে মানুহক পুৰণি বানপানীৰ ভিডিঅ’ৰ জৰিয়তে উৰাবাতৰি প্ৰচাৰ নকৰিবলৈ আবেদন জনাইছে৷ তদুপৰি সংশ্লিষ্ট সকলো জিলাক সতৰ্ক কৰা হৈছে আৰু মানুহক নদীৰ ওচৰলৈ নাযাবলৈ কোৱা হৈছে।

RELATED ARTICLES

Today's Weather

Guwahati
overcast clouds
25.8 ° C
25.8 °
25.8 °
98 %
0.8kmh
100 %
Wed
33 °
Thu
31 °
Fri
28 °
Sat
28 °
Sun
26 °

Watch latest Movies & TV Series on Prag Play

Most Popular