spot_img
24 C
Guwahati
24 C
Guwahati
মঙলবাৰ, জানুৱাৰী 25, 2022
Homeব্ৰেকিং নিউজকেথলিক বিদ্যালয়ত আক্ৰমণ বজৰং দলৰ...

কেথলিক বিদ্যালয়ত আক্ৰমণ বজৰং দলৰ…

ডিজিটেল ডেস্ক : আক্ৰমণকাৰীৰ কৱলৰ পৰা সাৰি নগ’ল বিদ্যালয়৷ সোমবাৰে মধ্যপ্ৰদেশৰ বিদিশা জিলাৰ এখন কেথলিক স্কুলত আক্ৰমণ চলাই বজৰং দল আৰু বিশ্ব হিন্দু পৰিষদৰ কৰ্মীয়ে৷ কৰ্মীসকলে বিদ্যালয়খনলৈ শিলগুটি নিক্ষেপ কৰাৰ লগতে আচবাব ভাঙি চূৰমাৰ কৰে৷ আক্ৰমণকাৰীসকলে অভিযোগ জনোৱা মতে বিদ্যালয় কৰ্তৃপক্ষই ধৰ্মান্তৰিত কৰাৰ চেষ্টা চলাইছিল ছাত্ৰ-ছাত্ৰীসকলক৷ উল্লেখ্য যে সেই আক্ৰমণৰ সময়ত বিদ্যালয়খনত দ্বাদশ শ্ৰেণীৰ গণিতৰ পৰীক্ষা অনুষ্ঠিত হৈ আছিল৷

আৰক্ষীয়ে জনোৱা মতে এক ভিডিঅ’যোগে এই ঘটনা সন্দৰ্ভত বহুলোক জড়িত থকাৰ দৃশ্য দেখিবলৈ পোৱাৰ লগতে ঘটনাত জড়িত চাৰিজনক আটক কৰা হৈছে ৷ চিচিটিভি ফুটেজৰ সহায়ত এই ঘটনাত জড়িত লোকৰ বিৰুদ্ধে তদন্ত চলোৱা হৈছে বুলি জানিবলৈ দিয়ে৷ আক্ৰমণকাৰীসকলে অভিযোগ উত্থাপিত কৰিছে যে যোৱা ৩১ অক্টোবৰত বিদ্যালয়খনত অধ্যয়নৰত ৮গৰাকী হিন্দু শিক্ষাৰ্থীক খ্ৰীষ্টান ধৰ্মৰে দিক্ষিত কৰা হৈছে৷ পৰীক্ষা অনুষ্ঠিত হৈ থকাৰ সময়তে এনে অবাঞ্চিত ঘটনা সংঘটিত হোৱাক লৈ ছাত্ৰ-ছাত্ৰীসকলে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, ” ঘটনাৰ সময়ত আমাৰ মনোযোগ পৰীক্ষাৰ পৰা সম্পূৰ্ণৰূপে আঁতৰি গৈছিল, এই পৰীক্ষা পুনৰ অনুষ্ঠিত কৰিবলৈ অনুৰোধ জনাইছো৷”

ইয়াৰ উপৰি বিদ্যালয়ৰ মেনেজাৰ ব্ৰাডাৰ এন্টনিয়ে এই ঘটনা সন্দৰ্ভত জনাই যে এদিন পূৰ্বে স্থানীয় সংবাদ প্ৰতিষ্ঠানৰ জৰিয়তে এনে ঘটনা সংঘটিত কৰাৰ ভাবুকী লাভ কৰিছিল৷ তাৰ লগো লগো স্থানীয় আৰক্ষী প্ৰশাসনক এই সন্দৰ্ভত অৱগত কৰে যদিও আৰক্ষীয়ে যাৱতীয় নিৰাপত্তা প্ৰদান নকৰিলে৷ লগতে ধৰ্মান্তিত কৰাৰ যি অভিযোগ বিদ্যালয়খনৰ বিৰুদ্ধে উত্থাপিত কৰিছে সেয়া ভিত্তিহীন বুলি উল্লেখ কৰে৷ ঘটনা সংঘটিত হোৱাৰ পাছতে বিদ্যালয়খনত নিৰাপত্তা ব্যৱস্থা কৰে প্ৰশাসনে৷ বিদ্যালয় কৰ্তৃপক্ষই জনোৱা মতে আক্ৰমণৰ সময়ত আক্ৰমণকাৰীসকলে বিদ্যালয়ৰ চৌহদত ‘জয় শ্ৰী ৰাম’ ধ্বনীৰে উত্তাল কৰি তুলে চৌহদ৷

RELATED ARTICLES

Watch latest Movies & TV Series on Prag Play

Most Popular