spot_img
17 C
Guwahati
17 C
Guwahati
শনিবাৰ, ডিচেম্বৰ 4, 2021
Homeআঞ্চলিকলাচিতৰ মৈদামত অসমীয়াৰ চকুপানী

লাচিতৰ মৈদামত অসমীয়াৰ চকুপানী

লাচিত বৰফুকন…নামটো শুনাৰ লগে লগে প্ৰতিজন অসমীয়াৰ চকুত, মনত ভাঁহি উঠে দুৰ্দান্ত সাহস, অপৰাজেয় মনোবল, বল, পৰাক্ৰম, শৌৰ্য-বীৰ্যৰ এক উজ্জ্বল প্ৰতিভূ। যাক বাদ দি অসম সম্পূৰ্ণ নহয়…অসমীয়া জাতি সম্পূৰ্ণ নহয়। লাচিত বৰফুকন অসমীয়া জাতিৰ ৰক্ষা কবচ আছিল। আজি ২৪ নৱেম্বৰ। আজিৰ দিনটোত উদযাপন কৰা হয় লাচিত দিৱস। ১৬২২ চনৰ আজিৰ দিনটোতে এই অসমভূমিত জন্মগ্ৰহণ কৰিছিল লাচিত নামৰ পূণ্যাত্মাই। পিতৃ মোমাই তামূলী বৰবৰুৱা আৰু মাতৃ নাগেশ্বৰী আইদেউৰ সপ্তম সন্তান আছিল লাচিত বৰফুকন। ১৬৭১ চনত লাচিত বৰফুকনে অসমীয়া সেনাৰ দ্বাৰা বিশাল মোগল সৈন্য বাহিনীক পৰাজিত কৰি অসমৰপৰা আঁতৰাই পঠিয়াইছিল। অসমৰ মান ৰক্ষা কৰিবলৈ লাচিতে অহোপুৰুষাৰ্থ কৰিছিল আৰু তেওঁ সফলো হৈছিল। লাচিত বাহিনীৰ পৰাক্ৰমত তিষ্ঠিব নোৱাৰি মোগলে সেও মানি অহা বাটে উভতি গৈছিল। শৰাইঘাটৰ যুদ্ধত লাচিতে দেখুওৱা বিক্ৰমৰ ফল স্বৰূপে অসমৰ বুৰঞ্জীত তেখেতৰ নাম সোণালী আখৰেৰে জিলিকি আছে।

আজি জাতীয় বীৰগৰাকীৰ ওপজা দিনটোত তেওঁৰ দেশপ্ৰেম, সাহস, পৰিশ্ৰম, বুদ্ধি, সততা, কৰ্মনিষ্ঠাক সুঁৱৰিব প্ৰতিজন অসমীয়াই।অসম বুৰঞ্জীৰ অন্যতম চৰিত্ৰ লাচিতৰ দেশপ্ৰেম, বীৰত্ব, সাহস আদিয়ে অসমবাসীক যুগে যুগে উদ্বুদ্ধ কৰি আহিছে। লাচিত বৰফুকনে শত্ৰুৰ বিৰুদ্ধে যুঁজ দিবৰ সময়ত অসমৰ সকলো শ্ৰেণীৰ ৰাইজেই তেওঁক সকলো ধৰণৰ সহায়-সহযোগিতা আগবঢ়াইছিল। বীৰগৰাকীৰ নেতৃত্বত শত্ৰুৰ বিৰুদ্ধে যুঁজিবলৈ নিজ জীৱনক তুচ্ছ জ্ঞান কৰি অসমীয়া মানুহ মাৰ বান্ধি থিয় হৈছিল। অসমক বিদেশী শত্ৰুৰ কবলৰ পৰা ৰক্ষা কৰিবলৈ শক্তি আৰু সামৰ্থ অনুযায়ী সকলো লোকেই উঠিপৰি লাগিছিল৷ কিন্তু এইগৰাকী বীৰ সন্তানে হয়তো আজিৰ অসমৰ পৰিৱেশ দেখি নীৰৱে চকুলো টুকে।লাচিত বৰফুকন কোনো হিন্দু নাছিল…কোনো মুছলমান নাছিল…তেওঁ আছিল এজন প্ৰকৃত অসমীয়া…প্ৰকৃত দেশপ্ৰেমিক।

অসমখনত খোৱা-কামোৰা, ৰাজনৈতিক অস্থিৰতা, সামাজিক, অৰ্থনৈতিক স্থৱিৰতা, নিবনুৱা সমস্যা বাঢ়িল। যি লাচিতে মোগলৰ দৰে পৰাক্ৰমী জাতিক অসমৰ মাটিত ভৰি দিবলৈকে নিদিলে সেইখন অসমত এতিয়া বেদখলকাৰী বাঢ়িল। লাচিতৰ সেই দিন আজি নাই। সময় সলনি হ’ল। সময়ৰ গতিৰ লগে লগে শত্ৰুৰ ৰণকৌশলো সলনি হ’ল৷ বিভিন্ন চল-চাতুৰীৰে নিজৰেই মানুহৰ ক্ষতি কৰিবলৈ এচাম অনবৰতে প্ৰস্তুত থাকে। জনগাঁথনিগত সমস্যা, খিলঞ্জীয়া জাতিসমূহৰ অস্তিত্বৰ সংকট, আৰ্থ-সামাজিক ভাৰসাম্যহীনতা, সন্ত্ৰাসবাদ, পৰিবেশ প্ৰদূষণ, মানৱ সৰবৰাহ, সামাজিক নিৰাপত্তাহীনতাত জুৰুলা আজি অসম। বিগত কেইবা দশক ধৰি বিদেশী অনুপ্ৰবেশৰ সমস্যাই অসমখনক ভাৰাক্ৰান্ত কৰি ৰাখিছে। সীমান্ত অঞ্চলসমূহ এতিয়াও বহু পৰিমানে অসুৰক্ষিত। অসম-বাংলাদেশ সীমান্তৰ বেছ কিছু অঞ্চলত কাঁইটিয়া তাঁৰৰ ব্যৱস্থা আছে যদিও গো-ধনৰ অবৈধ চোৰাং সৰবৰাহ তাৰপৰাই সুন্দৰকৈ চলি আছিল। কিছুদিনৰ পৰা বাৰু গো-ধনৰ অবৈধ চোৰাং সৰবৰাহ চৰকাৰে বন্ধ কৰিবলৈ সক্ষম হৈছে। কিছুদিনৰ বাবে নহয় এয়া অদূৰ ভৱিষ্যতেও অব্যাহত থাকক।

অসম চুক্তি অনুসৰি ১৯৭১ চনৰ পাছত অহা এজনো অবৈধ বিদেশীৰ বোজা অসমে বহন নকৰে বুলি স্পষ্ট কৰি দি নাগৰিকত্ব সংশোধনী আইনখনৰ বিৰোধিতা কৰি বিভিন্ন দল-সংগঠনৰ উদ্যোগত বিক্ষিপ্তভাৱে বিভিন্ন প্ৰতিবাদী কাৰ্যসূচীও ৰূপায়ন কৰা হয়৷ যাক এক অৰ্থত ক’বলৈ গ’লে কোৱা হয় ‘কা’ আন্দোলন। ‘কা’ আন্দোলনৰ আৰম্ভণি কেনেকৈ হৈছিল…এতিয়া কি পৰ্যায়ত আছে সেয়াও দেখি আছে, বুজি আছে প্ৰতিজন অসমীয়াই। যশস্বী বুৰঞ্জীবিদ সূৰ্যকুমাৰ ভূঞাৰ এষাৰি সোণসেৰীয়া উক্তিৰ গুঢ়াৰ্থ বৰ্তমান সময়ৰ অসমখনৰ বাবে বৰ সুন্দৰকৈ প্ৰযোজ্য হ’ব।

বুৰঞ্জীবিদগৰাকীয়ে কৈছিল ”এতিয়া লাচিতৰ দিনৰ শৰাইঘাট নাই, কিন্তু আন এখন শৰাইঘাট হ’লে আছে৷ এইখন শৰাইঘাটত সংঘবদ্ধ হৈ সদৌ অসমীয়া দেশ ৰক্ষাৰ মন্ত্ৰত একমুখী হোৱাৰ আৱশ্যকতা আছে৷ অতীতৰ শৰাইঘাটৰ সমস্যাবোৰ আছিল সামৰিক, এতিয়াৰ সমস্যাবোৰ হ’ল সামাজিক, অৰ্থনৈতিক, ৰাজনৈতিক আৰু ঐতিহাসিক৷ লাচিত বৰফুকন মহাবীৰ আৰু তেওঁৰ লগৰ মহাৰথীসকলে যি মনোবৃত্তি আৰু একাগ্ৰ দেশপ্ৰেমেৰে সেই কালৰ সমস্যা সমাধান কৰিছিল, সেই মনোবৃত্তি আৰু একাগ্ৰ দেশপ্ৰেম আমাৰ প্ৰতি মুহূৰ্তে আৱশ্যক৷ অসমীয়াই যাতে এই ডাঙৰ কথাটো হৃদয়ংগম কৰে আৰু যাতে অসমীয়াৰ প্ৰতি প্ৰাণে শৰাইঘাটৰ আদৰ্শ কাৰ্যকৰী হৈ শিপা মেলে৷” সঁচাকৈয়ে আমি প্ৰতিজন অসমীয়াই সূৰ্যকুমাৰ ভূঞা দেৱৰ এই উক্তি মৰ্মে মৰ্মে উপলব্ধি কৰা উচিত। নহ’লে আমি লাচিত দেশৰ নাগৰিক বুলি সগৌৰৱে বুকু ফুলাই কোৱাৰ একো যুক্তি নাথাকিব।

-কস্তুৰী বৰঠাকুৰ

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular