spot_img
17 C
Guwahati
17 C
Guwahati
শনিবাৰ, জানুৱাৰী 29, 2022
Homeৰাষ্ট্ৰীয়সংবাদ মহলত শোকৰ ছাঁ! শাসকতন্ত্ৰৰ বুকু কঁপোৱা নিৰ্ভীক সাংবাদিক কামাল খানৰ হৃদৰোগত...

সংবাদ মহলত শোকৰ ছাঁ! শাসকতন্ত্ৰৰ বুকু কঁপোৱা নিৰ্ভীক সাংবাদিক কামাল খানৰ হৃদৰোগত মৃত্যু

ডিজিটেল ডেস্কঃ নিৰ্ভীক সাংবাদিক কামাল খান আৰু নাই। নিৰ্ভীক আৰু বলিষ্ঠ কণ্ঠৰ অন্য এক নাম আছিল কামাল খান। যোৱা তিনিটা দশক ধৰি তেওঁ দেশৰ সংবাদ সেৱাত ব্ৰতী আছিল। শুকুৰবাৰে পুৱা লক্ষ্ণৌৰ বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে সাংবাদিক কামাল খানে। ৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠান এনডিটিভিৰ সাংবাদিক আছিল কামাল খান। হৃদৰোগত আক্ৰান্ত হৈ আছিল সাংবাদিকগৰাকী। শুকুৰবাৰে পুৱা তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৬১ বছৰ।

কামাল খানৰ আকস্মিক মৃত্যুৱে দেশৰ সংবাদ মহলত পেলাইছে গভীৰ শোকৰ ছাঁ। তেওঁৰ নিৰ্ভীক কণ্ঠই শাসকতন্ত্ৰৰ বুকু কঁপাইছিল। সাহসী সাংবাদিক ৰূপে বিশেষ পৰিচিতি আছিল কামাল খানৰ। জ্যেষ্ঠ সাংবাদিক আলোক পাণ্ডে, বিবেক গুপ্তাকে ধৰি বহু সাংবাদিকে কামাল খানৰ মৃত্যুত শোক প্ৰকাশ কৰিছে।

সমাজবাদী পাৰ্টিৰ অধ্যক্ষ অখিলেশ সিং যাদৱ আৰু কংগ্ৰেছৰ উত্তৰ প্ৰদেশ প্ৰভাৰী প্ৰিয়ংকা গান্ধী, জ্যোতিৰাদিত্য এম. সিন্ধিয়াকে ধৰি বহু গণ্য-মান্য ব্যক্তিয়ে জ্যেষ্ঠ সাংবাদিকগৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰাৰ লগতে পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে। কামাল খানে ইহ সংসাৰত পত্নীকে ধৰি এটি পুত্ৰ আৰু এগৰাকী কন্যা সন্তান এৰি থৈ গৈছে।

আৰু পঢ়কঃ ৰাজনৈতিক মহলত জোকাৰণি! উত্তৰ প্রদেশত আজি ৮জন বিজেপি বিধায়কে যোগদান কৰিব সমাজবাদী পাৰ্টিত

RELATED ARTICLES

Watch latest Movies & TV Series on Prag Play

Most Popular