spot_img
23 C
Guwahati
23 C
Guwahati
সোমবাৰ, জানুৱাৰী 24, 2022
Homeমনোৰঞ্জনসাতজনমলৈ একেলগে থকাৰ প্ৰতিশ্ৰুতি ল'ব বিকী-কেটৰিনাই

সাতজনমলৈ একেলগে থকাৰ প্ৰতিশ্ৰুতি ল’ব বিকী-কেটৰিনাই

ডিজিটেল ডেস্ক : উদুলি-মুদুলি হৈ আছে বলীউড৷ বহু প্ৰত্যাশিত বলীউড যুটি বিকী-কেটৰিনাৰ আজি সম্পন্ন হ’ব বিবাহ৷ সাতজনমলৈ একেলগে থকাৰ সংকল্প ল’ব বিকী-কেটে৷ দৰা-কইনাৰ সাজত বিকী-কেটৰিনাক চাবলৈ ব্যাকুল হৈ আছে অনুৰাগী৷ এক লাখ টকীয়া মেহেন্দীৰ ৰঙেৰে বুধবাৰে কেটৰিনা কাঈফৰ দুহাত ৰঙীণ হৈ উজলিছে৷ নিশা অনুষ্ঠিত হয় সংগীত-নৃত্যৰ অনুষ্ঠানৰো৷ কঠোৰ নিৰাপত্তা তথা নীতি-নিৰ্দেশৰ মাজেৰে আয়োজিত হৈছে বহু চৰ্চিত বিকী কৌশল আৰু কেটৰিনা কাঈফৰ বিয়াৰ অনুষ্ঠান৷

ছ’চিয়েল মিডিয়াৰ যোগে ভাইৰেল হৈছে কেটৰিনাৰ মেহেন্দী লগোৱা দুহাতৰ এখন ফটো৷ অৱশ্যে এই ফটোখন কেটৰিনাৰ বিয়াৰ নে বিজ্ঞাপনৰ সেয়া নিশ্চিত নহয়৷ ইতিমধ্যে বিয়াৰ বাবে বলীউডৰ বহু তাৰকা-মহাতাৰকাইয়ো ঢাপলি মেলিছে বিয়ালৈ বুলি৷


উল্লেখ্য যে, বিয়াখনৰ নিমন্ত্ৰিত অতিথিসকলক সম্পূৰ্ণ গোপনীয়তা মানিবলৈ আৰু কোনোধৰণৰ ফটো প্ৰকাশ নকৰিবলৈ অনুৰোধ জনোৱা হয়। ইয়াৰ লগতে ৮০ কোটি টকাৰ বিনিময়ত এমাজন প্ৰাইমক বিক্ৰী কৰা হৈছে বিয়াখন সম্প্ৰচাৰৰ স্বত্ব।

RELATED ARTICLES

Watch latest Movies & TV Series on Prag Play

Most Popular