spot_img
24 C
Guwahati
24 C
Guwahati
দেওবাৰ, ডিচেম্বৰ 5, 2021
Homeমনোৰঞ্জনমোবাইল নিষিদ্ধ বিকি-কেটৰ বিয়াত...হতবাক অনুৰাগী!

মোবাইল নিষিদ্ধ বিকি-কেটৰ বিয়াত…হতবাক অনুৰাগী!

ডিজিটেল ডেস্কঃ কৈ খাকিলে যেন ওৰকে নপৰে বিকি-কেটৰিনাৰ কথা৷ বিকি-কেটৰ বিয়াৰ দিন ওচৰ চাপি অহাৰ লগে-লগে নতুন নতুন খবৰে গৰম কৰি ৰাখিছে অনুৰাগীৰ মাজত৷ বিয়াখনক লৈ ভিন্ন বিষয়ত লৈ খেলি মেলি আছিল, কেতিয়াবা বিয়াৰ তাৰিখক লৈ যদি বিতণ্ডা, কেতিয়াবা বিবাহৰ স্থানক লৈ যদি আন কেতিয়াবা বিবাহৰ পঞ্জীয়নৰ তাৰিখক লৈ মত বিৰোধ।

সকলো শেষত এতিয়া দুয়োৰে মাজত অন্ত পৰিল বাক-বিতণ্ডা৷ অহা ৭ ৰ পৰা ৯ ডিচেম্বৰৰ ভিতৰত হোমৰ গুৰিত বহিবই বহিব কেটৰিনা কাঈফ আৰু বিকি কৌশল। ৰাজস্থানৰ জয়পুৰৰ ছৱাই মাধোপুৰ জিলাত থকা ৭০০ বছৰ পুৰণি ‘বাৰৱাৰ’ নামৰ দুৰ্গত অনুষ্ঠিত হ’ব বলীউডৰ এই বহু চৰ্চিত বিয়াখন৷ শেহতীয়াকৈ বিকি আৰু কেটে তেওঁলোকৰ বিবাহ অনুষ্ঠানৰ ওপৰত আৰোপ কৰা কিছুমান নিষেধাজ্ঞা পোহৰলৈ আহিছে। সাধাৰণতে চেলিব্ৰেটিসকলে তেওঁলোকৰ ব্যক্তিগত জীৱন ৰাজহুৱা কৰিবলৈ বিশেষ আগ্ৰহী নহয়, ব্যতিক্ৰম নহয় কেট আৰু বিকিৰ বিয়াখনো, সেয়েহে দুয়োৱে তেওঁলোকৰ বিয়াখনত কোনো ধৰণৰ মবাইল বা ভিডিঅ’ কেমেৰা নিষিদ্ধ কৰিছে৷

গতিকে যিসকল লোকে তেওঁলোকৰ বিবাহৰ অনুষ্ঠানত উপস্থিত থাকে তেওঁলোকৰ হাতত কোনো মোবাইল ফোন নাথাকিব। বিবাহ অনুষ্ঠানৰ কোনো ছবি বা ভিডিঅ’ তেওঁলোকৰ অনিচ্ছা অবিহনে সামাজিক মাধ্যমত পোষ্ট কৰিব নালাগে বুলি কৈছে। একেদৰে অনুষ্কাৰ শৰ্মা আৰু সোনম কাপুৰৰ বিয়াতো একেই ঘটনা ঘটিছিল। তেওঁলোকৰ বিয়াতো এনেধৰণৰ নিষেধাজ্ঞ জাৰি কৰিছিল৷ বিকি আৰু কেটৰিনাৰ দুয়োৰে বিয়াত তেওঁলোকৰ কিছুমান ঘনিষ্ঠ বন্ধুৰ উপৰিও, দুয়োপক্ষৰ সকলো আত্মীয় উপস্থিত থাকিব। চেলিব্ৰিটি অতিথিৰ তালিকাত বৰ্তমান কৰণ জোহৰ, কবীৰ খান, মিনি মাথুৰ, ৰোহিত চেট্টী, সিদ্ধাৰ্থ মালহোত্ৰা, কিয়াৰা আদৱানী, বৰুণ আৰু নাতাশা ধাৱান, আলী আব্বাছ জাফৰ থাকিব বুলি খবৰ আহিছে৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular