spot_img
25 C
Guwahati
25 C
Guwahati
মঙলবাৰ, অক্টোবৰ 19, 2021
Homeৰাষ্ট্ৰীয়আজি বিজয়া দশমী, দোলাত উঠি মৰ্ত্যলোক এৰি স্বৰ্গলোকলৈ গমন কৰিব দেৱী দুৰ্গাই

আজি বিজয়া দশমী, দোলাত উঠি মৰ্ত্যলোক এৰি স্বৰ্গলোকলৈ গমন কৰিব দেৱী দুৰ্গাই

ডিজিটেল ডেস্কঃ আজি বিজয়া দশমী। দুৰ্গা পূজাৰ শেষৰ দিনটোক বিজয়া দশমী বোলা হয়। আজি অৰ্থাৎ ১৫ অক্টোবৰ, শুকুৰবাৰে উদযাপন কৰা হ’ব বিজয়া দশমী। বিজয়া দশমী হৈছে প্ৰতি বছৰে নৱৰাত্ৰিৰ শেষত উদযাপন কৰা এক মুখ্য হিন্দু উৎসৱ। ইয়াক দশেৰা, দুশেৰা আদি নামেৰেও জনা যায়। ষষ্ঠীৰ বেদীত প্ৰতিষ্ঠা কৰা দেৱী দুৰ্গাক বিজয়া দশমীৰ দিনা নদীত বিসৰ্জন দিয়া হয়।বহু উলহ মালহেৰে মৰ্ত্যলোকত মা দুৰ্গাৰ পূজা উদযাপন হোৱাৰ পাছত বিজয়া দশমীৰ দিনা মা দুৰ্গাই স্বৰ্গলোকলৈ গমন কৰে বুলি বিশ্বাস কৰা হয়। বিজয়া দশমীৰ দিনা ভক্তপ্ৰাণ লোকৰ মন সেমেকি উঠে কাৰণ মা দুৰ্গাই এই দিনটোতে বিদায় লয়।

দুৰ্গা পূজাৰ আগে আগে সকলোৰে মনত প্ৰশ্ন এটা থাকে এইবাৰ দেবীৰ আগমন কিহত আৰু গমন অৰ্থাৎ বিদায় কোন বাহনত? পঞ্জিকা মতে দেৱীৰ এইবাৰ আগমন ঘোড়াত, গমন হ’ব দোলাত। পুৱা ৮.৩১ বজাৰ পৰা দেৱীৰ দশমী বিহিত পূজা আৰম্ভ।পূজাৰ অন্তত প্ৰশাসনৰ ফালৰ পৰা ধৰি দিয়া নিয়ম তথা প্ৰট’কল অনুযায়ী দেৱী বিসৰ্জ্জন দিয়া হ’ব। ইয়াক সমগ্ৰ ভাৰতবৰ্ষতে ঠাই বিশেষে ভিন্ন নামেৰে উদযাপন কৰা হয়, দশেৰা, দুশেৰা আদি নামেৰেও জনা যায় বিজয়া দশমী পূজাক। এই বিজয়া দশমীৰ দিনা কোনো কোনো ঠাইত মহিলাসকলে অসুৰ মহিশাসুৰক পৰাজিত কৰা দেৱী দুৰ্গাৰ শক্তি তথা বিজয়ৰ প্ৰতীক হিচাপে সেন্দুৰেৰে খেলে। অশুভৰ ওপৰত শুভৰ বিজয় হিচাপে ৰং ৰহইচ কৰা হয়। কোনো ঠাইত দশভূজা ৰাৱণক এই দিনটোত দাহন কৰা হয়।

ভাৰতৰ বিভিন্ন প্ৰান্তত বিভিন্ন ধৰণেৰে পালন কৰা হয় বিজয়া দশমী। দক্ষিণ, পূব, উত্তৰ-পূব, আৰু উত্তৰ ভাৰতৰ কিছুমান ৰাজ্যত, বিজয়া দশমীয়ে মহিষ দানৱ মহিশাসুৰৰ ওপৰত দেৱী দুৰ্গাৰ বিজয়ক ধৰ্মৰ পুনৰুদ্ধাৰ আৰু সুৰক্ষিত কৰাক স্মৰণ কৰি দুৰ্গা পূজাৰ সমাপ্তিৰ কথা ঘোষণা কৰে। উত্তৰ, মধ্য আৰু পশ্চিম ৰাজ্যসমূহত এই উৎসৱক দুশ্বেৰা (লগতে দশেৰা, দশহেৰা) বুলি কয়। এই অঞ্চলবোৰত, ইয়াৰ দ্বাৰা ৰামলীলাৰ সমাপ্তি কৰা হয় আৰু ৰাৱণৰ ওপৰত ঈশ্বৰ ৰামৰ বিজয়ৰ কথা স্মৰণ কৰে। একে উপলক্ষ্যত, অৰ্জুনে অকলে ভীষ্ম, দ্ৰোণ, অশ্বত্থামা, কৰ্ণ আৰু কৃপাচাৰ্য্যকে ধৰি সকলো কুৰু যুদ্ধাসহ ১০,০০,০০০ৰো অধিক সৈন্যক পৰাস্ত কৰি অশুভ শক্তিৰ (অধৰ্ম) ওপৰত শুভৰ (ধৰ্ম) বিজয়ৰ এক গুৰুত্বপূৰ্ণ উদাহৰণ ডাঙি ধৰাৰ কথা স্মৰণ কৰে।মুঠৰ ওপৰত বিজয়া দশমী হৈছে প্ৰতি বছৰে দেৱী দুৰ্গাৰ পূজাৰ শেষৰটো দিনত উদযাপন কৰা এক মুখ্য হিন্দু উৎসৱ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular