spot_img
24 C
Guwahati
24 C
Guwahati
মঙলবাৰ, নৱেম্বৰ 30, 2021
Homeআঞ্চলিকআঁঠুৱা তলত পৰকীয়া প্ৰেম! ৰাইজে কৰিলে এই বিলৈ

আঁঠুৱা তলত পৰকীয়া প্ৰেম! ৰাইজে কৰিলে এই বিলৈ

ডিজিটেল ডেস্কঃ প্ৰেম সদায় সুন্দৰ। প্ৰেম এক স্বৰ্গীয় অনুভূতি কিন্তু প্ৰেম যদিহে পৰকীয়া হয় তেন্তে সেই প্ৰেম স্বৰ্গীয় হৈ নাথাকে, ই হৈ উঠিব পাৰে নৰক যন্ত্ৰণা। পৰকীয়া প্ৰেমত পাকে প্ৰতি বিপদ, সেয়েহে মানুহে সদায় ইয়াৰ পৰা দূৰত অৱস্থান কৰিব লাগে। শেহতীয়াকৈ এক পৰকীয়া প্ৰেমৰ খবৰে গৰম কৰি ৰাখিছে নগাঁৱৰ বটদ্ৰৱা আৰক্ষী থানাৰ অন্তৰ্গত ভেৰভেৰী গাঁও।

এগৰাকী মহিলাই নিজৰ স্বামী আৰু সন্তান থকাৰ পাছতো মুছলেমউদ্দিন নামৰ এজন যুৱকৰ সৈতে পৰকীয়া প্ৰেম চলাই আছিল। স্বামী কৰ্মসূত্ৰে থাকে বাহিৰত। তাৰে সুযোগ গ্ৰহণ কৰি মহিলাগৰাকীয়ে মুছলেমউদ্দিনৰ লগত অবৈধ প্ৰেমৰ সম্পৰ্ক ৰক্ষা কৰি চলিছিল।

কিন্তু ৮ নৱেম্বৰ দিনটো এই পৰকীয়া প্ৰেমৰ মাজলৈ কাল অমানিশা হৈ নামি আহিল। সেই নিশা গোপনে বিবাহিতা প্ৰেমিকাক লগ কৰিবলৈ আহিছিল মুছলেমউদ্দিন। আঁঠুৱাৰ তলত দুয়োজন সোমাই প্ৰেম লীলা চলাই থাকোতেই দুয়োকে হাতে-লোটে ধৰেহি গাঁওবাসীয়ে। তেওঁলোক যাতে পলাব নোৱাৰে তাৰবাবে দুয়োকে গাঁওবাসীয়ে বান্ধি থৈ দিয়ে। তাৰপাছতেই বহে ৰাইজমেল।

আৰু পঢ়কঃ লটাৰীয়ে ফুলালে ভাগ্য! মাতৃ-পুত্ৰ দুয়ো লটাৰীত পালে ৩০-৩০ লাখ টকা

ৰাইজমেলত দুয়ো বিবাহপাশত আৱদ্ধ হ’ম বুলি ৰাইজক প্ৰতিশ্ৰুতি দিয়ে। কিন্তু এই বিয়াত কোনোপধ্যেই সন্মতি প্ৰদান নকৰিলে মুছলেমউদ্দিনৰ পৰিয়ালে। ইয়াৰ পাছত স্বামীৰ পৰিয়ালে দুই প্ৰেমিক-প্ৰেমিকাৰ বিৰুদ্ধে থানাত এজাহাৰ দাখিল কৰে। এজাহাৰৰ ভিত্তিত দুয়োকে কৰায়ত্ত কৰি থানাৰ আলহী কৰিবলৈ লৈ আহে আৰক্ষীয়ে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular