spot_img
25 C
Guwahati
Wednesday, September 22, 2021
spot_img
Homeক্ৰীড়াআঘাতেও ৰুদ্ধ কৰিব পৰা নাছিল সতীশৰ প্ৰচেষ্টা

আঘাতেও ৰুদ্ধ কৰিব পৰা নাছিল সতীশৰ প্ৰচেষ্টা

ট’কিঅ’ : টকিঅ’ অলিম্পিকত পি ভি সিন্ধুৰ ব্ৰঞ্জৰ পদক প্ৰাপ্তিৰ উছাহত সমগ্ৰ দেশবাসী আত্মহাৰা হৈ থকাৰ মাজতে পোহৰলৈ আহিছে এক হৃদয়বিদাৰক ঘটনা! গুৰুতৰ আঘাতৰ পাছতো সমগ্ৰ উজাৰি দিয়া এগৰাকী ভাৰতীয় বক্সাৰৰ কাহিনীয়ে একাংশৰ অন্তৰ বিদীৰ্ণ কৰি তুলিছে। শেহতীয়াকৈ সামাজিক মাধ্যমত বক্সাৰগৰাকীৰ আঘাতপ্ৰাপ্ত এখন আলোকচিত্ৰ ভাইৰেল হৈ পৰিছে। এইগৰাকী ভাৰতীয় বক্সাৰ হৈছে সতীশ কুমাৰ।

কপাল আৰু থুঁতৰিত একাধিক চিলাই থকা সত্ত্বেও প্ৰি-কোৱাৰ্টাৰ ফাইনেলত অৱতীৰ্ণ হৈছিল এইগৰাকী যোদ্ধা। বিষময় বেদনা ত্যাগেৰে প্ৰি-কোৱাৰ্টাৰ ফাইনেলত দৃঢ়তাৰে অংশ লৈছিল সতীশে। নিৰন্তৰ সংগ্ৰাম অব্যাহত ৰখাৰ পাছতো উজবেকিস্তানৰ বাখোডী জালোল’ভৰ হাতত পৰাভূত হৈছিল সতীশ কুমাৰ।


জানিবলৈ পোৱা মতে, প্ৰি-কোৱাৰ্টাৰৰ প্ৰতিযোগিতাত অংশগ্ৰহণৰ পূৰ্বে সতীশৰ পত্নীয়ে তেওঁক প্ৰতিদ্বন্দ্বিতাৰ বাবে বাধা দিছিল। কিন্তু নিজ সিদ্ধান্তত অলৰ-অচৰ সতীশে দুৰ্দান্ত প্ৰদৰ্শন দেখুৱালৈ সক্ষম হৈছিল। পৰাজয়ৰ পাছতো দেশবাসীৰ হৃদয় জিনা সতীশ কুমাৰক তেওঁৰ নিৰন্তৰ যুঁজাৰু মনোভাৱৰ বাবে প্ৰশংসা কৰাই নহয় কোটি-কোটি নাগৰিকৰ অনুপ্ৰেৰণাৰ অম্নান নিচান হিচাপে প্ৰতিফলিত হৈছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
mist
25 ° C
25 °
25 °
94 %
0kmh
75 %
Wed
31 °
Thu
31 °
Fri
32 °
Sat
32 °
Sun
33 °

Watch latest Movies & TV Series on Prag Play

Most Popular