spot_img
18.6 C
Guwahati
18.6 C
Guwahati
সোমবাৰ, নৱেম্বৰ 29, 2021
Homeক্ৰীড়াকোনে মন ভাঙিলে বিৰাট পত্নী অনুষ্কাৰ? উদ্বিগ্ন কোহলী…

কোনে মন ভাঙিলে বিৰাট পত্নী অনুষ্কাৰ? উদ্বিগ্ন কোহলী…

নতুন দিল্লীঃ অনুষ্কা শৰ্মাৰ মন মৰা। কিন্তু কিয়? কোহলীৰ সৈতে জীৱনৰ মধুৰতম সময় উপভোগ কৰা অনুষ্কা শৰ্মাৰ মন ভাঙিলে কোনে? আপুনি মই ভবাৰ দৰে নহয় কথাবোৰ। ভাৰতীয় দলৰ এদিনীয়া আৰু টেষ্ট ক্ৰিকেটৰ অধিনায়ক বিৰাট কোহলীৰ পত্নী অনুষ্কাৰ মন ভাঙিছে বেলেগ এটা কাৰণতহে। স্মৰ্তব্য যে, আইপিএলত বিৰাট কোহলীৰ সতীৰ্থ এবি ডিভিলিয়ৰ্ছে সকলো ধৰণৰ ক্ৰিকেটৰ পৰা অৱসৰ লৈছে। সেইবাবে, উদ্বিগ্ন হৈ পৰিছে অনুষ্কা। ইনষ্টাগ্ৰামত ডিভিলিয়ৰ্ছৰ এখন ফটো পোষ্ট কৰি অনুষ্কাই কয়, ‘বিশ্বৰ এজন শ্ৰেষ্ঠ ব্যক্তি আৰু ক্ৰিকেটাৰক লগ পোৱাৰ সৌভাগ্য হৈছিল মোৰ। আপোনাক, ডেনিয়েল (ডিভিলিয়ৰ্ছৰ পত্নী) আৰু সন্তানৰ ভৱিষ্যত জীৱনৰ শুভেচ্ছা জ্ঞাপন কৰিছো। আপোনালোকৰ জীৱন আৰু অধিক সুন্দৰ হৈ পৰক। আপোনাৰ অৱসৰৰ কথাটোৱে মোৰ মন ভাঙি পেলাইছে।’ উল্লেখ্য যে, কোহলী আৰু ডিভিলিয়ৰ্ছে আইপিএলত দীৰ্ঘদিন ধৰি ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰৰ হৈ খেলিছে। খেলপথাৰৰ ভিতৰত আৰু বাহিৰত তেওঁলোকৰ বন্ধুত্বৰ কথা সকলোৱে জানে।

তেনেক্ষেত্ৰত, দুয়োজন ক্ৰিকেটাৰ পত্নীৰো ভাল বন্ধুত্ব গঢ় হৈ উঠিছে। আইপিএলৰ সময়ত তেওঁলোকক একেলগে সময় কটোৱাও দেখা পোৱ যায়। আনকি লকডাউনৰ সময়ত ভাৰ্চুৱেল মিডিয়াৰ জৰিয়তে গল্পৰ ভিডিঅ’ও প্ৰকাশ কৰিছিল ডিযভিলিয়ৰ্ছ-কোহলীৰ পত্নীয়ে। ৩৭ বছৰীয়া ডিভিলিয়ৰ্ছে শুকুৰবাৰে টুইট কৰি কয় যে, তেওঁৰ আৰু খেলিবলৈ বিশেষ ইচ্ছা নাই। তেওঁ লিখিছে, ‘এইটো বৰ সুন্দৰ যাত্ৰা আছিল, কিন্তু এইবাৰ মই সকলো ধৰণৰ ক্ৰিকেটৰ পৰা অৱসৰ ল’লো। ককাইদেউৰ সৈতে বাগিচাত আৰম্ভ হৈছিল খেলুৱৈ জীৱনৰ যাত্ৰা। ক্ৰিকেটক লৈ বহুত উৎসাহী আছিলো। কিন্তু চাওতে চাওতে জীৱনৰ ৩৭টা বছৰ কেনেকৈ অতিক্ৰম কৰিলো সেয়া গমকে নাপালোঁ। দক্ষিণ আফ্ৰিকাই হওক বা আৰচিবি নতুবা টাইটানছ ক্ৰিকেটে মোক সকলোপিনৰ পৰা মন ভৰাই তুলিছে। মই সদায় ক্ৰিকেটৰ প্ৰতি কৃতজ্ঞ হৈ থাকিম।’ অনুষ্কাৰ পূৰ্বে কোহলীয়েও এটা আৱেগিক পোষ্ট দিছিল। কোহলীয়ে ফেচবুকত তেওঁৰ আৰু ডিভিলিয়ৰ্ছৰ এখন ফটো পোষ্ট কৰিছিল। শিৰোনামত লিখিছিল, ‘ আপোনাৰ নাম আৰু চিন্নাস্বামী ষ্টেডিয়ামত শুনিবলৈ নাপাম। তোমাৰ অভাৱ বাৰুকৈয়ে অনুভৱ কৰিম। মই তোমাক ভাল পাওঁ। ওৰেটো জীৱন তোমাৰ অনুৰাগী হৈ ৰম।’

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular