spot_img
16 C
Guwahati
16 C
Guwahati
দেওবাৰ, নৱেম্বৰ 28, 2021
Homeক্ৰীড়াখেলপথাৰত ব্যৰ্থ..পিছে ডুবাইৰ হোটেলত পত্নী-কন্যাৰে কোহলীৰ সুখৰ সময়

খেলপথাৰত ব্যৰ্থ..পিছে ডুবাইৰ হোটেলত পত্নী-কন্যাৰে কোহলীৰ সুখৰ সময়

ডিজিটেল ডেস্ক : কেৰিয়াৰৰ কঠিন সময়ত উপনীত হ’লেও কিং কোহলীৰ সংসাৰ এতিয়া ফলে-ফুলে জাতিষ্কাৰ। সুন্দৰী অভিনেত্ৰী পত্নী অনুষ্কা শৰ্মাৰে কোহলীৰ সুখেভৰা সংসাৰলৈ পূৰ্ণতা আনিছে কন্যা ভামিকাই। বিশ্বকাপ অভিযানৰ বাবে ডুবাইত উপস্থিত হোৱা ভাৰতীয় দলক নেতৃত্ব দি ডুবাইত তেওঁ বাহৰ পাতিছে। লগত আছে পত্নী অনু্ষ্কা আৰু কন্যা ভামিকা।

বুধবাৰে তিনিওৰে এখন অতি মনমোহা আলোকচিত্ৰ শ্বেয়াৰ কৰে কিং কোহলীয়ে। ডুবাইৰ হোটেলত পত্নী-কন্যাৰে ব্ৰেকফাষ্ট কৰি থকা এখন আলোকচিত্ৰ ক্ৰিকেটাৰগৰাকীয়ে শ্বেয়াৰ কৰিছে। কেপচন হিচাপে দিছে তেজৰঙা হৃদয়ৰ ইমোজী। কোহলী পৰিয়ালৰ এই পৰিপূৰ্ণ আৰু প্ৰাণ জুৰোৱা ছবিখনে নেটিজেনৰ মন জয় কৰিবলৈ সক্ষম হৈছে। কন্যা ভামিকাৰ ফালে হাঁহি মুখে চাই ৰোৱা বীৰুষ্কাৰ সুখে ভৰপূৰ মুখ দুখন চাই অনুৰাগীৰো অন্তৰত ক্ষণিকলৈ হ’লেও সুখৰ লহৰ উঠিছে।

খেলপথাৰত শেহতীয়াকৈ ক্ৰিকেটাৰগৰাকীৰ বৰ ভাল দিন চলা নাই। আইপিএলতো তেওঁৰ প্ৰদৰ্শন আশাপ্ৰদ নাছিল। আনকি ইংলেণ্ডৰ বিৰুদ্ধে খেলা প্ৰস্তুতি মেচখনকো তাৰকা বেটছমেনগৰাকী ব্যৰ্থ হৈছিল। প্ৰৱল চাপৰ মাজত থাকিবলগীয়া পৰিস্থিতিত বিৰাটৰ এই অলস আৰু সুখকৰ পাৰিবাৰিক সময় এক সকাহ বুলিয়েই গণ্য কৰিব পাৰি। পৰিয়ালৰ সুখকৰ সান্নধ্যই তেওঁক খেলপথাৰতো চাপমুক্ত কৰি তোলাৰে কামনা কৰিছে অনুৰাগীয়ে। কিয়নো অহা ২৪ অক্টোবৰত চিৰবৈৰী পাকিস্তানৰে সমুখ-সমৰত ভাৰতীয় দল লিপ্ত হ’বলৈ গৈ আছে।

আৰু পঢ়কঃ ভুলতো নকৰিব এই ৬ টা কাম, নহ’লে ঘৰ এৰি চিৰদিনলৈ গুচি যাব দেৱী লক্ষ্মী

উল্লেখ্য যে শেহতীয়াকৈ টুইটাৰত ‘Suno Kohli‘ৰ হেছটেগেৰে বিৰাটৰ এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে। এই ভিডিঅটত ক্ৰিকেটাৰগৰাকীয়ে ৰাইজলৈ আহ্বান জনায় কয় যে দিৱালীৰ দিনা যাতে সকলোৱে পৰিৱেশ বিনষ্টকাৰী ফটকা-বোমা নুফুটোৱাকৈ উৎসৱৰ আনন্দ উপভোগ কৰে। ফটকা-বোমাই পৰিৱেশ প্ৰদূষিত কৰে বুলি ভিডিঅ’টোত কয় বিৰাটে। দীপাৱলীত ফটকা-আতচবাচী একো নজ্বলোৱাকৈ পৰিয়ালৰ সৈতে দীপাৱলীৰ আনন্দ উপভোগ কৰিবলৈ তেওঁ জনাইছে আহ্বান। ইয়াৰ পিছতেই হিন্দুত্ববাদীৰ একাংশই আক্ৰমণৰ লক্ষ্য কৰি লয় বিৰাট কোহলীক।

টুইটাৰত ‘Suno Kohli‘ৰ উপৰিও ‘bhok mat kohli‘ হেছটেগেৰে ভৰি পৰিছে টুইটাৰ। তাত তেওঁলোকে প্ৰশ্ন কৰে যে কোহলীয়ে কিয় হিন্দু উৎসৱৰ বিষয়ে কথা ক’ব? তেওঁলোকে কয় যে ফটকা-বোমা পৰিহাৰ কৰি পৰিৱেশ সুৰক্ষাৰ কথা কোৱা বিৰাট কোহলীয়ে কিয় মুছলমানসকলৰ ঈদক লৈ একো কথা নকয়। বৰ্তমান এই হেছটেগ দুটা ট্ৰেণ্ডিঙত আহিছে। ক্ৰিকেটাৰগৰাকীয়ে যিমানেই মহৎ উদ্দেশ্যৰে কথাষাৰ নকওক কিয় একাংশই কিন্তু বিৰাটৰ এই টুইটটো একেবাৰে পছন্দ কৰা নাই। বহুতেই সহজভাৱে ল’ব পৰা নাই। বিৰাটে কোভিড পৰিস্থিতিৰ অচিলা লৈ হিন্দুবিৰোধী মন্তব্য প্ৰকাশ কৰিছে বুলি বহুতে ক্ষোভ উজাৰিছে। ক্ৰিকেটৰ মাজতে নিজৰ জ্ঞান সীমাবদ্ধ ৰাখক বুলিও এচামে হুংকাৰ দিছে ক্ৰিকেটাৰগৰাকীক।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular