spot_img
16 C
Guwahati
16 C
Guwahati
সোমবাৰ, নৱেম্বৰ 29, 2021
Homeক্ৰীড়াভাই, ভুলতেও হাৰা যদি চাবা কিন্তু... কোহলীৰ কাণ্ডত অতীষ্ঠ হৈ কোনে দিলে...

ভাই, ভুলতেও হাৰা যদি চাবা কিন্তু… কোহলীৰ কাণ্ডত অতীষ্ঠ হৈ কোনে দিলে এই সকীয়নি?

ডিজিটেল ডেস্ক : সম্প্ৰতি বেয়া দিন চলি আছে কিং কোহলীৰ। বিশ্বকাপলৈ তুমুল প্ৰস্তুতি চলাই থকা ভাৰতীয় দলৰ অধিনায়কে খেলৰ বাবে নহয়, বাৰে বাৰে বিতৰ্ক সৃষ্টি কৰিহে দখল কৰিবলৈ ধৰিছে সংবাদ শিৰোনাম। তেওঁ প্ৰদৰ্শনো এতিয়া চিন্তাৰ কাৰণ হৈ পৰিছে অনুৰাগী তথা দলৰ বাবে। এইবাৰ কোহলীক লৈ আকৌ এবাৰ লাগি গ’ল ধৰ ধৰ, মাৰ মাৰ। তেওঁৰ অনুৰাগী আৰু বিৰোধীয়ে একেলগে লগ লাগি ভালদৰেই এখুন্দা দিলে বিৰাটক। ঘটনা ঘটিল বৃহস্পতিবাৰে। কোহলীয়ে তেওঁৰ এখন ফটোগ্ৰাফৰ সৈতে এটা টুইট কৰিছিল।

কেপচনত লিখিছিল, দেওবাৰ ডাঙৰ খেল আছে। আপোনালোক নাৰ্ভাছ হৈছে, Right? মোৰ উত্তৰ Wrong! এই টুইটৰ পাছতে কোহলীৰ বিৰুদ্ধে উঠি-পৰি লাগিল ক্ৰিকেট অনুৰাগী। ভাৰত-পাকিস্তানৰ ক্ৰিকেট অনুৰাগীয়ে লগ হৈ তুলাধুনা দিলে কোহলীক। প্ৰকৃততে কোহলীয়ে Wrogn নামৰ কাপোৰৰ ব্ৰেণ্ডটোৰ প্ৰচাৰ কৰিবলৈ এই ফটোগ্ৰাফখন টুইট কৰিছিল। কোহলীয়ে পিন্ধি থকা বগা টি-শ্বাৰ্টত লিখা আছিল Wrogn। কোহলীয়ে তেওঁ নিজে সোধা প্ৰশ্নটোৰ উত্তৰ দিবলৈ গৈ তালৈ আঙুলিয়াই দেখুৱাইছিল। কোহলীৰ এই কাৰ্যক লৈ অনুৰাগীসকল অসন্তুষ্ট হৈ পৰিছে। ভাৰত-পাকিস্তানৰ মাজত হ’বলগীয়া স্পৰ্শকাতৰ মেচৰ প্ৰসংগ লৈ কাপোৰৰ ব্ৰেণ্ডৰ প্ৰচাৰ কৰাৰ লৈ অসন্তুষ্ট অনুৰাগীসকল। বহুতে তেওঁক মাৰ্কেটিঙৰ ৱৰ্ল্ডকাপ খেলি থকা বুলি কটাক্ষ কৰিছে।


এজনে লিখিছে, পাকিস্তানৰ সৈতে খেলৰ পূৰ্বে অনুশীলন কৰিবলৈ এৰি বিজ্ঞাপনত ব্যস্ত হৈ আছে কিয় আপুনি! এজনে লিখিছে, যি দেখিছোঁ কোহলীৰ বাবে মাৰ্কেটিঙৰ আন এখন ৱৰ্ল্ডকাপহে ইয়াত চলি আছে। আন এগৰাকী অনুৰাগীয়ে আকৌ কোহলীক সকীয়নি দি লিখিছে, ভাই, ভুলতেও যদি হাৰা, চাবা কিন্তু… কেৱল এয়াই নহয়, পাকিস্তানৰ ফেনসকলেও কোহলীক প্ৰত্যুত্তৰ দিছে আৰু লিখিছে যে, এতিয়া নহ’লেও দেওবাৰে পৰাজিত হোৱাৰ পাছত আপুনি নাৰ্ভাছ হ’বই হ’ব। একাংশই লিখিছে যে, খেলৰ চাপ সহিব নোৱাৰি কোহলীয়ে এইবোৰ কৰি আছে।
আনহাতে ভাৰতীয় ফেন একাংশই জেঠালালৰ মীম ব্যৱহাৰ কৰিও ট্ৰোল কৰিছে কোহলীক। এজনে মীম শ্বেয়াৰ কৰি লিখিছে, অভাৰএক্টিং মন কৰনা, খেল বিগাড় জায়েগা…


মুঠতে খেলপথাৰততো কোহলীয়ে মুখথেকেচা খাইছেই এইবাৰ ছ’চিয়েল মিডিয়াতো তেওঁ নেটিজেনৰ ঔকিল খাবলগীয়া হৈছে। কিছুদিন পূৰ্বে দেৱালীক লৈ টুইট কৰিও ব্যাপক গালি-গালাজৰ সন্মুকীন হৈছিল কোহলী। এতিয়া ২৪ অক্টোবৰৰ দিনটোত পাকিস্তানৰ বিৰুদ্ধে কোহলীয়ে এই ধৰ-মাৰৰ উত্তৰ কিদৰে দিয়ে সেয়া লক্ষণীয় হ’ব।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular