spot_img
28 C
Guwahati
Wednesday, September 22, 2021
spot_img
Homeক্ৰীড়াবিশ্বকাপৰ পাছতে অধিনায়কৰ পদ এৰিব বিৰাটে, কিন্তু কিয়?

বিশ্বকাপৰ পাছতে অধিনায়কৰ পদ এৰিব বিৰাটে, কিন্তু কিয়?

নতুন দিল্লীঃ সমাগত টি-২০ বিশ্বকাপ। বিশ্বকাপত শ্ৰেষ্ঠতম প্ৰদৰ্শন দাঙি ধৰাৰ উদ্দেশ্যে ইতিমধ্যে ৰণকৌশল প্ৰস্তত কৰিছে ভাৰতীয় দলে। অলপতে ভাৰতীয় দলৰ স্কোৱাডো ঘোষণা কৰিছে আইচিচি-এ। ভাৰতীয় ক্ৰিকেট ব’ৰ্ডো হৈ পৰিছে অধিক তত্‍পৰ। শেহতীয়াকৈ কিংবদন্তি তাৰকা ক্ৰিকেটাৰ মহেন্দ্ৰ সিং ধোনীকো ভাৰতীয় দলটোৰ পৰামৰ্শদাতা হিচাপে নিযুক্ত কৰা হৈছে। এতিয়া মাথো অপেক্ষা বিৰাট ব্ৰিগেডৰ চমকৰ। আত্মবিশ্বাসী বিৰাটো সাজু প্ৰত্যাহ্বান গ্ৰহণ কৰিবলৈ। কিন্তু ইয়াৰ মাজতে আহিছে এক উদ্বেগজনক খবৰ।

টি-২০ বিশ্বকাপৰ পাছতে অধিনায়কৰ পদ এৰিব ৰান মেচিন বিৰাট কোহলীয়ে। তাকে লৈ চিন্তিত বিৰাট অনুৰাগী। উল্লেখ্য যে, ভাৰতীয় ক্ৰিকেট অনুৰাগীসকলে দীৰ্ঘদিন ধৰি ৰোহিত শৰ্মাক সীমিত অভাৰৰ ক্ৰিকেটত অধিনায়কৰ দ্বায়িত্ব অৰ্পনৰ দাবী কৰি আহিছে। অনুৰাগীৰ সপোন এতিয়া সাৰ্থক হোৱাৰ দিশে। বিৰাট কোহলীয়ে আগন্তুক টি-২০ বিশ্বকাপৰ পাছত সীমিত অভাৰৰ ক্ৰিকেটত অধিনায়কৰ পদ ত্যাগ কৰিব বুলি তুমুল চৰ্চা হৈছে।

বিৰাট কোহলীৰ পৰিৱৰ্তে ৰোহিত শৰ্মাক ভাৰতীয় দলৰ নতুন অধিনায়ক হিচাপে নিযুক্তি দিয়া হ’ব বুলিও সংবাদ মাধ্যমত প্ৰকাশ পাইছে। অৱশ্যে, এই সন্দৰ্ভত বিচিচিআই-এ কোনো ধৰণৰ আনুষ্ঠানিক মন্তব্য প্ৰদান কৰা নাই। সম্প্ৰতি বিৰাট কোহলীয়ে ক্ৰিকেটৰ তিনিওটা ফৰ্মেটতে ভাৰতক নেতৃত্ব দি আছে। দেশৰ হৈ এটাও মেজৰ টুৰ্নামেন্ট বা আইচিচি ট্ৰফী জিকিব নোৱাৰা বাবেই অধিনায়কৰ পদ এৰিব লাগিব নেকি বিৰাটে! শেহতীয়াকৈ এনে প্ৰশ্নৰে অৱতাৰণা হোৱা পৰিলক্ষিত হৈছে। উল্লেখ্য যে, বিৰাটৰ নেতৃত্বতে ভাৰতে জুন মাহত বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত পৰাজিত হৈছিল।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
thunderstorm
28 ° C
28 °
28 °
74 %
0kmh
75 %
Wed
27 °
Thu
32 °
Fri
32 °
Sat
33 °
Sun
33 °

Watch latest Movies & TV Series on Prag Play

Most Popular