spot_img
26 C
Guwahati
26 C
Guwahati
দেওবাৰ, নৱেম্বৰ 28, 2021
Homeক্ৰীড়ামুম্বাইত অনুশীলন আৰম্ভ ‘চিকু’ৰ,দৰ্শকবিহীন ষ্টেডিয়ামত কোহলীক কোনে জনালে অভ্যৰ্থনা?

মুম্বাইত অনুশীলন আৰম্ভ ‘চিকু’ৰ,দৰ্শকবিহীন ষ্টেডিয়ামত কোহলীক কোনে জনালে অভ্যৰ্থনা?

নতুন দিল্লীঃ ক্ৰিকেট বিশ্বৰ অন্যতম বহুল চৰ্চিত এটা নাম-বিৰাট কোহলী। কোহলীক বাদ দি ভাৰতীয় ক্ৰিকেটৰ বিষয়ে পৰ্যালোচনা কৰাটো অৰ্থহীন কচৰত্‍। সফলতা-বিফলতাৰ মাজেৰেই কোহলীয়ে চলাই গৈছে জীৱন। টি-২০ বিশ্বকাপৰ পাছত বিৰাট কোহলীয়ে লৈছিল বিশ্ৰাম। নিউজিলেণ্ডৰ বিৰুদ্ধে টি-২০ শৃংখলা বাদেই আনকি টেষ্ট শৃংখলাৰ প্ৰথমখন খেলতো নেখেলে ৰান মেছিন কোহলীয়ে। কিন্তু অতি সন্তপৰ্নে কোহলীয়ে চলাই গৈছে অনুশীলন। মুম্বাইৰ ক্ৰিকেট ক্লাব অৱ ইণ্ডিয়াৰ খেলপথাৰত ইতিমধ্যে অনুশীলন আৰম্ভ কৰিছে কোহলীয়ে। এইখিনিলৈ সকলো ঠিকেই আছিল।হঠাত্‍ অনুশীলনৰ সময়ত ঘটিল এক আশ্চৰ্য্যকৰ ঘটনা। কোহলীৰ অনুশীলন চাবলৈ আহিল এটা মেকুৰী।

কোহলীয়ে ততাতৈয়াকৈ মেকুৰীটোৰ সৈতে এখন ফটো সামাজিক মাধ্যমত পোষ্ট কৰে। লগে লগে ভাইৰেল হৈ পৰে কোহলীৰ পোষ্ট। কোহলীয়ে কেপচনত লিমখিছে, ‘অনুশীলনত স্বাগতম জনোৱাৰ বাবে উপস্থিত হৈছে এই মেকুৰীটো।’ কোহলীৰ পোষ্টত পত্নী অনুষ্কা শৰ্মাইয়ো কৰিছে ৰসাল মন্তব্য । তেওঁ লিখিছে, ‘হেল্লো বিল্লী’। অনুষ্কাৰ মন্তব্যৰ পাছতে, কোহলীয়ে কয়, ‘দিল্লীৰ পুত্ৰৰ সৈতে মুম্বাইৰ বিল্লী। ‘ উল্লেখ যে, ভাৰতে কানপুৰত নিউজিলেণ্ডৰ বিৰুদ্ধে প্ৰথমখন টেষ্টত অৱতীৰ্ণ হ’ব বৃহস্পতিবাৰে। টি-২০ বিশ্বকাপৰ পাছত, টেষ্ট ক্ৰিকেটৰো অধিনায়কত্ব ত্যাগ কৰিলে কোহলীয়ে। নিউজিলেণ্ডৰ বিৰুদ্ধে টি-২০ শৃংখলাতো দেখা পোৱা নগ’ল কোহলীক। এবাৰ প্ৰথম টেষ্টতো কোহলীয়ে নেখেলে। নিউজিলেণ্ডৰ বিৰুদ্ধে প্ৰথমখন টেষ্টত ভাৰতীয় দলটোক আজিংক্য ৰাহানে নেতৃত্ব দিব বুলি জানিবলৈ পোৱা গৈছে। অৱশ্যে, পুনৰ কোহলীক খেলপথাৰত কেতিয়া দেখিবলৈ পাৱ অনুৰাগীয়ে, সেয়া এতিয়াই নিশ্চিত হোৱা নাই।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular