spot_img
19.8 C
Guwahati
19.8 C
Guwahati
শুক্ৰবাৰ, অক্টোবৰ 22, 2021
Homeক্ৰীড়াকোহলীৰ কালদোষ আইচিচি ট্ৰফী! কি প্ৰতিক্ৰিয়া বিচিচিআইৰ?

কোহলীৰ কালদোষ আইচিচি ট্ৰফী! কি প্ৰতিক্ৰিয়া বিচিচিআইৰ?

নতুন দিল্লীঃ কৈ নো কৈ ওৰকে নপৰা হৈছে বিৰাট প্ৰসংগ। ভাৰতীয় ক্ৰিকেটৰ ৰান মেচিন খ্যাত তাৰকা ক্ৰিকেটাৰ বিৰাট কোহলী প্ৰসংগৰ যেন আদিহে আছে কিন্তু অন্ত নাই! বৃহস্পতিবাৰে আনুষ্ঠানিকভাৱে সবাতোকৈ মনোৰঞ্জনধৰ্মী ফৰ্মেট টি-২০ ক্ৰিকেটৰ পৰা অধিনায়কৰ দ্বা‌য়িত্ব ত্যাগ কৰিব বুলি ঘোষণা কৰাৰ পাছতে সৰ্বাধিক চৰ্চিত হৈছে কোহলী আখ্যান। ২২ গজৰ খেলপথাৰত সদায়েই দমনীয়া প্ৰদৰ্শন আগবঢ়োৱা তাৰকাজন বহুসময়ত প্ৰতিপক্ষৰ বাবেও মূৰৰ কামোৰণি হৈ পৰা দেখা যায়। পূৰ্বৰ ধাৰাবাহিকতা অক্ষুন্ন ৰাখিলেও অধিনায়কৰ দ্বায়িৰত্ব গ্ৰহণৰ পাছত ৰান ৰেট নিম্নগামী হৈছে কোহলীৰ।

ৰান ৰেট তথা উন্নত প্ৰদৰ্শনৰ প্ৰতি লক্ষ্য ৰাখি কেবল বেটছমেন হিচাপেই খেলি যোৱাৰ সিদ্ধান্ত লোৱা বুলি কোহলীয়ে প্ৰকাশ কৰিলেও অহুকাণে-পহুকাণে ওলাইছে অলেখ হনুবাৰ্তা। বহু সময়ত কোহলীৰ নেতৃত্বকলৈ ভিন্নজনে প্ৰশ্ন উত্থাপন কৰি আহিছে। ভাৰতীয় ক্ৰিকেটৰ ইতিহাসত এগৰাকী সফল খেলুৱৈ হিচাপে কৃতিত্ব অৰ্জন কৰিলেও অধিনায়ক হিচাপে ব্যৰ্থ বুলিয়েই প্ৰকাশ পাইছে সংবাদ মাধ্যমত। কোহলীৰ নেতৃত্বত ভাৰতে বহুতো প্ৰত্যাহ্বান নেওচি বিজয়ৰ শেষ হাঁহি মাৰিবলৈ সক্ষম হ’লেও লাভ কৰা নাই এটাও আইচিচি ট্ৰফী। কোহলীৰ সমানে উচ্চাৰিত হৈছে প্ৰশিক্ষক শাস্ত্ৰীৰ নাম। ‌সি যি নহওক কোহলীয়ে বৃহস্পতিবাৰে আগন্তুক টি-২০ বিশ্ব কাপৰ পাছত অধিনায়ক পদ আনুষ্ঠানিকভাৱে ত্যাগ কৰাৰ মেগা ঘোষণাৰ পাছত ক্ৰীড়ানুৰাগীৰ প্ৰশংসা, উপহাস সকলো মূৰ পাতি ল’ব লগা হৈছে তাৰকা ক্ৰিকেটাৰজনে। অৱশ্যে, নানা বাত-বিতণ্ডাৰ বিপৰীতে ক্ৰিকেট এক্সপাৰ্টসকলে সামাজিক মাধ্যমত ভিন্ন ধৰণে মতপ্ৰকাশ কৰা পৰিলক্ষিত হৈছে। কোহলীৰ টুইটাৰ পোষ্টৰ পাছতে বিচিচিআই সচিব জয় শ্বাহে কয় যে, ‘কোহলীয়ে ভাৰতীয় ক্ৰিকেটৰ প্ৰতি আগবঢ়োৱা অৱদান দেশে কেতিয়াও নাপাহৰে। শ্ৰেষ্ঠ প্ৰভাৱশালী ক্ৰিকেটাৰজনে অধিনায়কৰ লগতে খেলপথাৰত নিজৰ পাৰদৰ্শিতা সমানে বজাই ৰাখিছিল।’ ইফালে বিচিচিআইৰ উপাধ্যক্ষ ৰাজীৱ শুক্লাই কয়, ‘ক্ৰিকেটাৰজনৰ ব্যক্তিগত সিদ্ধান্তৰ প্ৰতি ব’ৰ্ডে শ্ৰদ্ধাসহকাৰে সন্মান জনাইছে আৰু তেওঁ আগবঢ়োৱা অৱদান ভাৰতে সদায়েই মনত ৰাখিব।’

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular