‘ভুকি নাথাকিব কোহলী’! কোনে আৰু কিয় এনেদৰে অপমান কৰিলে বিৰাট কোহলীক?

0
14989
বিৰাট কোহলী
'ভুকি নাথাকিব কোহলী'! কোনে আৰু কিয় এনেদৰে অপমান কৰিলে বিৰাট কোহলীক?

ডিজিটেল ডেস্কঃ আহি আছে হিন্দুসকলৰ অন্যতম প্ৰধান উৎসৱ দীপাৱলী। দীপাৱলীৰ বিষয়ে কৈ এচাম লোকৰ ৰোষৰ বলি হৈছে ভাৰতীয় ক্ৰিকেট তাৰকা বিৰাট কোহলী। শেহতীয়াকৈ টি২০ বিশ্বকাপত ব্যস্ত হৈ আছে টীম ইণ্ডিয়াৰ অধিনায়কজন। ইয়াৰ মাজতে কোহলীয়ে এটা বিশেষ সজাগতা অভিযান আৰম্ভ কৰিছে। অভিযানটো হৈছে এটা ‘পৰিপূৰ্ণ দিৱালী উদযাপন’ৰ বাবে তেওঁ সপ্তাহজোৰাকৈ কিছু টিপছ প্ৰদান কৰিব। প্ৰিণ্টাৰেষ্টৰ সহযোগত তেওঁ এটা নিজে কৰা ভিডিঅ’ত এই কথা জনাইছে। ভিডিঅ’টো বিৰাট কোহলীয়ে তেওঁৰ অফিচিয়েল টুইটাৰতো শ্বেয়াৰ কৰিছে।

তেওঁ ৰাইজলৈ আহ্বান জনায় কয় যে দিৱালীৰ দিনা যাতে সকলোৱে পৰিৱেশ বিনষ্টকাৰী ফটকা-বোমা নুফুটোৱাকৈ উৎসৱৰ আনন্দ উপভোগ কৰে। ফটকা-বোমাই পৰিৱেশ প্ৰদূষিত কৰে বুলি ভিডিঅ’টোত কয় কোহলীয়ে। ভিডিঅ’টোত কোহলীয়ে কৈছিল, ‘‘সমগ্ৰ বিশ্বই এক কঠিন সময়ৰ মাজেৰে দিন অতিবাহিত কৰিছে। কৰ’নাই জ্বলা-কলা খুৱাইছে সকলোকে। বিশেষকৈ ভাৰতবৰ্ষত কৰ’নাৰ দ্বিতীয় ঢৌৱে যথেষ্ট বিৰূপ প্ৰভাৱ পেলাইছে। বহুলোক ক্ষতিগ্ৰস্ত হৈছে। বহুতে এতিয়াও পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিব পৰা নাই। সেয়েহে দীপাৱলীৰ প্ৰস্তুতি সম্পূৰ্ণ কৰাৰ পূৰ্বে মই কিছুমান বিশেষ পৰামৰ্শ আপোনালোকৰ সৈতে ভাগ-বতৰা কৰিম। অহা কেইসপ্তাহমানৰ ভিতৰত, মই পৰিয়াল আৰু প্ৰিয়জনৰ সৈতে দীপাৱলী কেনেকৈ উদযাপন কৰিব লাগে তাকে লৈ কিছুমান ব্যক্তিগত পৰামৰ্শ আপোনালোকৰ সৈতে ভাগ-বতৰা কৰিম।’’ যোৱাবছৰো তেওঁ দীপাৱলীত ফটকা-আতচবাচী একো নজ্বলোৱাকৈ পৰিয়ালৰ সৈতে দীপাৱলীৰ আনন্দ উপভোগ কৰিবলৈ আহ্বান জনাইছিল। সেইবাৰো তেওঁক এচামে আক্ৰমণৰ লক্ষ্য কৰি লৈছিল।

আৰু পঢ়কঃ চিকিৎসকৰ চকু উঠিল কপালত, ৬ মাহ ধৰি যুৱকৰ পেটত সোমাই আছিল মোবাইল ফোন

টুইটাৰত ‘Suno Kohli‘ৰ হেছটেগেৰে বিৰাট কোহলীৰ বৰ্তমানৰ ভিডিঅ‘টো ভাইৰেল হৈ পৰিছে। ইয়াৰ পিছতেই হিন্দুত্ববাদীৰ একাংশই আক্ৰমণৰ লক্ষ্য কৰি লয় বিৰাট কোহলীক। টুইটাৰত ‘Suno Kohli‘ৰ উপৰিও ‘bhok mat kohli‘ হেছটেগেৰে ভৰি পৰিছে টুইটাৰ। তাত তেওঁলোকে প্ৰশ্ন কৰে যে কোহলীয়ে কিয় হিন্দু উৎসৱৰ বিষয়ে কথা ক’ব? তেওঁলোকে কয় যে ফটকা-বোমা পৰিহাৰ কৰি পৰিৱেশ সুৰক্ষাৰ কথা কোৱা বিৰাট কোহলীয়ে কিয় মুছলমানসকলৰ ঈদক লৈ একো কথা নকয়। বৰ্তমান এই হেছটেগ দুটা ট্ৰেণ্ডিঙত আহিছে। ক্ৰিকেটাৰগৰাকীয়ে যিমানেই মহৎ উদ্দেশ্যৰে কথাষাৰ নকওক কিয় একাংশই কিন্তু বিৰাটৰ এই টুইটটো একেবাৰে পছন্দ কৰা নাই। বহুতেই সহজভাৱে ল’ব পৰা নাই। কোহলীয়ে কোভিড পৰিস্থিতিৰ অচিলা লৈ হিন্দুবিৰোধী মন্তব্য প্ৰকাশ কৰিছে বুলি বহুতে ক্ষোভ উজাৰিছে। ক্ৰিকেটৰ মাজতে নিজৰ জ্ঞান সীমাবদ্ধ ৰাখক বুলিও এচামে হুংকাৰ দিছে ক্ৰিকেটাৰগৰাকীক।