spot_img
26 C
Guwahati
26 C
Guwahati
দেওবাৰ, নৱেম্বৰ 28, 2021
Homeক্ৰীড়াৰোহিত নহয়, কোহলীয়েই অধিনায়ক! কাৰ কাৰ সমৰ্থন লাভ কৰিলে বিৰাটে?

ৰোহিত নহয়, কোহলীয়েই অধিনায়ক! কাৰ কাৰ সমৰ্থন লাভ কৰিলে বিৰাটে?

নতুন দিল্লীঃ কোন হ’ব ভাৰতীয় দলৰ পৰৱৰ্তী অধিনায়ক? ৰোহিত নে ৰাহুল? কোন আছে বিচিচিআইৰ নখদৰ্পনত? তাকে হৈ সৰ্বত্ৰে এতিয়া জল্পনা-কল্পনা। কোহলীকে নামিবিয়াৰ বিৰুদ্ধে ভাৰতে টি-২০ বিশ্বকাপত সোমবাৰে তেওঁলোকৰ অন্তিমখন খেল খেলে। বিৰাট কোহলীয়ে নামিবিয়াৰ বিৰুদ্ধে খেলখনত অধিনায়ক হিচাপে তেওঁৰ অন্তিমখন আন্তঃৰাষ্ট্ৰীয় টি-২০ খেল খেলে। এতিয়ালৈকে আনুষ্ঠানিক ঘোষণা নকৰিলেও এইটো নিশ্চিত যে ৰোহিত শৰ্মাই হ’ব ভাৰতৰ টি-২০ দলৰ পৰৱৰ্তী অধিনায়ক। অৱশ্যে, টি-২০ ফৰ্মেটত অধিনায়কত্ব ত্যাগ কৰাৰ পাছতো এদিনীয়া আৰু টেষ্ট ক্ৰিকেটৰ অধিনায়কত্ব ত্যাগ কৰাৰ কথা ঘোষণা কৰা নাই বিৰাট কোহলীয়ে।

চলিত বিশ্বকাপত পাকিস্তান আৰু নিউজিলেণ্ডৰ হাতত একেৰাহে দুখন মেচত পৰাস্ত হোৱাৰ পাছত বিশ্বকাপৰ ছুপাৰ টুৱেলভৰ পৰা বিদায় লয় ভাৰতে। দলটোৰ এনে প্ৰদৰ্শনৰ ফলত এদিনীয়া দলৰ অধিনায়ক পদৰ পৰা কোহলীক আঁতৰোৱা হ’ব বুলি হনুবাৰ্তা ওলাইছিল। বোৰ্ডৰ একাংশ ব্যক্তিয়েই বিশ্বকাপৰ মাজভাগত কোহলীৰ অধিনায়ক প্ৰসংগত কেতবোৰ মন্তব্য কৰিছিল। বিশ্বকাপৰ সামৰণি পৰাৰ লগে লগে অনুৰাগীৰ মনত এতিয়া উত্‍কন্ঠা,কৌতুহল বৃদ্ধি হোৱা দেখিবলৈ পোৱা গৈছে। একাংশই বিৰাটৰ পৰিৱৰ্তে ৰোহিত শৰ্মাই ভাৰতীয় দলৰ সম্ভাব্য অধিনায়ক বুলি ভাবি লৈছে। এনে কথাৰ গুঞ্জন উঠি থকা সময়তে প্ৰাক্তন ভাৰতীয় বেটছমেন বীৰেন্দ্ৰ ছেহৱাগে কৰিছে গুৰুত্বপূৰ্ণ মন্তব্য। ৩৩ বছৰীয়া বেটছমেনজনক এই মুহূৰ্তত বাকী দুটা সংস্কৰণৰ অধিনায়কত্বৰ পৰা আঁতৰাই দিয়াতো উচিত নহয় বুলি মন্তব্য বীৰেন্দ্ৰ ছেহৱাগৰ। উল্লেখ্য যে, ফেচবুক পেজত ছেহৱাগক এগৰাকী অনুৰাগীয়ে সুধিছিল যে, কোহলীক বাকী দুটা সংস্কৰণৰ অধিনায়কত্বৰ পৰা অব্যাহতি দিয়া হ’ব নেকি?

প্ৰশ্নৰ উত্তৰত ছেহৱাগে কয়, ‘মই নাভাবো যে তেওঁ বাকী দুটা সংস্কৰণৰ বাবে অধিনায়ক পদৰ পৰা আঁতৰাই দিয়া উচিত। ভাৰতে তেওঁৰ অধিনায়কত্বত খুব ভাল খেলি আছে আৰু অধিনায়ক হিচাপে তেওঁৰ অভিলেখো উৎকৃষ্ট।’ কিন্তু কোহলীয়ে অধিনায়ক হৈ থাকিব নে নাই সেয়া তেওঁৰ ওপৰত এৰি দিয়া উচিত, তেওঁ এজন অতি ভাল ক্ৰিকেটাৰ আৰু এজন আক্ৰমণাত্মক অধিনায়ক, যিয়ে দলটোক সন্মুখৰ পৰা নেতৃত্ব দিয়ে বুলিও সদৰী কৰিছে প্ৰাক্তন ভাৰতীয় বেটছমেনগৰাকীয়ে। ভাৰতে ২০১৩ চনৰ পৰা আইচিচি টুৰ্ণামেণ্টৰ এটা ট্ৰফীও জিকিব পৰা নাই। প্ৰাক্তন উইকেটকীপাৰ বেটছমেন মহেন্দ্ৰ সিং ধোনীৰ নেতৃত্বত ভাৰতে শেষবাৰৰ বাবে ২০১৩ চনত চেম্পিয়নছ ট্ৰফীত চুমুক দিছিল। এই প্ৰসংগত সোধাত ছেহৱাগে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড অৰ্থাত্‍ বিচিচিআইক সমাধান বিচাৰিবলৈ কয়। ছেহৱাগৰ মত, ‘মই জানো যে আমি বেয়া সময়ত দলটোক সহায় কৰা উচিত। কিন্তু আমি প্ৰায় দীৰ্ঘদিন ধৰি আইচিচি টুৰ্ণামেণ্টত ভাল প্ৰদৰ্শন কৰিবলৈ সক্ষম হোৱা নাই। ভাৰতে ইয়াৰ প্ৰতি মনোযোগ দিব লাগিব। দ্বিপাক্ষিক শৃংখলা জয় কৰাটো ভাল কিন্তু মানুহে আপোনাক তেতিয়াহে মনত ৰাখিব যেতিয়া আপুনি নিয়মীয়াকৈ আইচিচি টুৰ্ণামেণ্ট জিকে।’

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular