Google search engine
32 C
Guwahati
Monday, August 2, 2021
Google search engine
Homeআঞ্চলিকভিছাৰ নিয়ম উলংঘা, ঘূৰাই পঠিয়ালে বাংলাদেশী ধৰ্ম প্ৰচাৰকক

ভিছাৰ নিয়ম উলংঘা, ঘূৰাই পঠিয়ালে বাংলাদেশী ধৰ্ম প্ৰচাৰকক

কৰিমগঞ্জ : পাছপোৰ্ট, ভিছাৰ নিয়ম উলংঘা কৰাৰ বাবে বাংলাদেশৰ এগৰাকী ইছলামিক নেতাক ওভতাই পঠিয়ালে ভাৰতে। কৰিমগঞ্জ আৰক্ষীয়ে আজি সুতাৰকান্দি সীমান্তৰে ইছলামিক নেতা মুফতি হুছেইন আহমদ ছিদ্দিকিক বাংলাদেশলৈ ওভতাই পঠিয়ায়।

আৰু পঢ়িব পাৰিব : লাডাখ সীমান্তৰ বিবদমান স্থানৰপৰা আঁতৰিল ভাৰত-চীনৰ সৈন্য


ছিদ্দিকিৰ ঘৰ বাংলাদেশৰ ব্ৰাহ্মণবাৰিয়াত। তেওঁ যোৱা ফেব্ৰুৱাৰী মাহত চিকিৎসাৰ ভিছা লৈ ভাৰতত প্ৰৱেশ কৰি অসমৰ বিভিন্ন জিলাৰ লগতে কৰিমগঞ্জৰ বহু এলেকাত ধৰ্ম প্ৰচাৰ কৰিছিল। অৱশ্যে পাথাৰকান্দিত ওয়াজ মেহফিলত অংশ লোৱাৰ পূৰ্বে কৰিমগঞ্জ আৰক্ষীয়ে বাংলাদেশৰ ইছলামিক নেতাজনক আটক কৰিবলৈ সক্ষম হয়।

আৰু পঢ়িব পাৰিব : গালোৱান সংঘৰ্ষ : প্ৰথমবাৰলৈ নিজৰ ক্ষতিৰ কথা স্বীকাৰ চীনৰ


উল্লেখ্য যে, হুছেইন মুফতিয়ে চিকিৎসা কৰোঁৱাৰ নামত ভিছা সংগ্ৰহ কৰি ধৰ্ম প্ৰচাৰ আৰম্ভ কৰিছিল।অতিৰিক্ত আৰক্ষী অধীক্ষক পংকজ যাদৱৰ নেতৃত্বত আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি তেওঁক আটক কৰি নিজ দেশলৈ ওভতাই পঠিয়ায়।

RELATED ARTICLES

Today's Weather

Guwahati
haze
32 ° C
32.4 °
32 °
70 %
1.5kmh
75 %
Mon
32 °
Tue
28 °
Wed
31 °
Thu
33 °
Fri
33 °

Watch latest Movies & TV Series on Prag Play

Most Popular