spot_img
27 C
Guwahati
27 C
Guwahati
শুক্ৰবাৰ, অক্টোবৰ 22, 2021
Homeক্ৰীড়াব্ৰহ্মপুত্ৰ ভলীবল লীগৰ দিন ঘোষণা...

ব্ৰহ্মপুত্ৰ ভলীবল লীগৰ দিন ঘোষণা…

নতুন দিল্লী : ভলীবল খেলক অসমৰ প্ৰতিখন গাঁও লৈ যোৱাৰ প্ৰয়াসেৰে আৰম্ভ হ’ব এই বৰ্ষৰ ব্ৰহ্মপুত্ৰ ভলীবল লীগৰ ৷ অসমত ২০২১ চনৰ ব্ৰহ্মপুত্ৰ ভলীবল লীগ -চিজন ২ৰ দিন ঘোষণা৷ নতুন দিল্লীত ভাৰতীয় ভলীবল প্ৰাক্তন কেপ্তেইন তথা ব্ৰহ্মপুত্ৰ ভলীবল লীগৰ প্ৰতিষ্ঠাপক অভিজিত ভট্টাচায্যই আজি সংবাদমেলযোগে এই ঘোষণা কৰে৷

ব্ৰহ্মপুত্ৰ ভলীবল লীগ হৈছে বিশ্বৰ প্ৰথমখন লীগ য’ত ল’ৰা আৰু ছোৱালী দুয়োটা দলৰে লীগ হয়৷ ২০২০ চনত ৫০ টা দলে প্ৰথমবাৰৰ বাবে অসমৰ গাঁওসমূহত ভলীবল খেলত অংশ লয়৷ এইবাৰ, ২০৪ টা দল ২০০০ খেলুৱৈয়ে অংশ লব ব্ৰহ্মপুত্ৰ ভলীবল লীগ-চিজন ২৷ ২১ৰ অনুৰ্ধ্বৰ আৰু ১৬অনুৰ্ধ্বৰ শাখাত ল’ৰা আৰু ছোৱালীৰ খেল অনুষ্ঠিত হ’ব৷

অসমৰ ২৮ খন জিলাত হ’ব লগা এই লীগ জিলা পৰ্যায়ত লীগ হ’ব আৰু ইয়াৰ পাছত ৮ টা জ’নত খেল অনুষ্ঠিত হ’ব৷ ৮ টা জ’নৰ পৰা ৰাজ্যিক পৰ্যায়ৰ লীগ ডিব্ৰুগড়ৰ এখন গাঁওত হ’ব৷ নবেম্বৰৰ ৭ তাৰিখৰ পৰা আৰম্ভ হ’ব আৰু ১৬ ফেব্ৰুৱাৰীত ফাইনেল খেলখন অনুষ্ঠিত হ’ব৷ খেলখন সফলভাৱে অনুষ্ঠিত কৰাৰ বাবে অসমৰ প্ৰতিটো প্ৰান্তৰ ৰাইজৰ সহায়-সহযোগিতাৰ আহ্বান জনাই৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular