Google search engine
28 C
Guwahati
Wednesday, July 28, 2021
Google search engine
Homeআঞ্চলিকভোটাৰ ৯০ গৰাকী, ভোট পৰিল ১৭১টা... কি হৈছিল এই ভোটকেন্দ্ৰটোত?

ভোটাৰ ৯০ গৰাকী, ভোট পৰিল ১৭১টা… কি হৈছিল এই ভোটকেন্দ্ৰটোত?

হাফলং : ভোটাৰ আছিল ৯০গৰাকী। কিন্তু ভোট পৰিল ১৭১টা। এটা ভোটকেন্দ্ৰৰ এই আজৱ ঘটনা শেহতীয়াকৈ পোহৰলৈ আহিছে। ভোটকেন্দ্ৰটো অসমৰে ডিমা হাছাও জিলাৰ।

আৰু পঢ়িব পাৰিব : ৰাজ্যত পুনৰ অমানৱীয় কাণ্ডঃ দলবদ্ধ ধৰ্ষণ!

অসম বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ত অৰ্থাৎ ১ এপ্ৰিলৰ দিনা হাফলং সমষ্টিৰ এই ভোটকেন্দ্ৰটোতো ভোটগ্ৰহণ কৰা হৈছিল। কিন্তু তাতেই এই গুৰুতৰ বিসংগতি ধৰা পৰে। ২ এপ্ৰিলত জিলা নিৰ্বাচনী বিষয়াই বুথটোৰ পাঁচজনকৈ বিষয়াক নিলম্বিত কৰিছে। ১০৭ (ক)নং খোটলিৰ প্ৰাথমিক বিদ্যালয়ৰ ভোটকেন্দ্ৰত এই বিশৃংখলাৰ সৃষ্টি হৈছিল।

আৰু পঢ়িব পাৰিব : ৰাফেল : ডছাল্টে কোন মধ্যভোগীক দিছিল ১ নিযুত ইউৰো?

জিলা নিৰ্বাচনী বিষয়াই ২ এপ্ৰিলতে বিষয়া পাঁচজনক নিলম্বনৰ নিৰ্দেশ দিছিল যদিও শেহতীয়াকৈহে এই ঘটনা পোহৰলৈ আহিছে। ৯০গৰাকী ভোটাৰ থকা কেন্দ্ৰটোত কিদেৰ ১৭১গৰাকীয়ে ভোটদান কৰিলে সেয়া সন্দেহৰ আৱৰ্ততে ৰৈ গৈছে।

RELATED ARTICLES

Today's Weather

Guwahati
mist
28 ° C
28 °
28 °
89 %
0kmh
75 %
Wed
34 °
Thu
33 °
Fri
31 °
Sat
31 °
Sun
31 °

Watch latest Movies & TV Series on Prag Play

Most Popular