spot_img
30 C
Guwahati
30 C
Guwahati
শুক্ৰবাৰ, অক্টোবৰ 22, 2021
Homeব্ৰেকিং নিউজউপায়ুক্ত হ’ব বিচাৰিছিল ব্ৰেইন টিউমাৰত আক্ৰান্ত ১১বছৰীয়া ফ্ল’ৰাই, কিদৰে পূৰণ হ’ল তেওঁৰ...

উপায়ুক্ত হ’ব বিচাৰিছিল ব্ৰেইন টিউমাৰত আক্ৰান্ত ১১বছৰীয়া ফ্ল’ৰাই, কিদৰে পূৰণ হ’ল তেওঁৰ এই ইচ্ছা?

ডিজিটেল ডেস্ক : এগৰাকী সপ্তম শ্ৰেণীৰ ছাত্ৰী। ১১বছৰীয়া ছাত্ৰীগৰাকীয়ে সদায়ে ইচ্ছা কৰিছিল উপায়ুক্ত হোৱাৰ। এই সুযোগো আহিল। কিন্তু এক দুৰ্ভাগ্যজনক পৰিস্থিতিত তেওঁৰ হাতলৈ আহিল হাবিয়াস পূৰণৰ সুযোগ। ১১বছৰীয়া কিশোৰীগৰাকীয়ে এদিনৰ বাবে বহিল আহমেদাবাদৰ উপায়ু্ক্তৰ আসনত। ফ্ল’ৰা আছ’ডিয়া নামৰ সপ্তম শ্ৰেণীৰ ছাত্ৰীগৰাকী আক্ৰান্ত হৈছে ব্ৰেইন টিউমাৰত। গুৰুতৰভাৱে অসুস্থ হৈ পৰা ছাত্ৰীগৰাকীৰ ইচ্ছা পূৰণৰ বাবেই এই বিশেষ পদক্ষেপ গ্ৰহণ কৰিলে আহমেদাবাদ প্ৰশাসনে।

১১বছৰীয়া ছাত্ৰীগৰাকীয়ে সদায়ে ইচ্ছা কৰিছিল উপায়ুক্ত হোৱাৰ। এই সুযোগো আহিল। কিন্তু এক দুৰ্ভাগ্যজনক

যোৱা মাহত তেওঁৰ মগজুৰ টিউমাৰ আঁতৰোৱাৰ বাবে অস্ত্ৰোপচাৰ কৰা হৈছিল আৰু তাৰ পাছত তেওঁৰ স্বাস্থ্য অধিক অৱনতি ঘটে। তাৰ পাছতে তেওঁৰ ইচ্ছাপূৰণৰ ব্যৱস্থা গ্ৰহণ কৰে আহমেদাবাদৰ উপায়ুক্তই। ‘গান্ধীনগৰৰ ফ্ল’ৰা ব্ৰেইন টিউমাৰত আক্ৰান্ত হৈছিল। যোৱা মাহত তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটে। আমি মেক-এ-উইচ ফাইণ্ডেচনৰ পৰা এটা বাৰ্তা লাভ কৰিছিলোঁ যে, এই কিশোৰীগৰাকী উপায়ুক্ত হ’ব বিচাৰে। আহমেদাবাদৰ উপায়ুক্ত সন্দীপ ছাংলেই সংবাদ মাধ্যমৰ আগত এইকথা প্ৰকাশ কৰে।

গান্ধীনগৰৰ এইগৰাকী কিশোৰীৰ কাহিনীয়ে এতিয়া আৱেগ মধুৰ পৰিৱেশৰ সৃষ্টি কৰিছে।

কিশোৰীগৰাকীৰ এই ইচ্ছাৰ কথা জনাৰ পাছতে কিশোৰীগৰাকীক পৰিয়ালৰ সৈতে যোগাযোগ কৰে উপায়ুক্ত ছাংলাই। ‘মই ফ্ল’ৰাৰ পিতৃ-মাতৃৰে যোগাযোগ কৰি তাইৰ ইচ্ছা পূৰণ কৰিব বিচৰাৰ কথা প্ৰকাশ কৰিছিলোঁ। কিন্তু তেওঁৰ ভগ্ন স্বাস্থ্যই সেই লক্ষ্য পূৰণ হ’বলৈ দিয়া নাছিল। অৱশেষত তেওঁৰ ইচ্ছা পূৰণ কৰি তেওঁক আমি উপায়ুক্তৰ আসনত বহুৱাবলৈ সক্ষম হ’লোঁ।’ ফ্ল’ৰাই উপায়ুক্তৰ আসনত বহি ২৫ ছেপ্টেম্বৰৰ তেওঁৰ জন্মদিনো আগতীয়াকৈ পালন কৰে। গান্ধীনগৰৰ এইগৰাকী কিশোৰীৰ কাহিনীয়ে এতিয়া আৱেগ মধুৰ পৰিৱেশৰ সৃষ্টি কৰিছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular