spot_img
15.6 C
Guwahati
15.6 C
Guwahati
বৃহস্পতিবাৰ, জানুৱাৰী 20, 2022
Homeব্ৰেকিং নিউজসংক্ৰমণৰ ঢৌ! দেশত ঊৰ্ধ্বমুখী কৰ’নাৰ গ্ৰাফ, বাঢ়িছে দৈনিক আক্ৰান্তৰ হাৰ

সংক্ৰমণৰ ঢৌ! দেশত ঊৰ্ধ্বমুখী কৰ’নাৰ গ্ৰাফ, বাঢ়িছে দৈনিক আক্ৰান্তৰ হাৰ

ডিজিটেল ডেস্কঃ একাধিক প্ৰতিষেধক উদ্ভাৱন তথা এই প্ৰতিষেধক প্ৰদানৰ প্ৰক্ৰিয়া বিশ্বজুৰি আৰম্ভ হোৱাৰ পাছত কৰ’না ভাইৰাছক লৈ আতংক সামান্য হ্ৰাস হৈছে যদিও মানৱ জাতিৰ পৰা যেন সংকটৰ ডাৱৰ আঁতৰা নাই। এইবাৰ ক’ভিডে অধিক ভয়ংকৰ ৰূপ লোৱাৰ আশংকা ব্যক্ত কৰিছে দেশৰ বিশেষজ্ঞই। বিগত সময়ছোৱাৰ কৰ’নাৰ দ্ৰুতসংক্ৰমণো লক্ষ্যণীয় হৈ পৰিছে। দিনক দিনে দেশত দৈনিক কৰ’না সংক্ৰমণৰ হাৰ বৃদ্ধি পায়ে আছে। বিগত ২ ঘণ্টাত কৰ’নাক্ৰান্তৰ সংখ্যাই ২.৫ লাখৰ সীমা অতিক্ৰমি ২লাখ ৭০হাজাৰৰ ঘৰ স্পৰ্শ কৰিছে।

কেন্দ্ৰীয় স্বাস্থ্য-মন্ত্ৰালয়ে প্ৰদান কৰা তথ্য অনুসৰি বিগত ২৪ ঘণ্টাত দেশত ২,৬৮,৮৩৩ জন লোক নতুনকৈ কৰ’নাক্ৰান্ত হৈছে। ইফালে, এই সময়ছোৱাত ১,২২,৬৮৪ জন লোক আৰোগ্য হৈ উঠিছে কৰ’নাৰ পৰা। এই মুহূৰ্তত দেশত সক্ৰিয় কৰ’না ৰোগীৰ সংখ্যা ১৪,১৭,৮২০। দৈনিক সংক্ৰমণৰ হাৰ ১০ শতাংশৰ পৰা একেকোবে ১৬.৬৬ শতাংশ হৈছেগৈ। ক’ভিড সংক্ৰমণৰ এই ঊৰ্ধ্বমুখী গ্ৰাফডালে উদ্বিগ্ন কৰি তুলিছে দেশবাসীক। অতিমাৰী কৰ’নাৰ বাবেই বিগত ২৪ ঘণ্টাত ৪০২ জন লোকে প্ৰাণ হেৰুৱাইছে। আনহাতে, কৰ’না ভাইৰাছৰ নতুন ষ্ট্ৰেইনে সমগ্ৰ বিশ্বতে চলাইছে তাণ্ডৱ। অ’মিক্ৰনে প্ৰকোপে জোকাৰি গৈছে ভাৰতকো। এতিয়ালৈকে, দেশখনত অ’মিক্ৰনত আক্ৰান্ত ৰোগীৰ সংখ্যা ৬০৪১। এনেধৰণৰ বিশ্বজোৰা সংক্ৰমণৰ শেষ ক’ত, তাকে লৈ এতিয়া চিন্তিত হৈ পৰিছে সকলো।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular