spot_img
17 C
Guwahati
17 C
Guwahati
শনিবাৰ, জানুৱাৰী 29, 2022
Homeআঞ্চলিক৫ দিনলৈ সতৰ্কবাণী ! এছঅ'পি নহয়, বতৰেহে দিলে বিহু পালনত বাধা

৫ দিনলৈ সতৰ্কবাণী ! এছঅ’পি নহয়, বতৰেহে দিলে বিহু পালনত বাধা

গুৱাহাটী : পদূলিমুখত বাপতিসাহোন ভোগালী বিহু৷ ইতিমধ্যে গাঁৱে-চহৰে বিহুক লৈ প্ৰস্তুতি আৰম্ভ৷ পিঠা-পনা বনোৱাত ব্যস্ত জীয়ৰী-বোৱাৰী৷ ক’ভিড সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰেও জাৰি কৰিছে এছঅ’পি৷ সান্ধ্য আইনে উৰুকাৰ নিশা মাঘ বিহুৰ উন্মাদনাক কিছু ম্লান কৰাৰ সময়তে আকৌ বতৰেও দিছে বিধি পথালি৷ আজি পুৱতি নিশাৰ পৰাই ৰাজ্যৰ বিভিন্ন প্ৰান্তত পাতলিয়া বৰষুণৰ প্ৰভাৱ দেখিবলৈ পোৱা গৈছে৷

বতৰ বিজ্ঞান কেন্দ্ৰই দিয়া অসমৰ বতৰৰ আগজাননীত আজিৰে পৰা অহা ৫ দিন ৰাজ্য়খনৰ বিভিন্ন জিলাত বৰষুণৰ আগজাননী দিয়া হৈছে৷ ইয়াৰোপৰি আজি আৰু কাইলৈৰ দুদিনত অসমৰ বিভিন্ন জিলাত বিজুলী ধেৰেকণিৰ সতৰ্কবাণী সূচনা দিয়া হৈছে৷

বিহুৰ সময়ছোৱাত ক’ভিডৰ সলনি বতৰেহে যে বাধ্য কৰাব ঘৰতে বিহু পালনৰ৷ বিহু পালনৰ ক্ষেত্ৰত প্ৰদান কৰা এছঅ’পি অনুসৰি সান্ধ্য আইনৰ সময় নিশা ১০ বজাৰ পৰা ৬বজালৈ জাৰি কৰিছিল যদিও উৰুকাৰ দিনা নিশা ১১বজাৰ পৰা ৪বজালৈ থাকিব সান্ধ্য আইন৷

RELATED ARTICLES

Watch latest Movies & TV Series on Prag Play

Most Popular