spot_img
23 C
Guwahati
23 C
Guwahati
সোমবাৰ, জানুৱাৰী 24, 2022
Homeক্ৰীড়াআমি তোমাৰ সৈতে আছোঁ ছামী... ৰুচিহীন আক্ৰমণত ব্যথিত অনুৰাগী; সমৰ্থনত মাত মাতিলে...

আমি তোমাৰ সৈতে আছোঁ ছামী… ৰুচিহীন আক্ৰমণত ব্যথিত অনুৰাগী; সমৰ্থনত মাত মাতিলে তাৰকাই

ডিজিটেল ডেস্ক : বিশ্বকাপত ভাৰতীয় দলৰ অবাঞ্চিত পৰাজয়ৰ পাছতে একাংশ লোকৰ তীব্ৰ আক্ৰমণক বলি হৈছে ভাৰতীয় তাৰকা পেচাৰ মহম্মদ ছামী। খেলখনত কোনো এজন ভাৰতীয় বলাৰেই সফল হ’ব নোৱাৰিলে। পাকিস্তানৰ এটাও উইকেট পতন ঘটাব নোৱাৰিলে ভাৰতীয় বলাৰে। মহম্মদ ছামীয়েও প্ৰত্যাশিত প্ৰদৰ্শন দাঙি ধৰিব নোলাৰিলে। তেওঁ ৩.৫ অভাৰতে ৪৩ৰাণ খৰচ কৰিবলগীয়া হয় খেলখনত। এই কথাকে লৈ একাংশ লোকে ইণ্টাৰেনটত তীব্ৰ আক্ৰমণৰ লক্ষ্য কৰি লৈছে মহম্মদ ছামী ক। তেওঁক পাকিস্তানৰ হৈ খেলা বুলিও কুৰুচিপূৰ্ণ অভিযোগ কৰিছে একাংশই। এনে আক্ৰমণক লৈ এতিয়া ক্ৰিকেট অনুৰাগী ব্যথিত হৈ পৰিছে। ভাৰতীয় দলৰ বহু খেলৰ জয়ৰ নায়ক মহম্মদ ছামীৰ সমৰ্থন এইবাৰ মাত মাতিছে কেইবাগৰাকীও তাৰকা ক্ৰিকেটাৰে।


ভাৰতীয় ক্ৰিকেটৰ গডমেন শচীন তেণ্ডুলকাৰে ছামী ৰ সমৰ্থনত লিখিছে, আমি যেতিয়া টীম ইণ্ডিয়াক সমৰ্থন কৰোঁ তেতিয়া আমি দলটোক প্ৰতিনিধিত্ব কৰা প্ৰতিজন খেলুৱৈকে সমৰ্থন কৰোঁ। মহম্মদ ছামী এজন আত্মনিবেদিত আৰু বিশ্বমানৰ বলাৰ। আন যিকোনো খেলুৱৈৰ দৰে দেওবাৰৰ দিনটো তেওঁৰ কাৰণে ভাল দিন নাছিল। মই ছামী আৰু টীম ইণ্ডিয়াৰ সমৰ্থনত ঠিয় দিছোঁ।


একেদৰে আন এগৰাকী তাৰকা বেটছমেন তথা ভাৰতীয় দলৰ এসময়ৰ বিস্ফোৰক অপেনাৰ বীৰন্দ্ৰ সেহৱাগে ছামীৰ ওপৰত হোৱা আক্ৰমণক গৰিহনা দিছে। তেওঁ লিখিছে, মহম্মদ ছামীৰ ওপৰত হোৱা অনলাইন আক্ৰমণ আশ্বৰ্যকৰ আৰু আমি ছামীৰ সমৰ্থন আছোঁ। তেওঁ এগৰাকী চেম্পিয়ন আৰু ভাৰতীয় দলৰ পোছাক পিন্ধা যিকোনো এজন খেলুৱৈৰ অন্তৰত ‘অনলাইন আক্ৰমণকাৰী’তকৈ ভাৰতৰ প্ৰতি শ্ৰদ্ধা সদায়েই বেছি। আমি আপোনাৰ সৈতে আছোঁ ছামী। সমাগত মেছত নিজৰ পৰাক্ৰম দেখুৱাই দিয়া।
আনহাতে তাৰকা স্পীন বলাৰ হৰভজন সিঙেও ছামীৰ সমৰ্থনত মাত মাতিছে। তেওঁ টুইটাৰত লিখিছে, আমি তোমাক ভাল পাওঁ ছামী। ইফালে, তৰুণ স্পীন বলাৰ যযুবেন্দ্ৰ চাহালেও ছামীৰ সমৰ্থনত টুইট কৰিছে আৰু তেওঁক লৈ গৰ্বিত হোৱাৰ কথা প্ৰকাশ কৰিছে।

RELATED ARTICLES

Watch latest Movies & TV Series on Prag Play

Most Popular