spot_img
23 C
Guwahati
23 C
Guwahati
সোমবাৰ, জানুৱাৰী 24, 2022
Homeক্ৰীড়াঅলিম্পিয়ান সাঁতোৰবিদ মাইকেল ফেল্পছৰ সৈতে কি সম্পৰ্ক কেটৰিনা কাঈফৰ!

অলিম্পিয়ান সাঁতোৰবিদ মাইকেল ফেল্পছৰ সৈতে কি সম্পৰ্ক কেটৰিনা কাঈফৰ!

ডিজিটেল ডেস্ক: এখন বিয়াক লৈ হৈ-চৈ। বিয়াখনত যাবলৈ মানিব লাগিব এছঅ’পি। বিকি কৌশল আৰু কেটৰিনা কাঈফৰ বিয়াখনক লৈ চৰ্চাৰ অন্ত নাই। নিতৌ ন ন খবৰ। বিকি-কেটৰ বিয়াৰ ধামখুমীয়াৰ মাজতে চৰ্চালৈ আহিছে আন এক খবৰ। বিশ্বখ্যাত অলিম্পিয়ান সাঁতোৰবিদ মাইকেল ফেল্পছৰ সৈতে কেটৰিনা কাঈফৰ এক সম্পৰ্কৰ কথাৰ গুণগুণনি উঠিছে। মাইকেল ফেল্পছ হেনো কেটৰিনাৰ ভাতৃ!

বলীউডৰ মোহময়ী অভিনেত্ৰী কেটৰিনা কাঈফৰ হেনো সাতগৰাকী ভাই-ভনী। তিনিগৰাকী কনিষ্ঠ ভগ্নী, তিনিগৰাকী জ্যেষ্ঠ ভগ্নী আৰু এজন জ্যেষ্ঠ ভাতৃ আছে কেটৰিনাৰ পৰিয়ালত। ইয়াৰে একমাত্ৰ মডেল-অভিনেত্ৰী ইছাবেলা কাঈফৰ বাহিৰে আনসকল ভাতৃ-ভগ্নীৰ বিষয়ে জনা নাযায়। কিন্তু তাৰ মাজতে কেটৰিনাৰ ভাতৃ সম্পৰ্কে কৰা গুগল ছাৰ্চে দিছে এক আমোদজনক তথ্য। গুগলৰ তথ্য অনুসৰি অলিম্পিক স্বৰ্ণপদক বিজয়ী সাঁতোৰবিধ মাইকেল ফেল্পছ কেটৰিনা কাঈফৰ ভাতৃ। গুগলত ‘কেটৰিনা কাঈফ ব্ৰাডাৰ’ ছাৰ্চ কৰিলে মাইকেল ডুৰানৰ নাম আহে যদিও লগতে কেটৰিনা আৰু অলিম্পিয়ান সাঁতোৰবিদজনৰ ফটোহে দেখা যায়।

RELATED ARTICLES

Watch latest Movies & TV Series on Prag Play

Most Popular