spot_img
30 C
Guwahati
30 C
Guwahati
শুক্ৰবাৰ, অক্টোবৰ 22, 2021
Homeআঞ্চলিককেনেকৈ প্ৰেয়সীৰ ঘৰত মৃত্যু হৈছিল মিৰাজুলৰ? কি ওলাল আৰক্ষীৰ অনুসন্ধানত?

কেনেকৈ প্ৰেয়সীৰ ঘৰত মৃত্যু হৈছিল মিৰাজুলৰ? কি ওলাল আৰক্ষীৰ অনুসন্ধানত?

ডিজিটেল ডেস্কঃ প্ৰেমজনিত কাৰণত সংঘটিত হোৱা এক সন্দেহজনক হত্যাকাণ্ডৰ চাঞ্চল্য এতিয়াও মাৰ যোৱা নাই গোৱালপাৰাত। শুকুৰবাৰে প্ৰেয়সীয়ে ঘৰলৈ মাতি পঠিওৱাৰ পাছৰে পৰা সন্ধানহীন হৈ থকা মিৰাজুলৰ যুৱকজনৰ মৃতদেহ দেওবাৰে উদ্ধাৰ হোৱাৰে পৰা অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে।

গোৱালপাৰাৰ বগুৱানত সংঘটিত হোৱা ঘটনা অনুসৰি থেপকাইৰ এগৰাকী যুৱতীৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছিল জিলাখনৰ জয়পুৰ গাঁৱৰ মিৰাজুল ইছলাম ভূঞাৰ। প্ৰেয়সীয়ে মাতি পঠিওৱাত শুকুৰবাৰে নিশা মিৰাজুল উপস্থিত হৈছিল প্ৰেয়সীৰ ঘৰত। তাৰ পাছৰে পৰা সন্ধানহীন হৈ থকা মিৰাজুলৰ মৃতদেহ দেওবাৰে প্ৰেয়সীৰ ঘৰৰ পিছফালৰ পুখুৰীত উদ্ধাৰ হয়। লগে লগে একাংশ লোক উত্তেজিত হৈ পৰে। উত্তেজিত লোকে প্ৰেয়সীৰ পিতৃ ময়েজউদ্দিনৰ ঘৰৰ লগতে গাঁওবুঢ়া হজৰত আৰু পঞ্চায়ত সদস্য আনোৱাৰ হুছেইনৰ ঘৰৰ আচবাব লণ্ডভণ্ড কৰাৰ লগতে তিনিওৰে ঘৰত অগ্নিসংযোগ কৰে। ঘটনাস্থলীত গোৱালপাৰা জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক মৃনাল ডেকা, উপআৰক্ষী অধীক্ষক অনুৰাগ শৰ্মা উপস্থিত হৈ পৰিস্থিতি পৰ্যবেক্ষণ কৰে। ঘটনা সংক্রান্তত সোধ-পোচৰ বাবে সাতজনকৈ লোকক আটক কৰিছিল আৰক্ষীয়ে। অনুসন্ধান অব্যাহত ৰখা আৰক্ষীয়ে ইতিমধ্যে তিনিজন লোকক গ্ৰেপ্তাৰ কৰি তদন্ত চলাই আছে। লগতে, মিৰাজুলৰ প্ৰেয়সীৰ লগতে পৰিয়ালৰ লোককো সোধ-পোচ অব্যাহত ৰাখিছে। ঘটনাৰ আৰু অধিক তথ্যৰ বাবে অপেক্ষা কৰিব লাগিব আৰক্ষীৰ পৰৱৰ্তী পদক্ষেপলৈ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular