spot_img
19 C
Guwahati
19 C
Guwahati
বুধবাৰ, জানুৱাৰী 26, 2022
Homeআঞ্চলিকআত্মীয়ৰ সৈতে সময় কটাই চৰকাৰলৈ কি আহ্বান জনালে বিধায়ক দিগন্ত বৰ্মনে?

আত্মীয়ৰ সৈতে সময় কটাই চৰকাৰলৈ কি আহ্বান জনালে বিধায়ক দিগন্ত বৰ্মনে?

ডিজিটেল ডেস্কঃ ৰাজ্য চৰকাৰে শেহতীয়াকৈ চৰকাৰী কৰ্মচাৰী তথা মন্ত্ৰী-বিধায়ক ক পিতৃ-মাতৃ আৰু শহুৰ-শাহুৰ সৈতে সময় অতিবাহিত কৰিবলৈ এক বিশেষ নিয়ম বান্ধি দিছিল। তাৰ পাছতেই ৰাজ্যৰ সকলো চৰকাৰী কৰ্মচাৰী আৰু মন্ত্ৰী- বিধায়ক সকলৰ মুখত এক প্ৰশান্তিৰ হাঁহি বিৰিঙি উঠিছিল। সকলোৱেই নিজৰ আত্মীয়ৰ সৈতে সময় অতিবাহিত কৰিবলৈ আপোন ঘৰখনলৈ ৰাওনা হৈছিল।

এইক্ষেত্ৰত ব্যতিক্ৰম নহ’ল বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক দিগন্ত বৰ্মনো। চৰকাৰৰ এই আহ্বানৰ প্ৰতি সমৰ্থন আগবঢ়াই বিধায়ক গৰাকী উপস্থিত হ’ল আপোনসকলৰ কাষত। বিধায়ক জীৱনৰ অতি ব্যস্ততাৰ মাজতো দিগন্ত বৰ্মনে মাতৃ, পত্নী আৰু শাহুৱেকৰ লগত অতিবাহিত কৰিলে সময়। সাংবাদিকেৰে হোৱা এক কথা-বতৰাত তেওঁ কয় যে পিতৃ-মাতৃ জীৱনৰ সৰ্বশ্ৰেষ্ঠ। সেয়েহে পিতৃ-মাতৃৰ কাষত সন্তান সদায় থাকিব লাগে। লগতে যিসকলৰ পিতৃ-মাতৃ বা শাহু-শহুৰ নাই, তেওঁলোকে পিতৃ-মাতৃ, শাহু-শহুৰেকৰ আত্মাৰ চিৰশান্তিৰ বাবে সদায় প্ৰাৰ্থনা কৰিব লাগে বুলিও উল্লেখ কৰে বিধায়ক দিগন্ত বৰ্মনে।

লগতে তেওঁ ৰাইজক চৰকাৰে দিয়া ক’ভিড সম্বন্ধীয় নীতি-নিৰ্দেশনা আৰু SOP মানি চলিবলৈও আহ্বান জনায়। আগন্তুক ভোগালী বিহুৰ কেইদিনৰ বাবে চৰকাৰে প্ৰকাশ কৰা SOP পুনৰ বিবেচনা কৰাৰ প্ৰয়োজন আছে বুলিও বক্তব্য আগবঢ়ায় বিধায়ক গৰাকীয়ে। ভোগালীৰ কাৰণে SOP শিথিলতাৰ প্ৰয়োজন আছে বুলি প্ৰতিক্ৰিয়া ব্যক্ত কৰে দিগন্ত বৰ্মনে। চহা ৰাইজৰ অৰ্থনৈতিক লাভালাভৰ দিশটো বিবেচনা কৰি চোৱাৰ স্বাৰ্থতেই প্ৰকাশিত SOP পুনৰ বিবেচনা কৰাৰ প্ৰয়োজন আছে। তেওঁ উল্লেখ কৰে যে ভোগালীত SOP শিথিল নহ’লে মৎস্য ব্যৱসায়ীসকল বিশেষভাৱে ক্ষতিগ্ৰস্ত হ’ব। ভোগালী উপলক্ষে নিশা পৰ্যন্ত চলে মাছৰ বজাৰ। সেয়ে ভোগালী বিহুৰ কেইদিন SOP কিছু শিথিল কৰি দিবলৈ চৰকাৰ তথা প্ৰশাসনক আহ্বান জনায় বিধায়ক দিগন্ত বৰ্মনে।

RELATED ARTICLES

Watch latest Movies & TV Series on Prag Play

Most Popular