spot_img
20 C
Guwahati
20 C
Guwahati
শনিবাৰ, ডিচেম্বৰ 4, 2021
Homeআঞ্চলিকআমাক কি লাগে কা’ নে এন আৰ চি?

আমাক কি লাগে কা’ নে এন আৰ চি?

ডিজিটেল ডেস্কঃ ১৯৭৯ ৰ পৰা ১৯৮৫ চন। অসমৰ ইতিহাসৰ আটাইতকৈ জটিল সময়। অসমৰ ইতিহাসৰ এক সৰ্ববৃহৎ আন্দোলন, বিদেশী বহিষ্কাৰ আন্দোলন৷ চৰকাৰ যন্ত্ৰই প্ৰতিবাদকাৰীক ওপৰত সৰ্বতোপ্ৰকাৰে দমন কৰিব বিচাৰিছিল৷ অসমৰ পৰা বিদেশী নাগৰিকৰ বহিষ্কাৰৰ দাবীত সদৌ অসম ছাত্ৰ সংস্থাৰ নেতৃত্বত সমগ্ৰ অসমজুৰি এক অভূতপূৰ্ব গণ আন্দোলন গা কৰি উঠে৷

এই আন্দোলনৰ সময়তে ১৯৮৩ চনত ৰাইজৰ প্ৰবল বিৰোধিতা আৰু বৰ্জন সত্ত্বেও অসমত ৰক্তক্ষয়ী নিৰ্বাচন অনুষ্ঠিত হয় আৰু হিতেশ্বৰ শইকীয়া মুখ্যমন্ত্ৰী হয়৷ শইকীয়া মন্ত্ৰীসভাই দমন নীতিৰে অসম আন্দোলন নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰে যদিও সফল নোহোৱাত ১৯৮৫ চনৰ ১৫ আগষ্টত প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ নেতৃত্বাধীন চৰকাৰৰ লগত এখন চুক্তি (অসম চুক্তি) স্বাক্ষৰিত কৰে৷ লগে লগে ছবছৰীয়া বিদেশী বহিষ্কাৰ আন্দোলনৰ পৰিসমাপ্তি ঘটে৷ অসম চুক্তিৰ স্বাক্ষৰিত হোৱাৰ ৪১ টা বছৰ অতিক্ৰম কৰাৰ পাছতো চুক্তিখনৰ সকলো দফা সঠিকভাৱে ৰূপায়িত নহ’ল৷

চুক্তিৰ মূল দফাটোৱেই আছিল যে ১৯৭১ চনৰ ২৪ মাৰ্চৰ পিছত অসমত প্ৰৱেশ কৰা হিন্দু-মুছলমান উভয় সম্প্ৰদায়ৰ লোকক চিনাক্ত কৰি তেওঁলোকক বহিষ্কাৰ কৰিব লাগে। কিন্তু বাস্তৱত সেয়া কিমান কাৰ্যক্ষেত্ৰত পৰিণত হ’ল সেয়া আমি সকলোৱে জানো৷ একেদৰে অসম চুক্তিৰ ৬নং দফাত ৰক্ষাকৱচ সন্দৰ্ভত যদিওবা “অসমীয়া মানুহৰ সাংস্কৃতিক, সামাজিক আৰু ভাষিক পৰিচয় আৰু ঐতিহ্য ৰক্ষা, সংৰক্ষণ আৰু বিকাশৰ বাবে যথোচিত সাংবিধানিক, আইনগত আৰু প্ৰশাসনীয় ৰক্ষাকৱচ দিয়া হ’ব” বুলি কোৱা হ’ল, কিন্তু তাক কেনেদৰে কাৰ্য্যকৰী কৰা হ’ব তাৰ সমাধানসূত্ৰ আজিলৈ বাহিৰ নোলাল।

সকলোবোৰ ওলমি ৰ’ল “অসমীয়া”ৰ সংজ্ঞা নিৰূপণ বিতৰ্কতে। অসমৰ অন্যান্য খিলঞ্জীয়া বহু জাতি-জনগোষ্ঠীৰো আপত্তি তাতেই। সেই সকলোবোৰক অতিক্ৰম কৰি ভূতৰ ওপৰত দানৱ পৰাদি ২০১৯ ৰ ১২ ডিচেম্বৰত গৃহীত হ’ল নাগৰিকত্ব সংশোধনী আইন৷ ২০১৬ চনৰ ২৫ জুলাই তাৰিখে কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিঙে সংসদত ‘নাগৰিকত্ব (সংশোধনী) বিধেয়ক ২০১৬ ‘উত্থাপন কৰে।এই বিধেয়কৰ যোগেদি বিদেশী লোকক নাগৰিকত্ব প্ৰদানৰ ক্ষেত্ৰত নাগৰিকত্ব আইন ১৯৫৫, পাৰপত্ৰ আইন, ১৯২০ আৰু বিদেশী (ভাৰতত প্ৰৱেশ) নাগৰিক আইন, ১৯৪৬ ত থকা বাধা-নিষেধসমূহ আঁতৰাব খোজা হৈছে।

বিধেয়কখনৰ মতে আফগানিস্তান,পাকিস্তান,আৰু বাংলাদেশৰ পৰা অহা হিন্দু, শিখ, জৈন, বৌদ্ধ,পাৰ্চী আৰু খ্ৰীষ্টান নাগৰিকসকলক যেতিয়াই আহে বা যেনেকৈ আহে কোনো প্ৰমাণ পত্ৰ নহ’লেও নাগৰিকত্ব দিব বিচৰা হৈছে।অৰ্থাৎ তেওঁলোকৰ হাতত নিজ দেশৰ নাগৰিকত্বৰ কোনো প্ৰমাণ নাথাকিলেও ভাৰতৰ নাগৰিকত্ব পোৱাত কোনো বাধা নাথাকিব। ইয়াৰ উপৰিও নাগৰিকত্বৰ বাবে পূৰ্বৰ ১১ বছৰ সময় সীমা ৬ বছৰ লৈ হ্ৰাস কৰিব বিচাৰিছে।

নাগৰিকত্ব সংশোধনী আইনখনৰ জৰিয়তে আফগানিস্তান, বাংলাদেশ, পাকিস্তানৰ পৰা অহা হিন্দু, শিখ, বৌদ্ধ, জৈন, পাৰ্চী আৰু খ্ৰীষ্টান ধৰ্মৰ লোকসকলক জেলত বন্দী নকৰাকৈ ভাৰতীয় নাগৰিকত্ব লাভ কৰিব৷ নাগৰিকত্ব সংশোধনী আইনখনে ১৯৮৫ চনৰ অসম চুক্তিৰ অৱমাননা কৰে৷ যি চুক্তিত ২৫ মাৰ্চ ১৯৭১ চনৰ পিছৰ সকলো অবৈধ বাংলাদেশীক দেশৰ পৰা বিতাৰিত কৰাৰ কথা আছিল৷

Citizenship Act 1955 ৰ মতে, যিবোৰ বিদেশী ব্যক্তি সঠিক ভ্ৰমণ অনুজ্ঞাপত্ৰ অবিহনে ভাৰতত প্ৰবেশ কৰে অথবা ভিছাৰ ম্যাদ শেষ হোৱাৰ পিছতো ভাৰতত বসবাস কৰে তেওঁলোকক অবৈধ অনুপ্ৰবেশকাৰী বুলি কোৱা হয়৷ শেহতীয়া ভাবে এই নিয়মৰ কিছু সালসলনি কৰি ৩১ ডিচেম্বৰ ২০১৪ চনৰ আগতে বাংলাদেশ, আফগানিস্তান আৰু পাকিস্তানৰ পৰা ভাৰতলৈ অহা সংখ্যালঘু সকলক ভাৰতত থকাৰ অনুমতি প্ৰদান কৰা হয়৷ নাগৰিকত্ব সংশোধনী আইনখন ২০১৬ গৃহীত হোৱাৰ পাছত, অসম চুক্তি বা ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী সকলো অৰ্থহীন হৈ পৰিল।অসম চুক্তিমতে ১৯৭১ চনৰ পিছত অহা কোনো বিদেশীৰ বোজা অসমে নলয় কিন্তু এই নাগৰিকত্ব সংশোধনীয়ে আইন ২০১৬ ই অসম চুক্তিৰ এই মূল দফাটোকে আঁতৰাই দিব খুজিছে৷

তাৰ পাছত উত্থাপন হ’ল এন আৰ চি প্ৰসংগ৷ এন আৰ চিৰ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীয়ে অসমত বাস কৰা অবৈধ অনুপ্ৰৱেশকাৰীসকলক চিনাক্ত কৰাৰ ক্ষেত্ৰত চাৰি দশকৰ অচলাৱস্থাৰ অৱসান ঘটাব বুলি ধাৰণা কৰা হৈছিল। কিন্তু ইয়াৰ বিপৰীতে, ১.৯ নিযুত আৱেদনকাৰীক বাদ দিয়া চূড়ান্ত খচৰা তালিকাখনে পানীত অধিক বিভ্ৰান্তি সৃষ্টি কৰি, সমগ্ৰ প্ৰক্ৰিয়াটোৱেই জটিলতাৰ দিশলৈ লৈ গ’ল৷ এন আৰ চিয়ে ধৰ্মৰ ভিত্তিত এজন আবেদনকাৰীৰ সৈতে বৈষম্য নকৰে কিন্তু তাৰ বিপৰীতে কা’ আইনখন সম্পূৰ্ণ পৃথক৷ এতিয়া প্ৰশ্ন হ’ল আমাক প্ৰকৃততে কি লাগে কা’ নে এন আৰ চি?

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular