spot_img
24 C
Guwahati
24 C
Guwahati
সোমবাৰ, জানুৱাৰী 24, 2022
Homeআঞ্চলিককি হৈছিল নিশাৰ লতাশিলত ? কোন লিপ্ত হ’ল আৰক্ষীৰে সংঘাতত?

কি হৈছিল নিশাৰ লতাশিলত ? কোন লিপ্ত হ’ল আৰক্ষীৰে সংঘাতত?

ডিজিটেল ডেস্ক : নৱমীৰ নিশা মহানগৰীৰ লতাশিলত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ৷ সান্ধ্য আইনৰ মাজত দোকান খোলাক লৈ উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হয় লতাশিলত ৷ নিশা প্ৰায় ১০ বজাত আৰক্ষীয়ে দোকান বন্ধ কৰিবলৈ নিৰ্দেশ দিয়াৰ পাছত আৰক্ষীৰে হতাহতিৰ ঘটনা সংঘটিত হোৱাক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে৷ ঘটনাৰ সবিশেষ অনুসৰি, সান্ধ্য আইনৰ পাছতো খোলা ৰখা হৈছিল এখন ফাষ্টফুডৰ দোকান৷ দোকানখন আছিল ৰংপী নামৰ এজন যুৱকৰ৷

লতাশিল আৰক্ষীয়ে দোকানখন বন্ধ কৰিবলৈ নিৰ্দেশ দিওঁতেই দুয়ো পক্ষৰ মাজত লাগিছিল হতাহতি৷ তাৰ পাছতেই দোকান বন্ধ নকৰাৰ বাবে আৰক্ষীয়ে তিনি যুৱকক প্ৰহাৰ কৰাৰ অভিযোগো উত্থাপন কৰিছে৷ যুৱককেইজন হৈছে ক্ৰমে উৎসৱ ভূঞা, ইন্দ্ৰজিৎ ভূঞা, ত্ৰিশাণীল নেওগ৷ আৰক্ষীৰ প্ৰহাৰত যুৱককেইজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা বুলি জানিব পৰা গৈছে৷ প্ৰাপ্ত তথ্য অনুসৰি, উৎসৱ ভূঞা আৰু ইন্দ্ৰজিৎ ভূঞা হৈছে গুৱাহাটী উচ্চ ন্যা য়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যা য়ধীশ মনজিত ভূঞাৰ পুত্ৰ৷

ইপিনে যুৱককেইজনে আৰক্ষীৰ লগত হতাহতি কৰি আৰক্ষীকো অপদস্থ কৰাৰ অভিযোগ উত্থাপন হৈছে৷ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত সঠিক তথ্য প্ৰদান কৰা নাই যদিও নিশাই এডিচিপি পল্লৱ তামুলীয়ে লতাশিল থানাত উপস্থিত হৈ ঘটনাৰ বুজ লয়৷ সঠিক তদন্তৰ পাছতহে নিশা কি হৈছিল সেই ঘটনাৰ সবিশেষ পোহৰলৈ আহিব৷

RELATED ARTICLES

Watch latest Movies & TV Series on Prag Play

Most Popular