spot_img
27 C
Guwahati
27 C
Guwahati
সোমবাৰ, নৱেম্বৰ 29, 2021
Homeআঞ্চলিকউদ্ধাৰ কৰিবলৈ গৈ সংঘৰ্ষত লিপ্ত আৰক্ষী- অপহৰণকাৰী , পাছত ঘটিল...

উদ্ধাৰ কৰিবলৈ গৈ সংঘৰ্ষত লিপ্ত আৰক্ষী- অপহৰণকাৰী , পাছত ঘটিল কি?

ডিজিটেল ডেস্ক: ৰাজ্যত অপৰাধজনিত ঘটনাৰ বিৰুদ্ধে সষ্টম হৈছে আৰক্ষী-প্ৰশাসন৷ তথাপি আৰক্ষীক ভূক্ষেপ নকৰি অপৰাধীয়ে সংঘটিত কৰে বিভিন্ন ঘটনা৷ এইবাৰ আৰক্ষী আৰু অপহৰণকাৰীৰ মাজত হোৱা সংঘৰ্ষই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ তথ্য অনুসৰি, কৃষ্ণাইৰ পেটকটাত নিশা গুলীচালনাৰ ঘটনা সংঘটিত হয়৷ অপহৰণকাৰী আৰু আৰক্ষীৰ মাজত এই গুলীচালনাৰ সূত্ৰপাত ঘটে। অপহৰণকাৰীৰ দলটোৰ এজনক আৰক্ষীয়ে কৰায়ত্ত কৰে যদিও বাকীকেইজন আন্ধাৰৰ সুযোগ লৈ পলায়ন কৰে৷ জানিব পৰা মতে, কেইদিনমানৰ পূৰ্বে গোৱালপাৰাৰ লক্ষীপুৰৰ এগৰাকী ব্যৱসায়ীক দুৰ্বৃত্তৰ এটা দলে কৃষ্ণাইৰ পৰা অপহৰণ কৰিছিল৷ সেই সংক্ৰান্ততে নিশা গোৱালপাৰা জিলাৰ অতিৰিক্ত আৰক্ষী অধিক্ষক মৃণাল ডেকাৰ নেতৃত্বত আৰক্ষীৰ এটা দলে অপহৃতক উদ্ধাৰৰ বাবে কৃষ্ণাইৰ নিকটৱৰ্তী কেইবাখনো গাঁৱত অভিযান চলায়।

আৰক্ষীয়ে গোপন সূত্ৰে এক তথ্য লাভ কৰে যে, অপহৃত ব্যৱসায়ীজনক অপহৰণকাৰীয়ে পেটকটা অঞ্চলত লুকুৱাই ৰাখিছিল৷ উক্ত তথ্যৰ ভিত্তিতে নিশা আৰক্ষীৰ এটা বৃহৎ দলে অপহৰণকাৰীৰ সন্ধানত অভিযান চলায়। এই অভিযান কালতে অপহৰণকাৰীৰে আৰক্ষীৰ দলটোৰ মুখামুখি হয় আৰু আৰক্ষীয়ে দুৰ্বৃত্তৰ দলটোক ৰখিবলৈ নিৰ্দেশ দিয়ে৷ আৰক্ষীৰ নিৰ্দেশক অমান্য কৰে আৰু আৰক্ষীলৈ লক্ষ্য কৰি গুলীচালনা কৰে অপহৰণকাৰী দলটোৱে৷

আৰক্ষীয়েও গুলীৰে দিয়ে প্ৰত্যুত্তৰ৷ এই গুলীচালনাত কোনো লোক হতাহত হোৱা নাই যদিও আন্ধাৰৰ সুযোগ লৈ দুৰ্বৃত্তৰ দলটো পলাই যাবলৈ সক্ষম হয়৷ অৱশ্যে আৰক্ষীয়ে সোধা-পোছাৰ বাবে ইতিমধ্যে নিশাই পেটকটা গাঁৱৰ পৰা চাৰিজনক আটক কৰে৷ আনহাতে আৰক্ষীয়ে এতিয়াও অপহৃত ব্যৱসায়ীগৰাকীক উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই যদিও অভিযান তীব্ৰতৰ কৰি তুলিছে৷ তদন্তৰ খাতিৰত ধৃত অপহৰণকাৰীৰ পৰিচয় আৰক্ষীয়ে জনোৱাৰ পৰা বিৰত আছে৷ নিশা সংঘটিত হোৱা এই গুলীয়াগুলীৰ পাছতে সমগ্ৰ অঞ্চলটোতে চাঞ্চল্যৰ সৃষ্টি হৈছে৷ অপহৰণকাৰীৰ ৪ জনক আটক কৰে যদিও অপহৃত ৰবিউল আলমক বৰ্তমানেও উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular