spot_img
20 C
Guwahati
20 C
Guwahati
বুধবাৰ, ডিচেম্বৰ 1, 2021
Homeআঞ্চলিককি হৈছিল মহিলাগৰাকীৰ লগত? মহানগৰীৰ ভাৰাঘৰত উদ্ধাৰ বস্তাত ভৰাই থোৱা ক্ষত-বিক্ষত মৃতদেহ

কি হৈছিল মহিলাগৰাকীৰ লগত? মহানগৰীৰ ভাৰাঘৰত উদ্ধাৰ বস্তাত ভৰাই থোৱা ক্ষত-বিক্ষত মৃতদেহ

ডিজিটেল ডেস্ক : কিমান ভয়ংকৰ হ’ব পাৰে এটা হত্যাকাণ্ড! কল্পনাৰো অতীত এক নৃশংস হত্যাকাণ্ডই জোকাৰি গৈছে ৰাজ্য৷ এটা ক্ষত-বিক্ষত মৃতদেহে লোমহৰ্ষক এই হত্যাৰ শিহৰণকাৰী বিৱৰণ যেন তুলি ধৰিছে৷ এই শিহৰণকাৰী ঘটনা সংঘটিত হৈছে মহানগৰীৰ বৰাগাঁৱত৷ চাঞ্চল্যৰ সৃষ্টি হৈছে বিস্তৃত অঞ্চলত। এটা কোঠাৰ ভিতৰত এগৰাকী মহিলাৰ ক্ষত-বিক্ষত মৃতদেহ উদ্ধাৰ কৰে আৰক্ষীয়ে৷ আচলতে কি হৈছিল মহিলাগৰাকীৰ লগত?


হত্যাৰ বলি হোৱা মহিলাগৰাকীৰ নাম আন্তিমা গুপ্তা। জানিব পৰা মতে, বুধবাৰৰ পৰা মহিলাগৰাকী নিখোঁজ হৈ আছিল৷ স্বামী সন্তোষ গুপ্তাই পত্নী নিৰুদ্দেশ হোৱা বুলি এজাহাৰ দাখিল কৰিছিল গড়চুক থানাত৷ আৰু এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে তদন্তও আৰম্ভ কৰিছিল৷ আৰক্ষীৰ তদন্তত অন্তত কালি নিশা এটা ভাৰাঘৰত উদ্ধাৰ কৰে বস্তাৰে বান্ধি থোৱা মহিলাগৰাকীৰ ক্ষত-বিক্ষত মৃতদেহ৷ মৃতদেহৰ লগতে মোবাইল ফোন, সোণৰ অলংকাৰ উদ্ধাৰ কৰে আৰক্ষীয়ে৷

এয়া যে এক পৰিকল্পিত হত্যাকাণ্ড, সেয়া নিশ্চিত হৈছে৷ আৰক্ষীয়ে ইতমিধ্যে সোধা-পোছাৰ বাবে আটক কৰিছে ভাৰাতীয়া হিচাপে থকা দেৱজানী দাস আৰু তেওঁৰ স্বামীক৷ কিন্তু কিহৰ বাবে সংঘটিত হ’ল এই লোমহৰ্ষক কাণ্ড! কি উদ্দেশ্যেৰে হত্যা কৰা হ’ল মহিলাগৰাকীক? কিমান বৰ্বৰ আক্ৰমণৰ বলি হ’ল তেওঁ? এতিয়া এনেবোৰ প্ৰশ্নৰ উত্তৰ বিচাৰি তদন্তত ব্যস্ত হৈ পৰিছে আৰক্ষী৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular