spot_img
30 C
Guwahati
30 C
Guwahati
শুক্ৰবাৰ, অক্টোবৰ 22, 2021
Homeৰাষ্ট্ৰীয়পূজাৰ বতৰত সোণৰ মূল্য ক’ত কিমান? সবিশেষ জানো আহক...

পূজাৰ বতৰত সোণৰ মূল্য ক’ত কিমান? সবিশেষ জানো আহক…

নতুন দিল্লী: ভাৰতীয় সংস্কৃতিৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সম্পদসমূহৰ ভিতৰত এটা উল্লেখনীয় সম্পদ হৈছে সোণৰ গহনা। সোণৰ গহনা পৰিধানেৰে অতীজৰেপৰা ভাৰতীয় নাৰীৰ সৌন্দৰ্য বহন কৰি আহিছে৷ বিয়া-বাৰু হওক নাইবা যিকোনো উৎসৱত সোণ পৰিধান কৰে ভাৰতীয় মহিলাই৷ মহিলাৰ সমান্তৰালকৈ পুৰুষেও সোণৰ গহনা পৰিধান কৰে৷ পৌৰাণিক কালৰ পৰাই ভাৰতত সোণৰ গহনাই এক সুকীয়া স্থান বহন কৰিছে৷ ইপিনে সমাগত পূজাৰ বতৰত৷ এই বতৰত কাপোৰৰ সমান্তৰালকৈ সোণ কিনাৰ টেণ্ড আহিছে৷ বজাৰত সোণৰ মূল্যৰ বাবে গ্ৰাহকে কৰিছে ভীৰ৷ কিন্তু এতিয়া যদি নতুনকৈ সোণৰ গহনা কিনাৰ মনস্থ হৈছে তেনেহ’লে ৰ’ব! যদি আপুনি সোণ ক্ৰয় কৰিব বিচাৰিছে তেনেহ’লে আপোনাৰ বাবে আছে এক খবৰ৷ দেশত সোণৰ মূল্য কিছু চৰ্চালাভ কৰিছে৷ ভাৰতত বৃহস্পতিবাৰে সোণ মূল্য প্ৰতি দহ গ্ৰামত ৪৭,৩৩০ টকাত বিক্ৰী হৈছে, যি আগৰ বাণিজ্যতকৈ ৩৩০ টকা অধিক বুলি জানিব পৰা গৈছে।

আবকাৰী শুল্ক, ৰাজ্যিক কৰ আৰু মেকিং চাৰ্জৰ বাবে দ্বিতীয় সৰ্ববৃহৎ উপভোক্তা ধাতু হিচাপে সমগ্ৰ ভাৰতত সোণৰ গহনাবোৰৰ মূল্য পৃথক হয়। নতুন দিল্লী আৰু মুম্বাইত, ২২ কেৰেটৰ ১০ গ্ৰাম সোণৰ মূল্য ক্ৰমান্বয়ে ৪৬,৪৫০ টকা আৰু ৪৬,৩৩০ টকাত বিক্ৰী হৈছিল। তাৰবিপৰীতে চেন্নাইত ৪৪,৬০০ টকাত বিক্ৰী হৈ আছিল। কলকাতাত ইয়াৰ মূল্য হৈছে গৈ ৪৯,২৫০ টকা।

গুড ৰিটাৰ্ণছ ৱেবছাইটঅনুসৰি ৰূপৰ মূল্য প্ৰতি কিলোগ্ৰামত ৬৩,৪০০ টকাত বিক্ৰী হৈছে, যি কালিৰ ব্যৱসায়িক মূল্যৰ ২০০ টকা বৃদ্ধি হোৱা বুলি জানিবলৈ পোৱা গৈছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular