spot_img
27 C
Guwahati
Monday, September 20, 2021
spot_img
Homeআঞ্চলিকঅসমীয়া জাতীয় সংস্কৃতিৰ যাদুঘৰস্বৰূপ নামঘৰত ভাদ মহীয়া হৰিনামে কি তাৎপৰ্য বহন কৰে?

অসমীয়া জাতীয় সংস্কৃতিৰ যাদুঘৰস্বৰূপ নামঘৰত ভাদ মহীয়া হৰিনামে কি তাৎপৰ্য বহন কৰে?

গুৱাহাটী : ভাদমাহত হৰিনামৰ ধ্বনিৰে মুখৰিত হয় ৰাজ্যৰ নামঘৰসমূহ। বৈষ্ণৱধৰ্মী অসমীয়াই ভক্তিৰসত বিলীন হয় পৱিত্ৰ ভাদ মাহত। ভক্তিৰসৰ সাগৰ বৈ যায় এই মাহটোত। হৰি-বন্দনাৰে মুখৰিত হৈ পৰে অসমীয়া জাতীয় সংস্কৃতিৰ যাদুঘৰস্বৰূপ নামঘৰ। কৃষক, বনুৱা, শিপিনী, ৰোৱনী সকলোৰে বাবে হেঁপাহৰ মাহটো যেন বছৰৰ প্ৰতীক্ষাহে। কাহিলিপুৱাতে হালখন লৈ পথাৰলৈ যোৱা কৃষকজন, বেলি ওলোৱাৰ লগে লগে মুখত কিবা অলপ ভৰাই চহৰৰ বজাৰলৈ যোৱা ক্ষুদ্ৰ ব্যৱসায়ীজন—গধূলি এপাক নামঘৰলৈ যাবলৈ কোনেও নাপাহৰে। প্ৰায় সমগ্ৰ মাহজুৰি ৰাজ্যত নাম-প্ৰসংগ চলে।

ভাদ মাহতে পৰিছে অসমীয়া জাতি গঠনৰ ভেটি তৈয়াৰ কৰা দুই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মহাপুৰুষ মাধৱদেৱৰ তিৰোভাৱ তিথি। তদুপৰি শ্ৰীকৃষ্ণ আৰু শ্ৰীমন্ত শংকৰদেৱৰ জন্মতিথিও ভাদ মাহতে। এই কথাকে সৰোগত কৰি ভাদ মাহটোক অতি পৱিত্ৰ বুলি গণ্য কৰি নামঘৰে নামঘৰে মাহজুৰি নাম-কীৰ্তন কৰা হয়। ভাদ মাহৰ তাৎপৰ্যক অইন ধৰণেও বিচাৰ কৰি চাব পাৰি। ব’হাগৰ পৰা শাওণ মাহলৈ কৃষকে ব্যস্ততাপূৰ্ণ সময় পাৰ কৰে। পথাৰখন শস্যসম্ভৱা কৰি তুলিবলৈ কৃষকে কঠোৰ শাৰীৰিক শ্ৰম কৰিব লগা হয়।

কৃষকে শাওণৰ পথাৰত কঠীয়া ৰুই দুচকুত আঁকি লয় সোণালী ভৱিষ্যতৰ জিলমিল সপোন। ভাদ মাহ যেন অলপ জিৰণিৰ সময়। জিৰণিৰ সময়ছোৱাত দুয়োজনা মহাপুৰুষ, শ্ৰীকৃষ্ণৰ আৱিৰ্ভাৱৰ দিন পৰাত আধ্যাত্মিক ভাৱত বুৰ গৈ কৃষকে পৰম শান্তিৰ প্ৰাৰ্থনা কৰে। সেৱাৰ থলীলৈ গৈ হৰিনামৰে ক্লান্ত দেহালৈ প্ৰাণ চঞ্চলতা ঘূৰাই আনে। ঘৰৰ মুৰব্বীগৰাকীয়ে ঘৰখনৰ অপায়-অমংগল দূৰ কৰাৰ প্ৰাৰ্থনা কৰি ভকত-বৈষ্ণৱৰ ওচৰত মূৰ দোৱাই আশিস লয়। বহুতো অসমীয়াই ভাদ মাহত বৰদোৱা, বৰপেটা আদি নামঘৰত শৰাই এখন দিয়াৰ ‘মানস’ কৰে। ভাদমহীয়া নাম-কীৰ্তনৰ বাবে ৰাজ্যৰ কেইবাখনো নামঘৰ বা সত্ৰৰ ভকতসমাজত প্ৰসিদ্ধ যদিও এই লিখাত বৰদোৱা আৰু বৰপেটা নামঘৰত অনুষ্ঠিত ভাদমহীয়া অনুষ্ঠানৰ বিষয়ে কিঞ্চিত লিখাৰ প্ৰয়াস কৰা হৈছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
mist
27 ° C
27 °
27 °
89 %
0kmh
75 %
Mon
32 °
Tue
31 °
Wed
30 °
Thu
31 °
Fri
32 °

Watch latest Movies & TV Series on Prag Play

Most Popular