spot_img
31 C
Guwahati
Sunday, September 26, 2021
spot_img
Homeআঞ্চলিকমাজুলীত পৰিমিতাৰ স্মৃতিত কি সাজিব? দুৰ্ভগীয়া পৰিয়ালটোৰ কাষত কেন্দ্ৰীয় মন্ত্ৰী সোণোৱাল

মাজুলীত পৰিমিতাৰ স্মৃতিত কি সাজিব? দুৰ্ভগীয়া পৰিয়ালটোৰ কাষত কেন্দ্ৰীয় মন্ত্ৰী সোণোৱাল

গুৱাহাটী: মাজুলীত পৰিমিতা দাসৰ স্মৃতিসৌধ নিৰ্মাণ কৰা হ’ব৷ অকলাতে মৰহী যোৱা পৰিমিতা দাসৰ স্মৃতি কৰা হ’ব যুগমীয়া৷- এই ঘোষণা এসময়ৰ মুখ্যমন্ত্ৰী তথা এতিয়াৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ৷ মাজুলিত নিৰ্মাণ কৰা হ’ব মেধাৱী পৰিমিতাৰ স্মৃতিসৌধ৷ অভিশপ্ত নাও দুৰ্ঘটনাত নিহত পৰিমিতাৰ ঘৰত শুকুৰবাৰে উপস্থিত হয় সোণোৱাল৷ দুৰ্ভগীয়া পৰিয়ালটোৰ কাষত থিয় হৈ সমবেদনা জনাই মুখ্যমন্ত্ৰীগৰাকীয়ে৷ এটি সম্ভৱনাৰ অকাল মৃত্যুত মৰ্মাহত সোণোৱালে দুৰ্ভগীয়া পৰিয়ালটোক দিলে বহু আশ্বাস৷ ৰাইজেৰে আলোচনা কৰি স্মৃতিসৌধৰ স্থান নিৰ্ধাৰণ কৰা হ’ব বুলি মন্তব্য কৰিলে সোণোৱালে৷ লগতে পৰিমিতাৰ পৰিয়ালৰ এজনক স্থায়ী সংস্থাপন দিয়া হ’ব বুলিও আশ্বাস দিয়ে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে৷

পৰিমিতাৰ ঘৰত সৰ্বানন্দ সোণোৱাল

বৃহস্পতিবাৰে সন্ধিয়া ৬:৫০ বজাত মেধাৱী পৰিমিতাৰ মহানগৰীৰ কাহিলীপাৰাস্থিত ভাৰাঘৰত উপস্থিত হয় সৰ্বানন্দ সোণোৱাল৷ উপস্থিত হৈয়ে মৃত পৰিমিতাক শ্ৰদ্ধাৰ্ঘ নিবেদন কৰে মন্ত্ৰীগৰাকীয়ে৷ প্ৰবক্তাগৰাকীৰ প্ৰতিচ্ছবিত সোণোৱালে জ্ঞাপন কৰে পুষ্পাঞ্জলি৷ মন্ত্ৰীগৰাকীৰ সন্মুখতে হুকহুকাই কান্দিলে দুৰ্ভগীয়া পৰিয়ালটোৱে৷ ভগ্নী মধুমিতাই সৰ্বানন্দক চকুৰ লোটকেৰে বৰ্ণনা কৰে পৰিমিতাৰ লগত সজীৱ হৈ থকা স্মৃতিবোৰ৷ কেন্দ্ৰীয়মন্ত্ৰীগৰাকীয়ে সমবেদনা জনায় দুৰ্ভগীয়া পৰিয়ালটোক৷ লগতে পৰিমিতাৰ স্মৃতিসৌৰ্ধ নিৰ্মাণৰ কথাও ব্যক্ত কৰে৷

পৰিমিতাৰ ঘৰত সৰ্বানন্দ সোণোৱাল

বুধবাৰে সংঘটিত হৈছিল সেই শোকাৱহ দুৰ্ঘটনাটো৷ মাতৃ সীমাৰাণী ভূঞাৰ সন্মুখতেই মৃত্যুক আকোঁৱালি লৈছিল মাজুলীৰ ৰঙচাহী মহাবিদ্যালয়ৰ অধ্যাপিকা পৰিমিতা দাসে৷ বৃহস্পতিবাৰে যোৰহাট চিকিৎসা মহাবিদ্যালয়ে মোমায়েকৰ হাতত চমজাই দিছিল পৰিমিতাৰ নশ্বৰ দেহ৷ আৰু সেইদিনাই সন্ধিয়া ৭ বজাত মহানগৰীৰ ‘নৱগ্ৰহ শ্মশান’ত ভগ্নী মধুমিতাই তেওঁৰ মুখাগ্নি কৰিছিল৷

পৰিমিতাৰ ঘৰত সৰ্বানন্দ সোণোৱাল

এক সম্ভাৱনাৰ অকাল মৃত্যুত ৰাজ্যজুৰি শোকৰ ছাঁ পৰিছিল৷ অকালতে মৰহি গ’ল এটি সম্ভাৱনাৰ৷ কেন্দ্ৰীয়মন্ত্ৰী সোণোৱালৰ উপস্থিতিয়ে শোকহত পৰিয়ালক সাহস দিছে৷ ঘোষণা কৰিছে স্মৃতিসৌধ৷ কিন্তু পৰিমিতাৰ স্মৃতিত কি নিৰ্মাণ হ’ব সেয়া পৰৱৰ্তী সময়তহে পৰিলক্ষিত হ’ব!

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
haze
31 ° C
31.4 °
31 °
66 %
2.1kmh
40 %
Sun
34 °
Mon
35 °
Tue
32 °
Wed
29 °
Thu
31 °

Watch latest Movies & TV Series on Prag Play

Most Popular