spot_img
28 C
Guwahati
28 C
Guwahati
শনিবাৰ, অক্টোবৰ 16, 2021
Homeআঞ্চলিককি হ’ব ৰাজকন্যাক আইচিউইউত ৰখা ডাঃ নৱনীলৰ, জিএনআৰচিৰ : জেৰাত কি পালে...

কি হ’ব ৰাজকন্যাক আইচিউইউত ৰখা ডাঃ নৱনীলৰ, জিএনআৰচিৰ : জেৰাত কি পালে আৰক্ষীয়ে?

ডিজিটেল ডেস্ক : বিতৰ্কিত মডেল ৰাজকন্যা এতিয়া ৰঙাঘৰত। মুখ্যমন্ত্ৰীৰ হস্তক্ষেপৰ পাছত ৰাজকন্যাৰ যাদুদণ্ডই এইবাৰ কাম নিদিয়া হ’ল। দুদিনকৈ তেওঁ কটাবলগীয়া হ’ল দিছপুৰ আৰক্ষীৰ জিম্মাত। ইফালে, ৰাজকন্যাৰ গোচৰে এতিয়া নিত্য-নতুন ৰূপ ল’বলৈ আৰম্ভ কৰিছে। কেৱল ৰাজকন্যাই নহয় তেওঁক বছাবলৈ চেষ্টা কৰা আৰক্ষী বিষয়া তথা চিকিৎসকৰ বিৰুদ্ধেও ব্যৱস্থা গ্ৰহণৰ বাবে তৎপৰ হৈছে আৰক্ষী। ৰাজকন্যা কাণ্ডৰ তদন্তক গাফিলতি কৰাৰ বাবে নিলম্বন হ’ব পাৰে যান-বাহন শাখাৰ উপ-পৰিদৰ্শক চাহিৰ আলী। ৰাজকন্যাই দুৰ্ঘটনা সংঘটিত কৰাৰ পাছতে যি স্বাস্থ্য পৰীক্ষা কৰাব লাগিছিল তাত গাফিলতি কৰিছিল এছ আই চাহিৰ আলীয়ে। ৰাজকন্যাই সুৰাপান কৰিছিল নে নাই, সেয়া পৰীক্ষা কৰা হোৱা নাছিল স্বাস্থ্য পৰীক্ষাৰ সময়ত। যাৰ ফলত গোচৰটোৰ এজাহাৰত উল্লেখ কৰা হোৱা নাছিল ৰাজকন্যাই সুৰাপান কৰাৰ কথা। ইতিমধ্যে নতুন তদন্তকাৰী বিষয়া যোগানন্দ বড়োয়ে ইয়াক লৈ তদন্ত আৰম্ভ কৰিছে।


ইফালে, ৰাজকন্যাৰ অসুস্থতাৰ ভুৱা প্ৰমাণপত্ৰৰে তেওঁক আইচিইউৰ বিছনাত শুৱাই ৰখা চিকিৎসকৰ বিৰুদ্ধেও তৎপৰা হৈছে আৰক্ষী। জিএনআৰচিৰ জ্যেষ্ঠ চিকিৎসক নভনীৱাই বৰুৱাই তেওঁক জিএনআৰচিৰ আইচিইউ চিকিৎসাধীন হোৱাত সহায় কৰাৰ কথা পোহৰলৈ অহাৰ পাছতে চমন জাৰি কৰা হৈছিল ডাঃ নভনীল বৰুৱালৈ। একেদৰে চমন জাৰি হৈছিল জিএনআৰচি কৰ্তৃপক্ষৰ বিৰুদ্ধেও। বৃহস্পতিবাৰে জাননী পোৱাৰ পাছতে দিছপুৰ আৰক্ষী থানাত হাজিৰ হৈছে GNRC অধীক্ষক সুব্ৰত ভাগৱতী আৰু চিকিৎসক নভনীল বৰুৱা। দুয়োজনকে জেৰা চলাইছে তদন্তকাৰী বিষয়াই। চিকিৎসক আৰু চিকিৎসালয় কৰ্তৃপক্ষই ৰাজকন্যাক ৰাজ আতিথ্য দিয়াৰ তথ্য-প্ৰমাণ লাভ কৰিছে। এই গোচৰৰ তদন্তকাৰী বিষয়া যোগানন্দ বড়োয়ে আজি আদালতত চিকিৎসক নভনীল বৰুৱা আৰু চিকিৎসালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে এগৰাকী অপৰাধীক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ উত্থাপন কৰিব। আবেদনৰ পাছতে আদালতে মঞ্জুৰী দিলে গ্ৰেপ্তাৰ কৰা হ’ব চিকিৎসক নভনীল বৰুৱাক। লগতে GNRC কৰ্তৃপক্ষৰ বিৰুদ্ধেও ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি জানিব পৰা গৈছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular