spot_img
20 C
Guwahati
20 C
Guwahati
দেওবাৰ, জানুৱাৰী 23, 2022
Homeআঞ্চলিককিহৰ ইংগিত? তিনি মাহত ১৩০জন আলফালৈ!

কিহৰ ইংগিত? তিনি মাহত ১৩০জন আলফালৈ!

ডিজিটেল ডেক্সঃ ‘স্বাধীনতা নহয় ফুলশয্যা নিশা…’৷ স্বাধীনতা যিমান ৰোমান্টিক তাতকৈ বেছি কঠোৰ৷ এই সকলো ৰোমান্টিকতাৰ সপোনত ভাঁহি এতিয়া নিজকে ৰাষ্ট্ৰৰ ওচৰত নিষিদ্ধ কৰিবলৈ ওলাই আহিছে বহু যুৱক-যুৱতী৷ চলিত অসম গ্ৰন্থমেলাত বেছিকৈ চাহিদা পাইছে সশস্ত্ৰ সংগ্ৰামৰ পটভূমিত আলফাক লৈ ৰচিত কিতাপ ছাংলট্ ফেনলা, স্বাধীন অসমৰ অৰ্থনীতি, ৰাষ্ট্ৰদ্ৰোহীৰ দিনলিপি, আলফাঃ সেউজীয়া সপোন তেজৰঙা ইতিহাস, নিষিদ্ধ যোদ্ধাঃ দ্য আনট’ল্ড ষ্ট’ৰীজ, নয়নতৰাৰ পৃথিৱী প্ৰভৃতি গ্ৰন্থই৷ তেনে সময়তে প্ৰকাশিত এক তথ্য অনুসৰি আলফামুখী হৈছে বহু যুৱক-যুৱতী৷তথ্যমতে মাত্ৰ তিনি মাহত আলফাত যোগদান কৰিছে প্ৰায় ১৩০ গৰাকী যুৱক-যুৱতীয়ে৷


আলফাৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাই ঘোষণা কৰা একপক্ষীয় যুদ্ধবিৰতিৰ সমান্তৰালকৈ আলফাত চলিছে বৃহৎ মকৰল৷ এক তথ্য অনুসৰি সদস্যভৰ্তি অভিযানৰ বাবে কেন্দ্ৰৰ পৰা নিয়োগ কৰা হৈছে বিশেষ কেডাৰ৷ আলফাৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশতেই অসমৰ গাঁৱে-ভূঞে মানুহৰ মাজত সংগঠনৰ প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্যেশ্যে সোমাই পৰিছে এইসকল আলফা কেডাৰ৷ বিজেপি চৰকাৰৰ জনবিৰোধী সিদ্ধান্তত খৰ্গহস্ত যুৱক-যুৱতীয়ে মন মেলিছে আলফাৰ সংগ্ৰামৰ অংশীদাৰ হ’বলৈ৷ নিবনুৱা যুৱক-যুৱতীৰ উপৰিও বহু যুৱক-যুৱতীয়ে চাকৰি এৰি অংশীদাৰ হৈছে নিষিদ্ধ সংগঠনটোৰ সৈতে৷ বিশেষকৈ অসম আৰক্ষীত কৰ্তব্যৰত জোৱানৰ আলফাত যোগদানে বিষয়টোক এক অন্য মাত্ৰা প্ৰদান কৰিছে৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular