মহিলা ছেক্ৰেটাৰী ফাৰজানাৰ সৈতে কি ৰহস্যময় সম্পৰ্ক ৰেখাৰ? জন্মদিনত পুনৰ চলিছে চৰ্চা

0
18114
ৰেখা

ডিজিটেল ডেস্কঃ বলীউডৰ মোহময়ী অভিনেত্ৰী ৰেখাৰ আজি ওপজা দিন৷ বয়সে কোনোদিন যেন চুব নোৱাৰে এইগৰাকী ৰূপৱতী অভিনেত্ৰীক৷ আজি ৬৭ ট টা বসন্ত গৰিকলে ৰেখাই৷ অভিনয়ৰ লগতে সৌন্দৰ্য আৰু শাৰীৰীক সুষমাৰে দৰ্শকক মন্ত্ৰমুগ্ধ কৰা ৰেখাই ১৯৫৪ চনৰ ১০ অক্টোবৰত চেন্নাইত জন্মগ্ৰহণ কৰিছিল৷ তেওঁৰ প্ৰকৃত নাম ভানুৰেখা জেমিনী গণেশন৷ চিনেমা জগতত প্ৰৱেশ কৰোতে তেওঁ নাম লয় ৰেখা৷

ৰেখা এনে এগৰাকী বলিষ্ঠ অভিনেত্ৰী যাৰ কদৰ এতিয়াও কমা নাই৷ গ্লেমাৰ জগতৰ আগশাৰীৰ তাৰকাৰ শাৰীত সদায়ে স্থান দখল কৰি আছে অভিনেত্ৰী ৰেখাই৷ ৰেখাৰ অভিনয়েই নহয় তেওঁৰ ব্যক্তিগত জীৱনকলৈও সৰৱ চৰ্চা হয়৷ কেতিয়াবা যদি অমিতাভ বচ্চনৰ সৈতে তেওঁৰ প্ৰেমৰ চৰ্চা হয়, আন কেতিয়াবা হয় ৰেখাই শিৰত ধাৰণ কৰা সেন্দুৰক লৈ৷ ৰেখাই কাৰ নামত সেন্দুৰ পিন্ধে সেয়া সকলোৰে বাবে ৰহস্যৰ বিষয় কাৰণ ৰেখাৰ কোনো স্বামী নাই৷ ৰেখাক আজিলৈকে সেন্দুৰৰ ৰহস্য সুধিবলৈ কোনেও সাহস কৰা নাই সেয়ে আজিৰ তাৰিখতো সেয়া এক ৰহস্যৰ বিষয় হৈ আছে৷

১৯৯০ চনত মুকেশ আগৰৱালা নামৰ এজন ব্যৱসায়ীৰ সৈতে ৰেখা বিবাহপাশত আৱদ্ধ হৈছিল যদিও সংসাৰৰ সুখ বেছিদিন নাপালে ৰেখাই৷ বিয়াৰ ৪ মাহৰ পিছতে আত্মহত্যা কৰে মুকেশ আগৰৱালাই৷ ৰেখাৰ জনপ্ৰিয়তা অসীম হলেও মাজে মাজে তেওঁ বিতৰ্কৰ মাজতো সোমাই পৰে৷ ৰেখাৰ জীৱনত অন্যতম বিতৰ্ক হিচাপে চিহ্নিত হৈ আহিছে তেওঁৰ মহিলা ছেক্ৰেটাৰী ফাৰজানা খানৰ সৈতে থকা সম্পৰ্কক লৈ৷ প্ৰায় ৩০ বছৰৰো অধিক কাল ৰেখাৰ ছাঁৰ দৰে আছে ফাৰজানা৷

ফাৰজানাই পুৰষৰ দৰে থাকি ভাল পায়৷ পুৰুষৰ দৰেই সাজপাৰ কৰে ফাৰজানাই৷ ৰেখা উপস্থিত থকা প্ৰতিটো ইভেণ্টত ফাৰজানাকো লগত থকা দেখা যায়৷

বিখ্যাত সাংবাদিক মোহনদীপে ৰেখাৰ জীৱনভিত্তিক ‘EUREKHA’ নামৰ এখন কিতাপ লিখে৷ সেই কিতাপখনত তেওঁ লিখিছিল ৰেখা আৰু ফাৰজানাৰ মাজত প্ৰেমৰ সম্পৰ্ক আছে৷ ৰেখাৰ স্বামী মুকেশ আগৰৱালাই আত্মহত্যা কৰাৰ একমাত্ৰ কাৰণটো আছিল ফাৰজানা৷

এই তথ্য প্ৰকাশ পোৱাৰ পিছতে প্ৰশ্ন উঠিছিল যে ৰেখা ‘বাইছেক্সুৱেল’ নেকি? ৰেখা আৰু ফাৰজানাই কোনোদিন তেওঁলোকৰ সম্পৰ্কক লৈ মুখ খোলা নাই৷ এনেদৰেই সময়ে সময়ে অধিক ৰহস্যঘন হৈ উঠে ৰেখাৰ ব্যক্তিগত জীৱন৷ ব্যক্তিগত জীৱন যিমান বিতৰ্কিত হলেও অভিনেত্ৰীগৰাকীৰ অতুলনীয় অভিনয়ে দৰ্শকৰ হৃদয়ত অনন্য স্থান অধিকাৰ কৰি আছে৷