spot_img
22 C
Guwahati
22 C
Guwahati
শুক্ৰবাৰ, অক্টোবৰ 22, 2021
Homeআঞ্চলিকগ্ৰেপ্তাৰ কৰি আৰক্ষীয়ে ক’লৈ নিলে ৰিতুৰাজক? ডিব্ৰুগড়ৰৰ পূৰ্বে ক’ত ক’ত সংঘটিত কৰিছিল...

গ্ৰেপ্তাৰ কৰি আৰক্ষীয়ে ক’লৈ নিলে ৰিতুৰাজক? ডিব্ৰুগড়ৰৰ পূৰ্বে ক’ত ক’ত সংঘটিত কৰিছিল এনে কু-কৰ্ম?

শিৱসাগৰঃ ডিব্ৰুগড় চহৰৰ থানা চাৰিআলিস্থিত ভাৰতীয় ষ্টেট বেংকৰ শাখাত লজ্জাজনক ঘটনা সংঘটিত কৰাৰ ফলত গ্ৰেপ্তাৰ হৈছিল ৰিতুৰাজ গগৈ। এগৰাকী মহিলাক কাউণ্টাৰ ধনৰ লেনদেনৰ বাবে শাৰীপাতি থকা অৱস্থাত অসৎ ব্যৱহাৰ কৰাৰ অপৰাধত শিৱসাগৰ আৰক্ষীয়ে কৰায়ত্ত কৰিছিল লম্পটটোক। খবৰ লাভ কৰাৰ পাছতে কালি নিশাই শিৱসাগৰত উপস্থিত হয় ডিব্ৰুগড় আৰক্ষী।

অতিৰিক্ত আৰক্ষী অধীক্ষক বিতুল চেতিয়াৰ নেতৃত্বত অহা আৰক্ষীৰ দলটোৱে শিৱসাগৰ আৰক্ষীৰ পৰা চমজি লৈ ডিব্ৰুগড়লৈ লৈ যায় ধৃত ৰিতুৰাজক। অতিৰিক্ত আৰক্ষী অধীক্ষকগৰাকীয়ে জানিবলৈ দিয়ামতে লম্পট ৰিতুৰাজে পূৰ্বেও এনে কাণ্ড সংঘটিত কৰিছিল ।

মুম্বাই আৰু গুৱাহাটী মহানগৰীতো অনুৰূপ কাণ্ড সংঘটিত কৰা ৰিতুৰাজৰ বিৰুদ্ধে ডিব্ৰুগড় থানা চাৰিআলিস্থিত ষ্টেট বেংক কৰ্তৃপক্ষই এজাহাৰ দাখিল কৰা বুলি জানিবলৈ দিছে আৰক্ষী বিষয়াগৰাকীয়ে। অৱশ্যে ৰিতুৰাজৰ নিপীড়নৰ বলি হোৱা মহিলাগৰাকীৰ সম্ভেদ বৰ্তমানলৈ আৰক্ষীয়ে লাভ কৰা নাই বুলি আমাৰ সাংবাদিকে জনাইছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular