spot_img
11 C
Guwahati
11 C
Guwahati
শনিবাৰ, জানুৱাৰী 29, 2022
Homeমনোৰঞ্জনচিনেমা এৰি ধাবাত বাচন ধোৱাৰ কাম কৰিছিল জনপ্ৰিয় অভিনেতা সঞ্জয় মিশ্ৰই! আঁৰত...

চিনেমা এৰি ধাবাত বাচন ধোৱাৰ কাম কৰিছিল জনপ্ৰিয় অভিনেতা সঞ্জয় মিশ্ৰই! আঁৰত আছিল কি কাৰণ?

ডিজিটেল ডেস্কঃ বলীউডৰ বলীষ্ঠ অভিনেতাসকলৰ ভিতৰত অন্যতম সঞ্জয় মিশ্ৰ। চলচ্চিত্ৰ জগতৰ অতি প্ৰখ্যাত অভিনেতা সঞ্জয় মিশ্ৰই তেওঁৰ কঠোৰ পৰিশ্ৰম আৰু অভিনয়েৰে বলীউডত মাইলৰ খুঁটি স্থাপন কৰিবলৈ সক্ষম হৈছে৷ ১৯৯৫ চনত ‘Oh Darling! Yeh Hai India’ নামৰ চিনেমাখনৰ জৰিয়তে বলীউডত সঞ্জয়ে ভৰি থৈছিল। তেওঁৰ জন্ম হৈছিল ১৯৬৩ চনৰ ৬ অক্টোবৰত বিহাৰৰ দৰভাংগাত। সঞ্জয় মিশ্ৰই বহুতো চিনেমাত অভিনয় কৰি প্ৰশংসিত হৈছিল যদিও ‘আঁখোদেখি’ নামৰ চিনেমাখন তেওঁৰ জীৱনৰ টাৰ্ণিং পইণ্ট আছিল। ছবিখনৰ বাবে তেওঁক শ্ৰেষ্ঠ অভিনেতাৰ ফিল্মফেয়াৰ সমালোচক বঁটা প্ৰদান কৰা হৈছিল৷ কিন্তু খুব কম লোকেই জানে যে সঞ্জয়ে বলীউডত সুনাম অৰ্জন কৰাৰ পিছত হঠাতে নিজকে চিনেমা জগতৰ পৰা আঁতৰাই ৰাখিছিল। সকলোবোৰ এৰি তেওঁ উত্তৰাখণ্ডৰ হৃষীকেশত এখন ধাবাত কাম কৰিবলৈ আৰম্ভ কৰিছিল।

সঞ্জয় মিশ্ৰই চিনেমা জগতত সুনাম অৰ্জন কৰাৰ পাছতো ধাবাত কাম কৰিবলৈ আৰম্ভ কৰাৰ কাৰণ কি আছিল? সঞ্জয় মিশ্ৰাৰ বলীউডত কামৰো অভাৱ নাছিল৷ কিন্তু এদিন হঠাতে তেওঁ সকলো এৰি উত্তৰাখণ্ডৰ ঋষিকেশত এখন ধাবাত কাম কৰিবলৈ আৰম্ভ কৰিলে৷ এই ধাবাখনত তেওঁ চাহ, অমলেট বনোৱা আৰু বাচন পৰিষ্কাৰ কৰা আৰম্ভ কৰিছিল। এনে হোৱাৰ কাৰণ আছিল সঞ্জয় মিশ্ৰৰ দেউতাকৰ মৃত্যু।

সঞ্জয় মিশ্ৰৰ দেউতাকৰ মৃত্যুৱে তেওঁক ইমানেই দুখ দিলে যে তেওঁ মানসিকভাৱে একেবাৰে ভাগি পৰিছিল। এই দুখ সহিব নোৱাৰি সঞ্জয়ে মায়ানগৰী মুম্বাই এৰি হৃষীকেশলৈ গুচি যোৱাৰ সিদ্ধান্ত ল’লে৷ দেউতাকৰ মৃত্যুৰ দুখৰ লগতে সঞ্জয়ে এক ৰোগৰ সৈতেও যুঁজি আছিল। এই দুই কাৰণত তেওঁ হতাশাত ভুগি হৃষীকেশলৈ গুচি যায়।

তালৈ গৈ তেওঁ পেটৰ ভোক মাৰিবৰ বাবে ধাবাখনত মূৰ গুজি ল’লে। ইফালে গ্ৰাহকবোৰে তেওঁক দেখি চিনি পায় আৰু ফটো উঠিবলৈ ধৰে। আনহাতে পুতেকে অভিনয় এৰি ধাবাত বাচন বৰ্তন ধোৱা কাম কৰি থকা দেখি মাতৃৱে কান্দি কান্দি ফোন কৰি বাৰে বাৰে ঘৰলৈ ঘূৰি আহিবলৈ কয়। ধাবাত কাম কৰি থাকোতেই সঞ্জয় মিশ্ৰাই এদিন বিখ্যাত পৰিচালক ৰোহিত চেট্টীৰ পৰা ফোন পাইছিল।

ৰোহিতে সঞ্জয়ক পুনৰ মুম্বাইলৈ ঘূৰি আহি অভিনয় জীৱন আৰম্ভ কৰিবলৈ বাৰে বাৰে বুজালে। ৰোহিত চেট্টীৰ কথা সঞ্জয়ে পেলাব নোৱাৰি পুনৰ মুম্বাইলৈ উভতি আহে৷ ৰোহিতে সঞ্জয়ক ‘অল দা বেষ্ট’ নামৰ চিনেমাখনত অভিনয় কৰাৰ বাবে অফাৰ কৰে। তাৰ পিছত তেওঁ একাধিক জনপ্ৰিয় ছবিত অভিনয় কৰে৷ সঞ্জয় মিশ্ৰৰ দেউতাক শম্ভুনাথ মিশ্ৰ এজন সাংবাদিক আছিল আৰু ককাক আছিল এগৰাকী আইএএছ বিষয়া। সঞ্জয় মিশ্ৰই ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ পৰা অভিনয়ৰ পাঠ্যক্ৰম গ্ৰহণ কৰি চলচ্চিত্ৰত অভিনয় কৰিবলৈ মুম্বাইত ভৰি থৈছিলগৈ৷ ৰোহিত চেট্টীৰ ফোনকলে পুনৰ জীৱন সলাইছিল সঞ্জয় মিশ্ৰৰ।

আৰু পঢ়কঃ ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত ৩ ছফ্টৱেৰ ইঞ্জিনীয়াৰ,এগৰাকী শিক্ষয়িত্ৰী; আহত ৬

RELATED ARTICLES

Watch latest Movies & TV Series on Prag Play

Most Popular