spot_img
30 C
Guwahati
30 C
Guwahati
শুক্ৰবাৰ, অক্টোবৰ 22, 2021
Homeআঞ্চলিকএছপি আনন্দ মিশ্ৰৰ জিলাত ডকাইতৰ দপদপনিঃ বাইপাছত নিশা গাড়ী ৰখাই ধনদাবী-গুলীচালনা, ক’ত...

এছপি আনন্দ মিশ্ৰৰ জিলাত ডকাইতৰ দপদপনিঃ বাইপাছত নিশা গাড়ী ৰখাই ধনদাবী-গুলীচালনা, ক’ত আছিল আৰক্ষী?

নগাঁওঃ অসম আৰক্ষীৰ ‘সিংহম’ৰূপী আনন্দ মিশ্ৰৰ নামটো শুনিলেই ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীৰ মনত এজন নিকা, দুৰ্নীতিমুক্ত আৰক্ষী বিষয়াৰ ছবি মানসপটত ভাহি উঠে। কিন্তু প্ৰকৃততে আনন্দ মিশ্ৰৰ নেতৃত্বাধীন নগাঁও আৰক্ষী কৰ্মক্ষেত্ৰত সফলনে? আমাৰ সাংবাদিকে জনোৱা অনুসৰি, নিশা নগাঁৱৰ বাইপাছত সংঘটিত হৈছে গুলীচালনাৰ ঘটনা৷ গুলীবিদ্ধ হৈছে বৰপেটাৰ সুমন দাস নামৰ এজন গাড়ীচালক।

নগাঁৱৰ বাইপাছৰ ঝাৰণি গাঁও নামৰ ঠাইত ডকাইতৰ দলটোৱে সংঘটিত কৰে গুলীচালনাৰ ঘটনা৷ গুৱাহাটী বৰাগাঁৱৰ পৰা হাফলং অভিমুখে অনলাইনৰ সামগ্ৰী কঢ়িয়াই অনা কুৰিয়াৰ ছাৰ্ভিচৰ AS 25EC 6515 নম্বৰৰ বাহনখন নিশা নগাঁও বাইপাছত আগভেটি ধৰে ডকাইতৰ এটা দলে৷ ডকাইতৰ দলটোৱে গাড়ীচালক সুমন আৰু তেওঁৰ লগত থকা হৰ্ষজিৎ দাসৰ পৰা মানিবেগ আৰু মোবাইল কাঢ়ি নিয়াৰ লগতে অধিক ধন বিচাৰি ভাবুকি প্ৰদান কৰে।

কিন্তু ‘লগত আৰু ধন নাই’- বুলি সুমনে মন্তব্য প্ৰদান কৰাত গুলীচালনা কৰে ডকাইতৰ দলটোৱে৷ ডকাইতৰ গুলীচালনাত ডিঙিত গুলী লাগে সুমন দাসৰ৷ পাছত গুলীবিদ্ধ সুমনক ‘নগাঁও অসামৰিক চিকিৎসালয়’ত ভৰ্তি কৰা হয় যদিও উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হয়। ইতিমধ্যে নগাঁও আৰক্ষীযে ঘটনাস্থলী পৰিদৰ্শন কৰি তদন্ত আৰম্ভ কৰিছে৷ বাইপাছত নিশা ডকাইতৰ দলে সংঘটিত কৰা এই গুলীচালনাৰ ঘটনাই সমগ্ৰ নগাঁৱতে চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ উক্ত ঘটনা সন্দৰ্ভত বিভিন্ন দল-সংগঠনৰ লগতে স্থানীয় লোকৰ মাজত প্ৰশ্নৰ অৱতাৰণা হৈছে যে, “নিশা ক’ত আছিল ‘নগাঁও আৰক্ষী’?”

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular