spot_img
32 C
Guwahati
Friday, September 17, 2021
spot_img
Homeআঞ্চলিক'ক'ত গ'ল মা' - মাতৃক বিচাৰি সন্তানৰ হিয়া ভঙা কান্দোন

‘ক’ত গ’ল মা’ – মাতৃক বিচাৰি সন্তানৰ হিয়া ভঙা কান্দোন

লঙিমপুৰ : মাতৃক বিচাৰি সন্তানৰ হিয়া ভঙা কান্দোন৷ লখিমপুৰ জিলাৰ নাৰায়ণপুৰত ১৬ দিনে নিৰুদ্দেশ হৈ আছে তিনি সন্তানৰ মাতৃ৷ ১৬ দিন ধৰি ৰহস্যজনক ভাৱে সন্ধানহীন হৈ আছে নাৰায়ণপুৰৰ মধুপুৰৰ পিংকী বৰা নামৰ বোৱাৰীগৰাকী।

অৰুণাচলৰ নাহৰলাগুনত দিন হাজিৰা কৰি পত্নী আৰু তিনিটি সন্তানক পোহপাল দি আছিল কৃষ্ণকান্ত বৰাই। এমাহ পূৰ্বে কৰ্মস্থলীৰ পৰা আহিছিল যদিও ১৩ আগষ্টত ঘটিল এই অঘটন। বিগত ১৩ আগষ্টত লখিমপুৰৰ ননদৰ ঘৰলৈ যাম বুলি গৈ আজিলৈকে ঘূৰি নাহিল বোৱাৰীগৰাকী ।

স্বামী আৰু কণমানি তিনি সন্তানে এতিয়া মাকক বিচাৰি হাহাকাৰ কৰি ফুৰিছে। নাৰায়ণপুৰ থানাত এজাহাৰ দিয়াৰ পাছতো আজিলৈকে শুংসুত্ৰ নাই পিংকী বৰাৰ। তিনি সন্তান আৰু স্বামীক এৰি পৰপুৰুষৰ সৈতে পলাই যোৱাৰ সন্দেহ প্ৰকাশ স্বামীৰ। এই ঘটনাই অঞ্চলজুৰি বিৰাজ কৰিছে তীব্ৰ চাঞ্চল্যৰ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
haze
32 ° C
32 °
31.4 °
66 %
0kmh
75 %
Fri
30 °
Sat
30 °
Sun
30 °
Mon
31 °
Tue
31 °

Watch latest Movies & TV Series on Prag Play

Most Popular