spot_img
17 C
Guwahati
17 C
Guwahati
শনিবাৰ, জানুৱাৰী 29, 2022
Homeব্ৰেকিং নিউজবলীউডত আলোড়ন, শ্বাহৰূখ দুহিতাৰ জিগজাগ-ছিকছাক পোছাকে দৃষ্টি কাঢ়িছে কাৰ?

বলীউডত আলোড়ন, শ্বাহৰূখ দুহিতাৰ জিগজাগ-ছিকছাক পোছাকে দৃষ্টি কাঢ়িছে কাৰ?

নতুন দিল্লীঃ শ্বাহৰূখ খানৰ একমাত্ৰ জীয়ৰী সুহানা খান বলীউডৰ অংশ নহয় যদিও সামাজিক মাধ্যমত তাৰকাগৰাকীৰ দুহিতাক লৈ আছে অন্তহীন কৌতূহল। তাৰকা সন্তান হোৱাৰ সুবাদতে সুহানাৰ সামাজিক মাধ্যমৰ পোষ্টবোৰেও বিশেষ চৰ্চা লাভ কৰা দেখিবলৈ পোৱা যায়। শেহতীয়াকৈ, সামাজিক মাধ্যমত সুহানাই পোষ্ট কৰা ছবিবোৰে এক আলোড়নৰ সৃষ্টি কৰা দেখিবলৈ পোৱা গৈছে। অলপতে শ্বাহৰূখ দুহিতাই ইনষ্টাগ্ৰামত নিজৰ দুখন ফটো পোষ্ট কৰিছিল।

ব্যতিক্ৰমী ভংগীমাত শ্বাহৰূখ দুহিতা সুহানা

নাহৰফুটুকী ৰঙৰ জিকজাক-ছিকছাক পোছাকে দৃষ্টি কাঢ়িছে একাংশৰ। সুহানাৰ বান্ধৱী শ্বানায়া কাপুৰ আৰু অনন্যা পাণ্ডেয়ে পোষ্টটোৰ মন্তব্যত প্ৰশংসা কৰা দেখিবলৈ পোৱা গৈছে। উল্লেখ্য যে, শ্বাহৰূখ-গৌৰীৰ একমাত্ৰ কন্যা সুহানাই উচ্চ শিক্ষাৰ বাবে ২০১৯ চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউয়ৰ্কলৈ উৰা মাৰিছিল। বলীউড বাদশ্বাহ দুহিতা সুহানা খানৰ বলীউড ডেব্যুক লৈয়ো প্ৰায়ে নানা গুজৱ শুনিবলৈ পোৱা যায়। সুহানাই বৰ্তমান অভিনয় বিষয়তে অধ্যয়ন কৰি আছে। কোনমুহূৰ্তত বলীউড বাদশ্বাহৰ দুহিতাই বলীউডত খোজ দিয়ে সেয়া সময়তহে লক্ষণীয় হ’ব! অৱশ্যে, এই সন্দৰ্ভত কোনো ধৰণৰ মন্তব্য কৰাৰ পৰা বিৰত আছে শ্বাহৰূখ-গৌৰী।

RELATED ARTICLES

Watch latest Movies & TV Series on Prag Play

Most Popular