spot_img
30 C
Guwahati
Monday, September 20, 2021
spot_img
Homeক্ৰীড়াদলীয় সভাত নিদ্ৰামগ্ন কোন ক্ৰিকেটাৰ? সমালোচনাত কিংবদন্তি প্ৰশিক্ষক

দলীয় সভাত নিদ্ৰামগ্ন কোন ক্ৰিকেটাৰ? সমালোচনাত কিংবদন্তি প্ৰশিক্ষক

নতুন দিল্লীঃ জন বুকানন, নামেই যাৰ পৰিচয়। তেওঁৰ প্ৰশিক্ষণতে অষ্ট্ৰেলিয়ান ক্ৰিকেটে এক নৱযুগৰ সূচনা কৰিছিল। শেহতীয়াকৈ তুমুল চৰ্চাৰ অভিকেন্দ্ৰ হৈ পৰিছে জন বুকানন; কিন্তু কিয়? পাকিস্তানৰ প্ৰাক্তন অধিনায়ক ছলমান বাটে খ্যাতনামা প্ৰশিক্ষক জন বুকাননৰ সমালোচনাত মুখৰ হৈ পৰিছে। অষ্ট্ৰেলিয়াক ১৯৯৯ চনৰ পৰা ২০০৭ চনলৈ ৩টাকৈ বিশ্বকাপ ট্ৰফী প্ৰদান কৰা প্ৰশিক্ষকগৰাকীক লৈ কেতবোৰ স্পৰ্শকাতৰ বিষয় উত্থাপন কৰিছে ছলমানে।

আনহাতে, অষ্ট্ৰেলিয়াৰ প্ৰশিক্ষক জন বুকাননে যেতিয়া দলীয় সভা অনুষ্ঠিত কৰে তেতিয়া ক্ৰিকেটাৰসকলে সেই সভাত টোপনি গৈছিল বুলিও মেচ ফিক্সিংৰ বাবে নিষিদ্ধ হোৱা পাকিস্তানৰ প্ৰাক্তন তাৰকা অপেনাৰ ছলমান বাটে উপহাস কৰে কিংবদন্তি প্ৰশিক্ষকগৰাকীক। উল্লেখ্য যে, ২০০৮ চনত আই পি এলৰ প্ৰথম ছিজনত কলকাতা নাইট ৰাইডাৰ্ছৰ প্ৰশিক্ষক আছিল জন বুকানন। তেতিয়াই ছলমান বাটে জন বুকাননৰ অধীনত খেলিছিল।

ইফালে, জন বুকানন অষ্ট্ৰেলিয়াৰ প্ৰশিক্ষক হৈ থাকোতে অষ্ট্ৰেলিয়ান কিংবদন্তি ক্ৰিকেটাৰ ৰিকি পইন্টিং দলটোৰ অধিনায়ক আছিল। অষ্ট্ৰেলিয়াই তেওঁৰ অধিনায়কত্বত তিনিবাৰ বিশ্বকাপ জিকিছিল। সেই সময়ত কেংগাৰুবাহিনী ইমান শক্তিশালী আছিল যে, পৃথকে প্ৰশিক্ষকৰ কোনো প্ৰয়োজনে নাছিল বুলিও একাংশই সদৰী কৰিছে। অৱশ্যে আই পি এলৰ প্ৰথম ছিজনত কলকাতা নাইট ৰাইডাৰ্ছৰ প্ৰশিক্ষক জন বুকাননক পৰৱৰ্তী বৰ্ষত বৰ্খাস্ত কৰা হৈছিল কেতবোৰ মৈ-মতালিৰ বাবে। অৱশ্যে, ছলমানৰ কটাক্ষৰ বিপৰীতে মৌনব্ৰত পালন কৰিছে জন বুকাননে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
haze
30 ° C
31.4 °
30 °
74 %
0kmh
40 %
Mon
32 °
Tue
31 °
Wed
30 °
Thu
31 °
Fri
32 °

Watch latest Movies & TV Series on Prag Play

Most Popular