spot_img
27 C
Guwahati
27 C
Guwahati
শুক্ৰবাৰ, অক্টোবৰ 22, 2021
Homeআঞ্চলিকএনএলএফবি আৰু ইউএলবিৰ জন্মৰ আঁৰত কোন? চিবিআইৰ তদন্ত বিচাৰিলে বিটিআৰ প্ৰধানে

এনএলএফবি আৰু ইউএলবিৰ জন্মৰ আঁৰত কোন? চিবিআইৰ তদন্ত বিচাৰিলে বিটিআৰ প্ৰধানে

ডিজিটেল ডেস্ক : বড়োভূমিত অস্ত্ৰৰ ৰাজ আৰু অশান্তি-অস্থিৰতাৰ অৱসান হোৱাটো যেন আজিও সুদূৰৰ স্বপ্ন হৈ ৰৈছে। সময়ে সময়ে বিভিন্ন শান্তিচুক্তি স্বাক্ষৰৰ জৰিয়তে বিটিআৰক নতুন ৰাজনৈতিক পৰিচয় প্ৰদান কৰা হৈ আহিছে যদিও স্থায়ী শান্তি প্ৰতিষ্ঠাৰ স্বপ্ন এতিয়াও পূৰণ হোৱা নাই। বড়োভূমিৰ দুৰ্ধৰ্ষ সশস্ত্ৰ সংগঠন এনডিএফবিৰ অস্ত্ৰ সম্বৰণ তথা ৰাজনৈতিক অভ্যুত্থানৰ পাছত বিটিআৰত শান্তি প্ৰতিষ্ঠাৰ হেঙাৰ থাকিব নালাগিছিল যদিও পুনৰ জন্ম হৈছে ‘নেচনেল লিবাৰেচন ফ্ৰণ্ট অব বড়োলেণ্ড’ চমুকৈ এনএলএফবি আৰু ইউনাইটেড লিবাৰেচন অব বড়োলেণ্ডৰ দৰে সশস্ত্ৰ সংগঠনৰ। এই নতুন সামৰিক শক্তিৰ উত্থানে বড়োভূমিৰ শান্তিৰ টোপনি আকৌ এবাৰ কাঢ়ি নিয়াৰ উপক্ৰম ঘটাইছে। বিগত কেইটামান দিনত এই আশংকা অধিক গাঢ় হৈ পৰিছে।

জৌংছাৰ মুছাহাৰী আৰু জনক ব্ৰহ্ম নামৰ দুজন সন্দেহজনক ইউএলবি সদস্য নিহত হোৱাৰ পাছৰে পৰা সৃষ্টি হৈছিল উত্তেজনাময় পৰিস্থিতিৰ। কোকৰঝাৰৰ আৰক্ষী অধীক্ষক সুৰজিৎ সিং পানেছাৰে সংবাদমেলযোগে সংঘৰ্ষৰ সবিশেষ বৰ্ণনা কৰিছিল। কিন্তু আৰক্ষীৰ দাবীৰ বিপৰীতে জৌংসাৰ মুছাহাৰীৰ পৰিয়ালৰ লোকে আগবঢ়াইছিল অন্য ভাষ্য। কোলাত পোন্ধৰ দিনীয়া সন্তান লৈ তেওঁৰ পত্নীয়ে কান্দি কান্দি সাংবাদিকৰ সন্মুখত কৈছিল যে, ‘জৌংসাৰ ইউ এল বি সদস্য নহয়। তেওঁ এন ডি এফ বিৰ প্ৰাক্তন কেডাৰ যদিও এতিয়া কোনো সশস্ত্ৰ সংগঠনৰ সৈতে তেওঁৰ সম্পৰ্ক নাই।’ তাৰ পাছৰ পৰাই নানা বিতৰ্ক আৰু আলোচনা-সমালোচনাই উত্তপ্ত কৰি ৰাখিছে বড়োভূমিৰ সামাজিক-ৰাজনৈতিক পৰিস্থিতি।


এই সন্দৰ্ভত মুখ খুলিছে বিটিচি চীফ প্ৰমোদ বড়োৱেও। তেওঁ সংবাদিকৰ আগত প্ৰকাশ কৰিছে যে, ‘আইন হাতত তুলি ল’লে আৰক্ষীয়ে ব্যৱস্থা ল’ব। বি টি চি অশান্ত হোৱাতো নিবিচাৰো। বিগত ত্ৰিছ-চল্লিশ বছৰে অশান্তি গ’ল। কিন্তু এতিয়াৰ বি টি চিত আমি এজন মানুহেও জীৱন হেৰুওৱাটো নিবিচাৰো।’ প্ৰমোদ বড়োৰ এই মন্তব্যই স্বাভাৱিকতে আহি থকা দিনত বিটিআৰত মূৰ দাঙি উঠিব পৰা যিকোনো সশস্ত্ৰ কাম-কাজৰ বিৰুদ্ধে তেওঁৰ স্থিতি অতিকে কঠোৰ হোৱাৰ ইংগিতেই বহন কৰিছে।

ইফালে, সংবাদমেলযোগে প্ৰমোদ বড়োৱে তাৎপৰ্যপূৰ্ণভাৱে সমগ্ৰ ঘটনাৰ চিবিআই তদন্ত কৰাৰ কথাও প্ৰকাশ কৰিছে। যিয়ে দোষ কৰিছে সেইসকলে শাস্তি লাভ কৰিব বুলিও তেওঁ মন্তব্য কৰিছে। ইফালে, এনএলএফবি আৰু ইউএলবিৰ জন্মৰ আঁৰত কোন সেই কথা চিবিআইৰ তদন্তৰ পাছতহে পোহহৰলৈ আহিব বুলিও মন্তব্য কৰিও তেওঁ ইয়াৰ আঁৰত অন্য পক্ষৰ উচতনি তথা পৃষ্ঠপোষকতা থকাৰ কথাৰ ইংগিত দিছে। প্ৰমোদ বড়োৱে স্পষ্টকৈ নক’লেও ইয়াৰ আঁৰৰ ৰাজনীতি বুজাটো হ’ব আটাইতকৈ গুৰুত্বপূ্ৰ্ণ কথা। কিয়নো এনে সশস্ত্ৰ সংগঠনৰ জন্ম হোৱাটোৱে বিটিআৰৰ স্থায়ী শান্তিৰ স্বপ্নত হেঙাৰ বন্ধাৰে উপক্ৰম ঘটাব।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular