spot_img
10 C
Guwahati
10 C
Guwahati
শনিবাৰ, জানুৱাৰী 29, 2022
Homeআঞ্চলিকছাত্ৰক সমুখত লৈ কোনে খেলিলে এই খেল ? কটনিয়ানৰ নিৰ্বাচনৰ আনন্দ কোনে...

ছাত্ৰক সমুখত লৈ কোনে খেলিলে এই খেল ? কটনিয়ানৰ নিৰ্বাচনৰ আনন্দ কোনে কাঢ়ি নিলে?

ডিজিটেল ডেস্কঃ আজিৰ কটনে যি ক’য় বা যি কৰে, সেইয়া সমগ্ৰ অসমে কৰে বা শুনে৷ কিন্তু আজিৰ কটনিয়ান কোন দিশে? কটনিয়ানে শেহতীয়াকৈ যি কৰ্ম-কাণ্ড কৰিলে, সেইবোৰ কাৰ্যকলাপে সচাঁকৈয়ে কটনৰ ঐতিহ্যত কালিমা হানিছে৷ দুবছৰ উৎকণ্ঠাৰ অন্তত কটন বিশ্ববিদ্যালয়ত অনুষ্ঠিত হৈছিল ২০২২-২৩ বৰ্ষৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচন৷ কিন্তু নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ পাছতে কটন বিশ্ববিদ্যালয় কুৰুক্ষেত্ৰ ৰণলৈ পৰিণত হ’ল৷

নিৰ্বাচনকেন্দ্ৰীক হিংসাত লিপ্ত এচাম উদণ্ড ছাত্ৰই কটনৰ ঐতিহ্যত বাৰে-বাৰে কালিমা হানিছে৷ সুৰাৰ ৰাগিত মাতাল একাংশ উদণ্ড ছাত্ৰই কৰা আক্ৰমণ-প্ৰত্যক্ৰমণৰ চূড়ান্ত পৰ্যায় পালেগৈ কটন বিশ্ববিদ্যালয়ৰ আবাসিক চৌহদত৷ জয়-পৰাজয় নিৰ্বাচনৰ এটা অংশ যে হ’য়, সেই কথা হয় পাহৰি পেলালে কটনৰ একাংশ উদণ্ড ছাত্ৰই৷ নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ নিশা কটনৰ দুটা ছাত্ৰাবাস সীতানাথ ব্ৰক্ষ্ম চৌধুৰী আৰু মহেন্দ্ৰ নাথ ডেকাফুকন কোনো বিষয়ক লৈ কাজিয়াৰ সূত্ৰপাত হয় আৰু মুহুৰ্তৰ ভিতৰতে এই কাজিয়াই গুৰুত্বৰ ৰূপ ধাৰণ কৰে৷

এছ এন বি চিৰ ছাত্ৰাবাসৰ কেইজনমান ছাত্ৰ ইমানেই উদণ্ড ৰূপ ধাৰণ কৰে যে, তেওঁলোক একেবাৰে চূড়ান্ত পৰ্যায়ত উপনীত হয়৷ এম এন ডি পি ছাত্ৰাবাসটোলৈ লৈ লক্ষ্য কৰি এছ এন বি চিৰ কেইজনমান ছাত্ৰই নিৰ্বিচাৰভাৱে শিলাবৰ্ষণ কৰে, পৰিস্থিতিটোৱে ইমানেই গুৰুত্বৰ ৰূপ ধাৰণ কৰে যে, মদৰ বটল, শিলগুটি নিক্ষেপত এম এন ডি পি ছাত্ৰাবাসটোত নিশাৰ আহাৰ গ্ৰহণ কৰি থকা কেইজনমান ছাত্ৰ গুৰুত্বৰভাৱে আঘাতপ্ৰাপ্ত হয় আৰু তেওঁলোকক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰাব লগা হয়৷


ইফালে কটন বিশ্ববিদ্যালয়ৰ এমএনডিপি ছাত্রবাসৰ পৰা নব নিৰ্বাচিত সাধাৰণ সম্পাদক অভিষেক মহন্তই অভিযোগ উত্থাপন কৰিছে যে, অতুল বৰাৰ গুণ্ডাবাহিনীৰ ৰাজত্ব চলিছে কটন বিশ্ববিদ্যালয়ত৷ ত্ৰিনয়ন বৰুৱাকে ধৰি কেইজনমানে অসম ছাত্ৰ পৰিষদৰ নেতাই নেতৃত্ব লৈছিল এই কাণ্ডটোৰ৷ অতুল বৰা,হিমন্ত বিশ্ব শৰ্মাৰ প্ৰভাৱৰ বাবেই এছ এন বি চিৰ বিৰুদ্ধে কৰ্তৃপক্ষই একো ব্যৱস্থা গ্ৰহণ নকৰিলে বুলি অভিযোগ উত্থাপন কৰিছে এমএনডিপিৰ নব নিৰ্বাচিত সাধাৰণ সম্পাদক অভিষেক মহন্তই৷

RELATED ARTICLES

Watch latest Movies & TV Series on Prag Play

Most Popular