spot_img
20 C
Guwahati
20 C
Guwahati
শনিবাৰ, ডিচেম্বৰ 4, 2021
Homeআঞ্চলিকএইবাৰ কা’ বিৰোধী আন্দোলনত অখিলৰ সহযোগী হ’ব কোন?

এইবাৰ কা’ বিৰোধী আন্দোলনত অখিলৰ সহযোগী হ’ব কোন?

ডিজিটেল ডেস্কঃ কোন দিশে গতি কৰিলে কা ’ আন্দোলন৷ অসমৰ ইতিহাসৰ এক সৰ্ববৃহৎ গণ আন্দোলন৷ ২০১৯ চনৰ ডিচেম্বৰ মাহত ‘কেব’ গৈ ‘কা’ হ’ল, অৰ্থাৎ নাগৰিকত্ব সংশোধনী বিধেয়কখন আইনত পৰিণত হ’ল । এই আইনৰ বিৰুদ্ধে দেশৰ বহুতো সচেতন নাগৰিক, দল-সংগঠনে ন্যায়ালয়ৰ কাষ চাপিছে, আইনখন বৰ্তমান ন্যায়ালয়ত বিচাৰাধীন হৈ আছে । তাৰ পিছতো কিন্তু মোদী নেতৃত্বাধীন বিজেপি চৰকাৰে ২০২০ চনৰ ১০ জানুৱাৰীত আইনখন দেশজুৰি বলবৎ কৰিলে।

পৰৱৰ্তী সময়ত আৰম্ভ হ’ল তীব্ৰ আন্দোলন৷ অসমৰ ডেকাৰ পৰা আৰম্ভ কৰি আদহীয়া বৃদ্ধাজনো উলাই আহিল ৰাজপথলৈ, মুঠতে বাতিল হ’ব লাগিব জন বিৰোধী, সংবিধানবিৰোধী কা’ আইন৷ চৰকাৰৰ বিৰুদ্ধে গঢ়ি তোলা হ’ল তীব্ৰ আন্দোলন, কিন্তু শাসক পক্ষই আন্দোলনৰ প্ৰতি তিলমাত্ৰাও সহাৰি নজনালে, বৰঞ্চ চৰকাৰে আন্দোলনত অংশ লোৱা ৬ জনকৈ নিৰীহ লোকক বন্ধুকৰেহে উত্তৰ দিলে যে, আইনখনৰ প্ৰতি কিমান আকোৰগোঁজ চৰকাৰী পক্ষ৷ অসমৰ প্ৰতিটো জাতীয় সংগঠনৰ আহ্বানত ৰাজপথলৈ উলাই আহিল শ শ প্ৰতিবাদী জনতা৷ আন্দোলনৰ নেতৃত্ব বহন কৰা এটা জাতীয় সংগঠনে ৰাজপথৰ আন্দোলনখনক মঞ্চ বা খেল পথাৰ আন্দোলনলৈ পৰ্যবেসিত কৰিলে৷ এই কাৰ্যক লৈ অসমৰ এচাম মানুহে ঘোৰ বিৰোধিতা কৰিছিল৷ তেতিয়াৰ পৰাই কা’ আন্দোলনে গতি সলনি কৰিলে বুলি বহুতে ক’ব খোজে৷ মঞ্চ আন্দোলনৰ পৰাই বহুতো লোকক ৰাজনৈতিক নেতালৈ ৰূপান্তৰ কৰিলে বুলি ক’য়৷


শেহতীয়াকৈ পুনৰ কা ’ আন্দোলন গা কৰি উঠিব পাৰে বুলি এক ইংগিত বহন কৰিছ৷ ১৯ নৱেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেন্দ্ৰীয় চৰকাৰৰ বিতৰ্কিত কৃষি আইন তিনিখন প্ৰত্যাহাৰ কৰাৰ কথা ঘোষণা কৰাৰ পিছৰে পৰা অসমত পুনৰ কা আন্দোলনৰ প্ৰসংগই মূৰ দাঙি উঠিছে। কৃষকসকলৰ দীৰ্ঘদিনীয়া কষ্টৰ ফলস্বৰূপে এই ফল পোৱা বুলি উল্লেখ কৰি শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে অসমত আকৌ কা আন্দোলন হ’ব লাগে বুলি মন্তব্য কৰিছে। সংবাদ মাধ্যমৰ আগত নেতা গৰাকীয়ে কয় যে, ‘কা আইনত প্ৰণয়ন হ’লে প্ৰায় ১ কোটি ৯০ লাখ বিদেশী হিন্দু বাংলাদেশী অসমলৈ আহিব। কা আন্দোলন বন্ধ হোৱাৰ মূল কাৰণ দুটা। জাতীয় সংগঠনৰ বাবেই ৰাজপথৰ পৰা খেলপথাৰ পাইছিল কা বিৰোধী আন্দোলন’।‘মই জেলত থকাৰ সময়তে জাতীয় সংগঠনৰ নেতৃত্বই আপোচ কৰিলে চাগে। ইমান ডাঙৰ আন্দোলন এটাৰ দায়িত্ব ল’ব নোৱাৰিলে জাতীয় সংগঠনৰ নেতাই’, কোনো জাতীয় সংগঠনৰ নাম নোলোৱাকৈয়ে এইদৰে আক্ষেপ প্ৰকাশ কৰে গগৈয়ে। ‘মই অকলে কৰিব নোৱাৰো, সেয়ে মই সকলো খিলঞ্জীয়া সংগঠনক পুনৰ এবাৰ একেলগে হাত মিলাবলৈ আৰু কোনো আপোচ নকৰাকৈ কা বিৰোধী আন্দোলন পুনৰ আৰম্ভ কৰিবলৈ অনুৰোধ জনাইছো’, শিৱসাগৰৰ বিধায়কজনে এইদৰে কয়।


চৰকাৰী যন্ত্ৰই আন্দোলনৰ পৰিবেশ গঢ় লৈ উঠিলেই, যিকোনো প্ৰকাৰে আন্দোলনক দমন কৰিবলৈ উঠি-পৰি লাগে৷ ব্যতিক্ৰম নহয় এইবাৰো, কা আন্দোলনৰ কথা আহি পৰা সময়তে প্ৰাক্তন বিধায়িকা আঙুৰলতা ডেকাই কা’ আন্দোলনক কৰিলে চৰম উপহাস৷ আঙুৰলতাই সমগ্ৰ কা’ আন্দোলনখনকে নাটক আখ্যা দিলে, ইয়াতে ক্ষান্ত নাথাকি আৰু এখোজ আগবাঢ়ি তেওঁ কা ’ আন্দোলনত শ্বহীদ হোৱা ৬ জন লোকক এক নাটক বুলিহে ক’লে৷ কা’ আন্দোলনত অংশ লোবা একাংশ সুবিধাবাদী লোক গেৰুৱা হ’ল ঠিকেই, কিন্তু যিসকলে সচাকৈয়ে জাতিৰ স্বাৰ্থত হাজাৰ হাজাৰ লোক ৰাজপথলৈ উলাই আহিছিল, তেওঁলোকো কি নাটক কৰিছিল নেকি? প্ৰশ্ন এতিয়া ৰাইজলৈ…

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular