spot_img
25 C
Guwahati
25 C
Guwahati
শনিবাৰ, নৱেম্বৰ 27, 2021
Homeক্ৰীড়াদ্বিতীয় টি-২০ত কিয় টেপ লগোৱা জাৰ্ছী পৰিধান কৰিলে ঋষভ পণ্টে?

দ্বিতীয় টি-২০ত কিয় টেপ লগোৱা জাৰ্ছী পৰিধান কৰিলে ঋষভ পণ্টে?

ডিজিটেল ডেস্কঃ প্ৰশিক্ষক হিচাবে প্ৰথমটো শৃংখলাতে জয়ৰ সোৱাদ পালে ৰাহুল দ্ৰাবিড়ে। ৰাহুল দ্ৰাবিড়ৰ প্ৰশিক্ষণ তথা ৰোহিত শৰ্মাৰ নেতৃত্বত নিউজিলেণ্ডৰ বিৰুদ্ধে তিনিখনীয়া টি-২০ শৃংখলাৰ ক্ৰমাগত দ্বিতীয়খন খেলত বিজয় সাব্যস্ত কৰে ভাৰতে। এই জয়ৰ সুবাদতে ভাৰতে ২-০ ৰ অগ্ৰগতিৰে শৃংখলা দখল কৰিবলৈ সক্ষম হয়। দ্বিতীয়খন খেলত ভাৰতীয় দলৰ সামগ্ৰিক প্ৰদৰ্শনৰ লগতে দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰে ঋষভ পণ্টৰ জাৰ্ছীয়ে।

বেটে-বলে উজ্জীৱিত প্ৰদৰ্শন দাঙি ধৰা ভাৰতীয় দলে আমোদ দিয়াৰ লগতে দৰ্শকৰ দৃষ্টি নিবদ্ধ হয় উইকেটকীপাৰ-বেটছমেন ঋষভ পণ্টৰ জাৰ্ছীত। ৰাঁচীত অনুষ্ঠিত হোৱা খেলখনত ঋষভ পণ্টে পৰিধান কৰা টি-চাৰ্টৰ সোঁফালে বুকুত টেপ লগোৱা পৰিলক্ষিত হয়। লগে লগে দৰ্শকৰ মাজত সৃষ্টি হয় কৌতুহলৰ। ঋষভে জাৰ্ছীত টেপ লগোৱাৰ কাৰণ জানিবলৈ উৎসুক হৈ পৰে বিভিন্নজন। উৎসুকতাৰ ওৰ পেলাই ঘটনা পৰিস্ফুত হয় যে, সেই জাৰ্ছীটো ভাৰতীয় দলে আইচিচি পুৰুষ টি-২০ বিশ্বকাপ, ২০২১ ত পৰিধান কৰিছিল। জাৰ্চীটোত আইচিচিৰ টি-২০ ৱৰ্ল্ড কাপ ২০২১ ৰ ল’গ’ সন্নিবিষ্ট আছিল আৰু সেয়ে পণ্টে তাৰ ওপৰত টেপ লগাই লৈছিল। উল্লেখ্য যে, আইচিচিৰ ল’গ’ লগোৱা জাৰ্চী কোনো দ্বিপাক্ষিক শৃংখলাত ব্যৱহাৰৰ অনুমতি দিয়া নহয়।

বিশ্বকাপৰ প্ৰথম দুখন খেলতে পৰাজিত হৈ ছুপাৰ ১২ৰ পৰাই বিদায় লোৱা ভাৰতীয় দলে ৰোহিত শৰ্মা আৰু ৰাহুল দ্ৰাবিড়ৰ নেতৃত্বত নিউজিলেণ্ডৰ বিৰুদ্ধে উজ্জীৱিত প্ৰদৰ্শন আগবঢ়াবলৈ সক্ষম হৈছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular